PUBG ৰ খাতিৰত ভায়ে ভায়েকৰ হত্যা কৰি পেলালে PUBG ( খণ্ড ০৭ )

©Admin
0

 

এই ঘটনা ঘটিছিল মহাৰাষ্ট্ৰৰ থানেত ৷

১৫ বছৰীয়া ভায়েকে ডাঙৰ ভায়েকক কেঁচিৰে কাটি হত্যা কৰি দিলে ৷ মাথো PUBG গেমৰ কাৰণে ৷ কথাটো আপোনাৰ চাগৈ বিশ্বাস হোৱা নাই ৷ এটা গেমৰ কাৰণে ভায়ে ভায়েকৰ নিৰ্মম ভাৱে হত্যা কৰিব পাৰে জানো ? কিন্তু এইয়া সত্য কথা ৷ যোৱা খণ্ডকেইটাত ইতিমধ্যে আপুনি গম পাইছে যে PUBG ৰ কাৰণবহত কি কি দুৰ্ঘটনা সংঘটিত হৈছিল ৷ কোনোবাই পানী বুলি এচিডকে খাই দিছিল ৷ কোনোবাই আত্মহত্যা কৰিছিল তো কোনোবাই ৰেল দুৰ্ঘটনাত যমপুৰীলৈ গৈছিল ৷ 

এতিয়া আগলৈ পঢ়ক 

ডাঙৰ ভায়েকে সৰু ভায়েকক PUBG খেলাত বাধা দিয়াত PUBG বলিয়া সৰু ভায়েক ডাঙৰ ভায়েকক পশুৰ দৰে কেঁচিৰে খুচি খুচি নিৰ্দয়ভাৱে মাৰি পেলাই ৷

এনে ধৰণৰ অগণন ঘটনা সংঘটিত হৈছে একমাত্ৰ মানৱ শত্ৰু PUBG গেমৰ ফলত ৷

গতিকে এই আলোচনাৰ পৰা সম্পূৰ্ণভাৱে বুজা গ'ল যে PUBG এক মাৰাত্মক ভাইৰাছ যি হয়তো কৰ’ণাতকৈও বেছি মাৰাত্মক যি নবপ্ৰজন্মক ধবংসৰ পথত লৈ যাবলৈ ধৰিছিল ৷ যদিহে ভাৰত চৰকাৰে সময়ত এই গেমক বেণ্ড নকৰিলেহেঁতেন তেনেহ’লে ভাৰতীয় নবীন ভৱিষ্যত অন্ধকাৰময় হ'লহেঁতেন ৷ 


PUBG গেম বন্ধ হোৱাৰ পাছত Free fire নামৰ গেম এটা নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰিছে ৷ Free fire গেমটোৱে নৱপ্ৰজন্মৰ প্ৰতি কেনে ভাবুকি আনিছে আৰু লাভ নে লোকচান কৰিছে এই বিষয়ে অহা সোমবাৰে আলোচনা কৰিম ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)