দিঠক হৈ ফুলি উঠাৰ;
দিঠকে জোনাক সাৱটাৰ
সপোন দেখিছিল।।
সপোনে লুকা-ভাকু খেলিব খুজিছিল,
এমুঠি ডাৱৰৰ স'তে;
ডাৱৰে চুমিব খুজিছিল,
মুক্ত আকাশ।।
আকাশে প্ৰতিশ্ৰুতি দিছিল,
ৰিম্-ঝিম্ বৰষুণজাকক;
বৰষুণে চুব বিচাৰিছিল
তোমাৰ বিশাল হৃদয়।।
তোমাৰ হৃদয়ে উচুপিছিল,
হেৰুওৱাৰ বেদনাত;
বেদনাই খিলখিলাই হাঁহিছিল তোমাৰ অনুভূতিক।।
তোমাৰ অনুভূতিত বিলীন হৈছিল,
তোমাৰ অতীত;
অতীতে সোঁৱৰাইছিল
সোঁৱৰণিৰ স্মৃতি।।
স্মৃতিত আছিল তোমাৰ প্ৰেম,
প্ৰেম আছিল তোমাৰ বাস্তৱ,
বাস্তৱত প্ৰেম নাই,
প্ৰেমত আছে মাথোঁ অতীত আৰু স্মৃতি।।
🖊️ প্ৰজ্ঞা দেৱী ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ