উপমাবিহীন এটি সত্ত্বা
যোগে যোগে মই ধৰ্য্যশিলা
ত্যাগৰ এক মানৱ মূৰ্তি
মইয়েই নাৰী।
মইয়েই অৰ্ধ আকাশ।
স্বপ্ন ভগ্নৰ বিষপ্ৰাণ কৰি নিতৌ অমৰ হওঁ
সপোনৰ সিটোপাৰে আকাশ খন চুইচাও
সুখৰ লহমাত প্ৰাণধালী নাচি-বাগি
হৈ পৰো চঞ্চলা নৰ্তকী জনী।
অনামী ভাৱনাৰ সৈতে
মোৰ নাৱৰ ডিঙা মেলি দিওঁ
পাৰাপাৰহীন সাগৰত।
সাতুৰি নাদুৰি ভাগৰ পলুৱাই
মই ঘাট পাৰ হওঁ ৰুদ্ধ বাস্তৱৰ।
মই মৰি মৰি জীয়াব জানো
যেতিয়া প্ৰসৱ বেদনাত মোৰ প্ৰাণ বায়ু
উলাই যায়
যমৰ যাতনাত নিজনে বিৰ্সজন দিওঁ।
এটি সুখৰ অজুহাত কলিজাৰ টুকুৰাৰ
স্পন্দন শুনি
পূনৰ জী উঠো মোৰ সন্তানৰ জননীৰ ৰূপত।
মইয়েই অন্নপূৰ্ণা
চৰুৰ সকলো অন্ন উদং নোহোৱালৈকে
হাঁহি হাঁহি সকলো বিলাব জানো তেতিয়ালৈকে।
যেতিয়ালৈকে গৃহস্থৰ ক্ষুদ্ৰ নিবাৰণ নহয়
মোলৈ নাথাকিলেও পেট ভৰি যায়
সকলোৰে মুখত সন্তুষ্টিৰ হাঁহি দেখিলে।
মইয়েই কৈকেয়ী,মইয়েই উৰ্মিলা
ৰূপ লাৱন্যৰে যি দৰে স্বামীক পুতলা সজাব জানো
ত্যাগক ভাগ্যজৰী কৰি জীৱন জীয়াব জানো।
জয়মতী হৈ জেৰেঙাৰ জুইত পুৰিব জানো
কাৰণ জুইত সোণ পুৰিলে উজ্জ্বল হয়।
সেই উজ্জ্বলতাই মোৰ স্বামীক জিলিকাই বাৰে বাৰে।
মই সেই জুইত পুৰিব জানো।
মই দ্ৰৌপদিও হ'ব জানো
প্ৰাণৰ প্ৰিয়ক ভগাই লৈ সৰগ সজাব জানো
স্বামীৰ আকুণ্ঠ মাতৃ প্ৰেমিক
পূজাৰ বেদীত সজাব জানো।
মইয়েই কুন্তি
মিঠ্যাচাৰী হৈও সমাজত মূৰ ডাঙি চলিব জানো।
সমাজ কলংকিত হোৱাতকৈ মই মোৰ সন্তানকেই কলংকিত নকৰো কিয়?
মইয়েই সীতা,মইয়েই বেউলা
মইয়েই গান্ধাৰী,মইয়েই কৌশ্যল্যা
কিন্তু মই মেঘ হৈ গৰ্জিবও জানো ।
শিল হৈ বৰশীবও জানো
প্ৰকৃতি হৈ আশ্ৰয় দিবও জানো
সাগৰ হৈ ছুনামী আনিবও জানো
এবাৰ যদি জুখিব পাৰা
মোৰ হৃদয়ৰ গভীৰতা
সাগৰৰ তলিও চমু হ'ব তোমাৰ বাবে
কাৰণ মইয়েই নাৰী।
📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ