আভিজাত্য

©Admin
0
                   
    বিষাদ এটায়ে হেঁচা মাৰি ধৰিলে ৰণিক, তাইৰ আভিজাত্যক যেন ৰথীন দাইটীয়ে  বিদ্ৰূপেৰেহে হাঁহি মাৰিলে । তাইৰ  লাস-বিলাসৰ জীৱন যাৰ বাবে পাইছিল সেই ৰথীন দাইটিকে জানো তাই  অৱহেলা নকৰিলে নে ! 
        তেজৰ সম্পৰ্কীয় নোহোৱাটো ঘাটমাউৰা 
 দুই ভাই-ভণীয়েককে প্ৰতি-পালন কৰি পঢ়ুৱাই- শুনাই আজিৰ জীৱন  দিয়া নাই নে ! কিন্তু সিহঁতে  ৰথীন দাইটিক কি দিলে ,মাথো এবাৰ সিহঁতৰ সংসাৰবোৰ চাব বিচাৰিছিল ,এবাৰ -সিহঁতৰ ল'ৰা-ছোৱালীক চাব বিচাৰিছিল কিন্তু ৰণিহঁতে গাঁৱলীয়া অশিক্ষিত ৰথীন দাইটিক নিজৰ আভিজাত্যৰ সৈতে নিমিলে বাবেই নানান অজুহাত দেখুৱাই অহাৰ পৰা দূৰৈত ৰাখিছিল । পিছলৈ ৰথীন দাইটিৰ ফোন আহিলে ৰণিয়ে বিৰক্তহে অনুভৱ কৰিছিল ।
                  কিন্তু আজিৰ  ফ'ন ক'লটোৱে যেন তাইক আভিজাত্যৰ উচ্চ শিখৰৰ পৰা ধুপুচকৈ মাটিৰ পৃথিৱীখনত নমাই দিলে । ৰথীন দাইটিয়ে ভেঙুচালিহে কৰি গুচি গ'ল অহা বাটেৰে দুই ভাই-ভণীয়েককে নভবাকৈ অজস্ৰ সম্পত্তিৰ  দলিল খন পঠায়।

🖋️হীৰামনি শৰ্মা উপমন্যু
গুৱাহাটী,বেলতলা ।
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)