জীৱনৰ একাবেকা বাট।
আউসীৰ এন্ধাৰ ফালি...
স্বপ্নৰ আকাশ পোহৰাই,
জীৱনে কানে কান কৈ যায়...
হব এটি সোণালী প্ৰভাত ।
পোৱা নোপোৱাৰ সংগ্ৰামত,
যদিও হওঁ আমি ভাগৰুৱা....
ভালপাই ৰওঁ জীৱনক এনেকৈ
যেন আমি কোনো প্ৰেমিক বাটৰুৱা ।
বিষাদ বোৰক বুকুত সাবতি,
আশাৰ পোহৰেৰে অনুভূতিক আদৰি
জীৱনৰ বাবে গাও সুমধুৰ সংগীত
লিখি যাওঁ অগণন কবিতা ।
📝অসীমা ভূঞা
(জিলা- বৰপেটা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ