ৰক্তিম সময়ৰ যজ্ঞ ঘোঁৰা
শক্তি অপূৰ্ব
নিযুত যুগৰ শিঙাল ক্ৰোধ
শব্দৰ জুহালত দৌৰিছিলা ফাটি ছিঙি গৈছিল
বিছিন্ন হৈ পৰিছিল দুয়োকাষ
মানুহ বোৰে বলিয়া হৈছিল
কঁহুৱাবোৰ উদ্যম নৃত্যত মগ্ন
অকণ্ঠ প্ৰাণ গানৰ সুৰ
স্পন্দত হোৱা হৃদপিণ্ড দুৰু দুৰু
যেন বৰ কাঁহৰ তাল ,
বিস্ফোৰিত হব যেন কিবা এটা
সিঁচৰিত হৈ যাব ছন্দ বোৰ
দুচকুত ফুটি উঠিব কল্পনাৰ এখন নাটক
মনটো উদ্বেগ হব
সিৰাই সিৰাই প্ৰবাহিত হব ৰক্ত
চকুত ভাঁহি উঠিব বিস্ময়কৰ দৃশ্য
আনন্দত মুখৰিত হব নৈ খন।
📝দীপজ্যোতি বৰদলৈ
মৰিগাঁও(অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ