ড০ ভূপেন হাজৰিকা

©Admin
0
  ভূপেন হাজৰিকা দেৱৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত। পিতৃ নাম নীলকান্ত হাজৰিকা আৰু মাতৃ নাম শান্তিপ্ৰিয়া হাজৰিকা ।তেওঁ প্রাথমিক শিক্ষা তেজপুৰ হাইস্কুলত গ্ৰহণ কৰে। ১৯৪০ চনত মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হয়। আই এ পৰীক্ষা কটন কলেজৰ পৰা পাছ কৰে। ভূপেন হাজৰিকাই বেনাৰস হিন্দু বিশ্ববিদ্যালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৫২ চনত ডক্টৰেট ডিগ্ৰীৰে সন্মানিত হয়। তেখেতে সংগীত শিল্পত ১৯৫৭ চনত কলিকতাত শীৰ্ষস্থানত সন্মান লাভ কৰে। ১৯৬৭ চনত নাওবৈচাৰ বিধায়ক হিচাপে মনোনীত হয়। লগতে সেই বছৰতে ১৯৬৭ চনত শ্রেষ্ঠ সঙ্গীত পৰিচালক ৰূপে স্বীকৃতি প্ৰদান কৰে। ১৯৩৭ চনৰ পৰা ২০০৪ চনলৈকে প্রায় ১০০ টা গীতত পুঃকন্ঠদান কৰে। ৭৫ খনতকৈ সৰহ লং প্লেয়িং ৰেকৰ্ডৰ  অন্তভূৰ্ক্ত হৈছিল। বঙালী হিন্দী আৰু ভোজপুৰী কথাছবিত সঙ্গীত পৰিৱেশক আৰু বঁটাপ্রাপ্ত। ৰচনাঃ- ১৯৬৫ চনৰ পৰা ১৮ বছৰ প্ৰতিধ্বনিত প্ৰকাশ পোৱা গদ্য সংকলন মুঠ ১২টা, ১৯৫৫ চনৰ পৰা ১৯৬৫ চনলৈকে অসম সাহিত্য সভাৰ সভাপতি আছিল। ভূপেন হাজৰিকাৰ চিত্রনাট্য ছখন(৬)।আমেৰিকাত ভাৰতীয় ছাত্র সন্থাৰ দ্বাৰা প্ৰকাশিত মুখপত্র New Indiaৰ গতি, বিন্দু, আমাৰ প্ৰতিধ্বনি, প্ৰতিধ্বনি আদি তিনিমহীয়া পাঁচখন আলোচনী সম্পাদনা কৰে। ভূপেন হাজৰিকাদেৱে আন্দোলনৰ সময়ত বিভিন্ন বিপ্লৱী গীত গাই আন্দোলন কৰীসকলক উৎসাহ যোগাইছিল। 
       তেওঁৰ আত্মজীৱনী — মই এটি যাযাবৰ। 
      গীতৰ পুথি—জিলিকাব লুইতৰে পাৰ,সংগ্ৰাম লগ্নে আজি, আগলি বাঁহৰে লাহৰী গগনা, বহ্নিমান ব্ৰক্ষ্মপুত্ৰ আদি। 
       তেওঁ চলচিত্ৰ পৰিচালক আৰু সঙ্গীত পৰিচালকো আছিল।ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন সন্মান তেওঁৰ পুত্ৰ তেজ হাজৰিকাই লাভ কৰে। তেওঁ ১৯৮৭ চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। এইজন মহান ব্যক্তি ২০১১ চনৰ ৫ নবেম্বৰৰ দিনা সকলোকে কন্দুৱাই তেওঁ পৰলোকপ্ৰাপ্তি হয়। ডক্টৰ ভূপেন হাজৰিকাদেৱে যি যি কৰি গ'ল যি অৱদান আগবঢ়াই থৈ গ'ল সেয়া প্রতিজন অসমীয়া মনত ৰাখিব। 
 

  📝লোকেন্দ্র কুমাৰ দাস 
অসমীয়া বিভাগ তথা শিৱসাগৰ জিলাৰ সাহিত্য সমাজৰ সাধাৰণ সম্পাদক,
      শিৱসাগৰ অসম।
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)