আলোড়িত স্পন্দন

©Admin
0
সুউচ্চ শৈল শিখৰৰ
অইল পেইণ্টিং তোমাৰ নিচা

তুমিতো জানাই
নিচাত অভ্যস্ত হলে
কি ক্ষতি হয় !

তাতোকৈ তুমি
এখনি স্পন্দিত হৃদয়ৰ
চিত্ৰ আঁকি চাবাচোন !

অথবা এখন ভগা পঁজা 
নাইবা এখন বিচিত্ৰ
ফুলৰ বাগিছা !

এজাক ৰেশমী
মলয়া বতাহে
তোমাৰ ত্বক
ৰোমহৰ্ষিত কৰিব 
আৰু দি যাব নতুনত্বৰ
আলোড়িত স্পন্দন ।

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)