সাহিত্যত কল্পবিজ্ঞানৰ সমাৱেশঃ- এক অৱলোকন

©Admin
0
                   
সাহিত্য সমাজৰ দাপোন ,মানুহক সমাজৰ সৈতে মিলাই দিয়াটো সাহিত্যৰ অন্যতম উদ্দেশ্য ।সাহিত্যই যেনেকৈ মানুহক জগতখন জুমি চাবলৈ শিকায় তেনেকৈ শিকায় জীৱনক জুখি চাবলৈ ,জীৱনক চিনিবলৈ,মানুহক বুজিবলৈ ,মানুহক ভাল পাবলৈ আৰু মানৱতাক ভাল পাবলৈ ।সাহিত্যই ঘটাব পাৰে আত্মিক সংযোগ । সাজিব পাৰে সমন্বয় আৰু সম্প্ৰীতিৰ
 সাঁকো ।                
            এতিয়া আহোঁ মূল বিষয়লৈ সাহিত্যত কল্পবিজ্ঞানৰ সমাৱেশ বুলিলে আমি প্ৰথমে জানিব লাগিব কল্পবিজ্ঞান
 কি ? কল্পবিজ্ঞান সাহিত্যৰ ভিতৰত পৰেনে  ইত্যাদি ?                           
            কল্পবিজ্ঞান হৈছে কুৰি শতিকাৰ আদি ভাগত সৃষ্টি হোৱা একশ্ৰেণীৰ সাহিত্যৰ ধাৰা । ইয়াত কাহিনীকাৰে বৈজ্ঞানিক আৱিস্কাৰ , কাৰিকৰী বিকাশ আৰু ভৱিষ্যতৰ ঘটনাপ্ৰৱাহ আৰু সামাজিক পৰিৰ্বতনে মানুহৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে তাকে বৰ্ণনা কৰে। এই শ্ৰেণীৰ সাহিত্যত বিজ্ঞানক কেন্দ্ৰ কৰি গল্প ,উপন্যাস সমূহ লিখা হয় ।ইয়াৰ ঘটনা সমূহ সম্পূৰ্ণ মানৱ আৱেদনপূৰ্ণ ,কিন্তু বিজ্ঞানখিনি এনেদৰে গঁথা থাকে যে তাক বাদ দিলে কাহিনীভাগ আগবঢ়াঁয় নিয়াত কাহিনীকাৰৰ অসম্ভৱ হৈ পৰে । কল্পবিজ্ঞান সাহিত্যৰ ধাৰাটো সমালোচক সকলে চাৰি স্তৰৰ মাজেৰে আৰম্ভণি হৈছিল বুলি কোৱা দেখা যায় ।             
         এতিয়া ক'ব পাৰিযে কুৰি শতিকাৰ আদিভাগত আৰম্ভ হোৱা কল্পবিজ্ঞান আধুনিক সাহিত্যৰ এটি ধাৰা । কল্পবিজ্ঞান কাহিনীৰ সূত্ৰ এটা দিবলৈ বহুতে চেষ্টা কৰিছিল ,কিন্তু কল্পবিজ্ঞান কাহিনীক এটা দৃঢ় সূত্ৰ দিবলৈ সক্ষম হয় হিউগো গাৰ্নছবেকৰহে । তেওঁ এই শ্ৰেণীৰ সাহিত্যক  বিজ্ঞান কাহিনী নাম দিছিল (Scientifiction )।                       
             আধুনিক কল্পবিজ্ঞানৰ প্ৰথম চিন পোৱা যায় ১৮১৮ চনত প্ৰকাশিত মেৰী শ্বেলিৰ ধ্ৰুপদী সাহিত্য ' Frankenstein' ৰ সৃষ্টিৰ জৰিয়তে ।  ইয়াৰ কাহিনীভাগ আছিল এগৰাকী বিজ্ঞানীয়ে তেওঁৰ পৰীক্ষাত ভূলবশতঃ এটা ভয়ানক  হিংস্ৰ জন্তু সৃষ্টি কৰিছিল ।তাৰ পিছত জন্তুটো পাগলহৈ কেনেকৈ মানুহৰ মাজত পয়মালৰ সৃষ্টি কৰিছিল তাৰ সুন্দৰ বৰ্ণনা । তেনেদৰে ৰবাৰ্ট লুই ষ্টিভেনছনৰ ৰচিত কল্পবিজ্ঞান মূলক গ্ৰন্থ ' Strange case of Dr. Jaekyl and Mr.Hyde (১৮৮৬) । কিন্তু  তেতিয়া সেই সমূহক কোনেও কল্পবিজ্ঞানৰ সাহিত্য বুলি ধৰি লোৱা নাছিল যদিও সেইবোৰ সম্পূৰ্ণ কল্পবিজ্ঞান কাহিনী বা ছাইন্স ফিক্‌ছনেই আছিল । ইয়াৰ পিছত ১৮৮৬ চনত প্ৰথম চুইদেনৰ পৰা প্ৰথম কল্পবিজ্ঞান পত্ৰিকা 'stla' প্ৰকাশ পায় ।কিন্তু পিছলৈ আগৰ কল্পবিজ্ঞান কাহিনী ফালৰি কাটি আহি নতুন ৰূপত নতুন সকলে সৃষ্টি কৰিবলৈ ধৰে ১৯২৬ চন মানৰ পৰাহে ।                  এইদৰে ১৯২৬ চনৰ পৰাহে পাশ্চাত্য সাহিত্যত কল্পবিজ্ঞানক  কেন্দ্ৰ কৰি বহুতো গ্ৰন্থ ৰচিত হ'বলৈ ধৰে । এই সমূহ গ্ৰন্থ হৈছে ১৯৫৬ চনত প্ৰকাশিত  এইচ .জি ওৱেলছৰ ' The Invisible Man' ইয়াৰ লগতে তেওঁৰ অন্য গ্ৰন্থ সমূহ   হ'ল   ' The War of the Wrolds ' ,  '  The time Machine ' আদি । তেনেদৰে বিখ্যাত বিজ্ঞানী জুল ভাৰ্নৰ গ্ৰন্থ 'Twenty Thousand Leagues Under The Sea ' , ' A Journey to the Centre of Earth ',            '  Captain Grant's Children ' আৰু ' Round the moon ' ইত্যাদি গ্ৰন্থ কল্পবিজ্ঞানৰ কাহিনীক কেন্দ্ৰ কৰি পাশ্চাত্য সাহিত্যত সৃষ্টি  হ'বলৈ ধৰে ।                         ভাৰতীয় সাহিত্যত কল্পবিজ্ঞানৰ সাহিত্য সেই একে কেইটা পৰ্যায়ৰ মাজেৰে সৃষ্টি হ'ব ধৰে । কুৰি শতিকাৰ আৰম্ভণিৰ পৰাই ভাৰততো কল্পবিজ্ঞান সাহিত্যৰ সৃষ্টি হয়। আৰম্ভণিৰ সময়তে কল্পবিজ্ঞান সাহিত্যই ভাৰতৰ বিভিন্ন ভাষাত ভুমুকি মাৰিব আৰম্ভ কৰিছিল । বাংলা ভাষাত জগদীশ চন্দ্ৰ বসুৱে প্ৰথম কল্পবিজ্ঞান কাহিনী লিখে  । তেওঁৰ ১৮৯৬ চনত ৰচিত প্ৰথম গ্ৰন্থ  'নিৰুদ্দেশেৰ কাহিনী , পিছলৈ 'পৰিমাৰ্জিত'  ,  আৰু পালাতক তুফান' আদি । এইদৰে মাৰাঠী ভাষাতোতসেই একে সময়তে কল্পবিজ্ঞানৰ সাহিত্যৰ কাহিনী ৰচিত হ'বলৈ লয়  । মাৰাঠী ভাষাত ৰচিত গ্ৰন্থ এফ . বি ৰাণাডেৰ ' তেৰে হাস্য ' আৰু নাথ মাধৱৰ ' ' শ্ৰী নিৱাস ৰাও ' দুয়োখন প্ৰায় একে সময়তে প্ৰকাশ পায় ।  ইয়াৰ মাজতে ভাৰতীয় ভাষাৰ প্ৰথম কল্পবিজ্ঞান পত্ৰিকা বাংলা ভাষাৰ 'আশ্চয্য' প্ৰকাশ হয় । এইদৰে ক'বলৈ গ'লে সত্তৰ দশকৰ আদি ভাগলৈ ভাৰতীয় কল্পবিজ্ঞান কাহিনীৰ সাহিত্য ৰচিত হ'বলৈ ধৰে। ভাৰতীয় সাহিত্যৰ এই কল্পবিজ্ঞানৰ কাহিনী সমূহ মুঠতে বিট্ৰিছ আৰু মাৰ্কিন লোকসকলৰ প্ৰভাৱত ৰচিত হৈছিল । কব'লৈ গ'লে ভাৰতীয় কল্পবিজ্ঞান সাহিত্যৰ ধাৰাটো মাৰাঠী ভাষাত এতিয়ালৈকে সৰ্বাধিক ৰচিত হৈছে ।  ইয়াৰ পিছতে বাংলা আৰু তামিল ভাষাত কল্পবিজ্ঞান কাহিনী ৰচিত হ'বলৈ ধৰে।              
               অসমীয়া সাহিত্যৰ পথাৰলৈও কল্পবিজ্ঞান সাহিত্যৰ ধাৰাৰ আগমন অতি পুৰণি নহয় সেই বুলি ইমান নতুনো নহয় । ১৯৩৭ চনৰ আৱাহন আলোচনীৰ ৮ ম বছৰ ৭ ম সংখ্যাত পোনপ্ৰথম হৰিপ্ৰসাদ বৰুৱাৰ 'বিৰচতীয়াৰ দেশ'  কল্পবিজ্ঞান গল্প প্ৰকাশ পায় ।১৯৩৮ চনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ 'ৰসায়ন' নামৰ আন এটা জাতীয় কাহিনী প্ৰকাশ পায় , ১৯৪৬ চনত কুমুদেশ্বৰ বৰঠাকুৰৰ ' এটম বোমা' নামৰ এখন কল্পবিজ্ঞানভিক্তিক কাহিনীৰ সৰু পুথি প্ৰকাশ পায় ।                                   যোৱা চাৰিটা দশকত অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ কাহিনী ৰচনাৰ অগ্ৰগতি চকুত পৰে ।এই সময়ত বহুতো গল্প ,   উপন্যাস আৰু নাটকত কল্পবিজ্ঞানৰ কাহিনীয়ে অসমীয়া সাহিত্যৰ পথাৰ শুৱনি কৰে।            
             চালে দেখা যায় শতিকাৰ সত্তৰ দশকৰ পৰাহে অসমীয়া সাহিত্যত কল্পবিজ্ঞান কাহিনীয়ে পুলি-পোখা মেলিবলৈ লৈছিল ।১৯৬৩ চনত 'আমাৰ প্ৰতিনিধি' নামৰ জনপ্ৰিয় আলোচনীখনত 'চন ২৪৬৬ ,এক এপ্ৰিল' নামৰ এটা কল্পবিজ্ঞান কাহিনীৰ চুটিগল্প প্ৰকাশ পায় ,ইয়াৰ ৰচক আছিল প্ৰসিদ্ধ বিজ্ঞান লেখক ,কাহিনীকাৰ বিজয়কৃষ্ণ দেৱশৰ্মা । ইয়াৰ ওপৰিও তেওঁৰ 'চন্দ্ৰলোকত প্ৰথম মানুহ' (১৯৬৯) , 'তুলসীৰ তলে মৃগপহু চৰে' নামৰ এখন সামাজিক উপন্যাস আৰু এখন শিশু উপান্যাস প্ৰকাশ পায়। তদুপৰি তেওঁৰ  ' ৰ্সূয্যৰ সোণালী আপেল'(১৯৭৬) আৰু 'বিজ্ঞানভিক্তিক গল্পগুচ্ছ'(১৯৯১) নামৰ দুখন গ্ৰন্থ প্ৰকাশ পায়।     
           ইয়াৰ পিছতে অসমীয়া সাহিত্য পথাৰলৈ কল্পবিজ্ঞান কাহিনীৰ আজিলৈকে যি অৰিহণা আগবঢ়াইছে তাৰ লেখত লব'লগীয়া সাহিত্যিক গৰাকী হ'ল  ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম বিজ্ঞান লেখক ড° দীনেশ চন্দ্ৰ গোস্বামী । স্বনামধন্য বিজ্ঞান লেখক ড° গোস্বামীয়ে চাৰিটা দশকত নিৰবিচ্ছিন্নভাৱে চুটিগল্প ,উপন্যাস আৰু অনাতাঁৰ নাটক লিখি গৈছে ইয়াৰ মাজেদি তেওঁ কল্পবিজ্ঞান কাহিনী সৃষ্টি কৰি গৈছে। ১৯৭০ চনৰ দৈনিক অসমৰ পূজা সংখ্যাত তেওঁৰ প্ৰথম 'কঁকাল' নামৰ কল্পবিজ্ঞান কাহিনী প্ৰকাশিত হৈছিল ।ইয়াৰ ওপৰিও বিভিন্ন কাকত আলোচনীত প্ৰকাশ হোৱা গল্প সমূহৰ পৰা নিৰ্বাচন কৰি তেওঁ ছয়খন গল্প সংকলন প্ৰকাশ কৰি উলিয়াছে। সেইসমূহৰ ভিতৰত ভদ্ৰতামাপক(১৯৮৫), প'ৰ্টেবল স্মেল এব্‌জৰ্বাৰ (১৯৮৬), এক তৰংগৰ দৰে(১৯৯৫),অভিন্ন হৃদয় (২০০৪),কল্পজগত(২০০৪)আৰু স্বনিৰ্বাচিত গল্প (২০০৫)  । এতিয়ালৈকে তেওঁৰ বহুকেইখন কল্পবিজ্ঞান উপন্যাসো প্ৰকাশ পাইছে ।সেই সমূহ -- এজাক জোনাকীৰ জিলিকনি(১৯৯২), শব্দ,নিৰন্তৰ শব্দ(১৯৯২),উষ্ম প্ৰৱাহ(১৯৯৩),অতিবিশিষ্ট সমাজ(২০০৪)অাৰু আত্মজীৱনীৰ প্ৰয়াস(২০০৬) । তেনেদৰে ৰুছ কাহিনীৰ আলম লৈ তেখেতে 'ট্ৰাইটনৰ অভিযান'(১৯৯১) নামৰ এখন শিশুৰ উপযোগী পুথিও ৰচনা কৰে।                                             
             এইদৰে কবি নৱকান্ত বৰুৱাও 'অপদাৰ্থ' নামৰ কল্পবিজ্ঞান উপন্যাস ৰচনা কৰে।                     অমূল্য হাজৰিকা আন এগৰাকী কল্পকাহিনীৰ ৰচক তেওঁৰ বহুকেইটা কল্পবিজ্ঞান গল্প প্ৰকাশ পাইছে । 'আক্ৰমন' (১৯৮৩)আৰু 'সন্ধান'(১৯৯২) তেখেতৰ দুখন কলবিজ্ঞান উপন্যাস।                                     ইয়াৰ উপৰিও বিজ্ঞান লেখক শান্তনু তামুলীয়ে ভালেমান কল্পবিজ্ঞান গল্প ৰচনা কৰিছে। ১৯৯৮ চনত তেখতৰ 'মায়ামৃগ' নামৰ গল্পসংকলন আৰু 'প্ৰাচীৰ '(১৯৯৪) নামৰ এখন কল্পবিজ্ঞান উপন্যাস প্ৰকাশ পায়।                      
             অসমীয়া সাহিত্যলৈ কল্পবিজ্ঞান কাহিনীৰ অৱদান আগবঢ়োৱা এগৰাকী মহিলা লেখিকা হ'ল বন্দিতা ফুকন ।তেওঁৰ ভালেমান কল্পকাহিনী বাতৰি-কাকত ,আলোচনীত প্ৰকাশ পাইছে ।তেওঁৰ গ্ৰন্থ সমূহ 'দ্বিতীয় ব্যক্তি'(১৯৯১), 'তেওঁ কেনে আছে'(১৯৯৬)আৰু 'আপেক্ষিকতাবাদ তেওঁৰ বাবেই '(২০০৭) উপন্যাস।তেওঁৰ এটা বাংলা অনুবাদৰ সংকলনো প্ৰকাশ পাইছে যিটোৰ নাম 'আট ৰহস্য'।                                          
             এইদৰে অসমীয়া ভাষা সাহিত্যলৈ বহুকেইজন লেখকে কল্পবিজ্ঞান কাহিনীৰ  অৱদান আগবঢ়াই গৈছে। সেই সমূহৰ ভিতৰত ৰবীন্দ্ৰনাথ গোস্বামী, মানৱেন্দ্ৰ কুমাৰ বৰুৱা , চাকিল জামাল ,ৰাজীৱ প্ৰসাদ শইকীয়া,ড° মিহিৰ কুমাৰ গোস্বামী, ক্ষীৰধৰ বৰুৱা, ড° ৰমেশ চন্দ্ৰ গোস্বামী , অজন্তা দাস , ড° শ্যামপ্ৰসাদ শৰ্মা , ড° জিয়াউদ্দিন আহমেদ, ড° অমৰজ্যোতি চৌধুৰী , ড°শিৱনাথ  বৰ্মন আদিয়ে  কল্পবিজ্ঞান কাহিনীৰ আলমত বহুকেইখন গল্প ,উপন্যাস ,নাটক ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ পথাৰখনলৈ বহুতো আগবঢ়াই গৈছে।                                           
            আলোচনাৰ শেষত ক'ব পাৰিযে বহুতো পাঠক আৰু সমালোচকে কল্পবিজ্ঞান সাহিত্যক সাহিত্যৰ শ্ৰেণীত বহাবলৈ টান পায় ।তেওঁলোকৰ কল্পবিজ্ঞানৰ মৰ্যাদা সম্পকে ধাৰণা ধূসৰ । যিয়ে নহঁওক সাম্প্ৰতিক কালত বিশ্বৰ বিভিন্ন ঠাইত বিজ্ঞানৰ নানা বিষয়ত পৰীক্ষা-নিৰীক্ষা চলি আছে ।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আজি উন্নতিৰ জখলাত বহু দূৰ আগবাঢ়ি গৈছে । ভৱিষ্যতত আমাৰ সমাজত কেনে পৰিৰ্বৰ্তন সূচনা কৰিব তাৰ আভাস আমি কল্পবিজ্ঞান সাহিত্যৰ জৰিয়তে পাব পাৰোঁ । সেয়ে বিজ্ঞানভিক্তিক এনে কল্পকাহিনীৰ সাহিত্যই আমাৰ সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ আতঁৰ কৰাত অৰিহণা যোগাই তাৰ বাবে আমি আৰু কল্পকাহিনীৰ বহুতো দিশ অধ্যয়ন কৰাটো প্ৰয়োজন ।                                                                                   
📝ৰিংকী মণি নাথ , 
প্ৰবক্তা , অসমীয়া বিভাগ , ইউ .এন ব্ৰহ্ম মহাবিদ্যালয় (চিৰাং) , বঙাইগাওঁ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)