কিমান যে পাং
এন্ধাৰৰ চোলা পিন্ধি
ডিঙিত খৰাহী লৈ
হাতত সাৰে
ভৰিত সাৰে ওলাই
হাঁহপত্নীক মাংসৰ দাবী
বহু পাবলৈ বাকী
যিমান ধৰে খৰাহীত |
অলপ ধতুৱা হাঁহপত্নীৰ
পেক্ পেক্ চিঞৰ
ভতুৱাহঁতে পালে সাৰ
হো....হো...হো
ভয় খাই বেচেৰা শিয়াল
ৰতনপুৰ পালেগৈ
পিছলৈ ঘুৰি উত্তৰ দিলে
ক্যা...হোৱা ক্যা...হোৱা |
🖋️ হেমেন হাজৰিকা |
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ