মইও বিচাৰোঁ আনৰ দৰে সুখী হ'বলৈ ,
জীৱনৰ প্ৰতিটো পল উপভোগ কৰিবলৈ ,
এটি সৰু পঁজা সাজিবলৈ ,
মমতাপূৰ্ণ হোৱাকৈ ;
প্ৰেমৰ নিজৰা বোৱাই লৈ ;
অন্ধৰাছন্নৰ মাজতো পোহৰৰ বীজ সিঁচিব বিচাৰো
গঢ়িব বিচাৰো এক
উজ্বল জীৱন ;
উজ্বল জ্যোতি !
কিন্তু ,
সকলো আজি উদাসহীন,উদং ;
ভয় নামৰ নদীখনে যেন সকলো বোৱাই নিলে
কাঢ়ি নিলে অনুভূতিৰ মধুৰতা
জীৱনৰ উদ্দীপনা !
দি থৈ গ'ল মাথোঁ
এটি লক্ষ্যহীন যাত্ৰা
✍️স্বাতী জয়ছোৱাল
নাহৰকটীয়া, ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ