হৃদয় যদি বেদনা হয়
মায়া মানেতো যাতনা
মই কিয় যে বিচাৰিছো
দুখৰ সাগৰত তোমাৰ বতৰা ।
সন্ধিয়াৰ এন্ধাৰে মনে মনে মোক ক'লে
কিয় আৱেগেৰে মৰম যাঁচিব লাগে
পাহৰি যোৱা আগৰ স্মৃতিবোৰ
হৃদয়ৰ পছোঁৱাজাক ধুমুহা
ধুমুহা হৈ মোৰ কাষলে আহিছিল ।
কিয় বুজিব নোৱাৰিলা আশাৰ প্ৰতিশ্ৰুতিবোৰ
বুকুভৰা মৰমবোৰ অচিনাকী হ'ল
মই যেন নিবিড় নীৰৱ নিশাৰ
এন্ধাৰত নোহোৱা হৈ গ'লো ।
মনৰ পদূলিত নিতৌ গধূলি কি হয় জানা
মই তোমাৰ সুৰভি পাওঁ
তোমাৰ সুবাস পাওঁ
জীৱনৰ যাতনা পাহঁৰিয়ে যাওঁ
আনৰ কটুকথাও শুনিব পাৰো ।
কিন্তু মই যে তোমাৰ বেদনা সহিব নোৱাৰো
হিয়া ক'লা পৰি যায় ও
সচাঁকে হৃদয় বেদনা আৰু
প্ৰেম মানে যাতনা
তথাপি তোমাক বিচাৰো
দুখৰ সাগৰত, নীলা আকাশত ।
✒️পৰিষ্মিতা তালুকদাৰ
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ