ৰাতিপুৱা মিঃ ৰাজু আৰু তেওঁৰ পত্নী পুত্ৰ তিনিও তৈয়াৰ হৈ নিতু অহালৈ বাট চাই আছে ৷
মিঃ ৰাজুৱে পত্নীক উদ্দেশ্যি ক’লে
" তই নিতুক ভালকৈ বুজাই কৈছিলি নে? "
তেওঁৰ পত্নীয়ে ক’লে
" হয় তো আপুনি কোৱাৰ দৰেই বুজাই থৈ আহিছো "
মিঃ ৰাজু কিছুপৰ ৰৈ আকৌ ক’লে
" তেনেহ’লে এতিয়ালৈকে আহি পাবহি লাগিছিল কি বা হ’ল নে বাপেকে আহিবলৈ দিয়া নাই "
পত্নীয়েকে মিঃ ৰাজুৰ কথাটো হয়ভৰ দি ক’লে
" হ'বও পাৰে বাপেক হিটলাৰ নহয় জানো "
এনেতে দিবাকৰে ক’লে
" দেউতা সৌৱা নিতু বাই আহি আছে "
মিঃ ৰাজু আৰু তেওঁৰ পত্নীয়ে দিবাকৰে ইংগিত দিয়া ফালে চালে ৷ নিতুক অহা দেখি দুয়োৰে মন প্ৰফুল্লিত হৈ উঠিল ৷
নিতু ফোঁপাইজোপাই আহি পালেহি ৷
মিঃ ৰাজুৱে নিতুক পানীৰ বটলটো আগবঢ়াই দি ক’লে
" বৰ Late কৰি দিলা যে বাপেকে আহিবলৈ দিয়া নাছিল নেকি ? "
নিতুৱে বটলটোৰ হাফৰ খুলি অলপ পানী পি দীঘলীয়া উশাহ টানি ক’লে
" নাই নাই মই কলেজলৈ যাওঁ বুলি কৈহে ওলাই আহিছোঁ নহ’লে ঘৰৰপৰা ওলাবলৈকে নোৱাৰি ঘাটে ঘাটে চি আই ডি লগাই থৈছে "
দিবাকৰৰ মাকে উচপ খাই ক’লে
" তুমি আমাৰ ওচৰলৈ অহাটো কোনোবাই দেখিলে নেকি আকৌ "
নিতুৱে ক’লে
" নাই নাই কোনোৱে দেখা নাই সিহঁতৰ দৃষ্টিৰ পৰা মই নিজকে লুকাই সাবধানেৰে আহিছোঁ "
মিঃ ৰাজুৱে সকলোকে যাবলৈ নিৰ্দেশ দি ক’লে
" নহ’লে নিতুৰ মদাহী বাপেক আহি পালে সকলো প্লানিং গুড় মাটি হৈ যাব "
চাৰিও চাহনিৰ মাজেৰে কাৰো দৃষ্টিত নপৰাকৈ যাবলৈ ধৰিলে ৷
মিঃ ৰাজুৱে ক’লে
" আৰু হাইৱেলৈ বেছি দুৰ নাই সৌ টাৰ্ণিঙটোত ঘূৰি দি কেঁচা ৰাস্তাই দি আমি চিধাই তিনি আলিত ওলামগৈ অলপ বেগেৰে বলা "
ঠিক টাৰ্ণিং ঘূৰি কেচাঁ ৰাস্তাত ওলোৱা মাত্ৰকেই সিহঁতৰ সন্মুখত দেখি পালে নিতুৰ বাপেক আৰু চাৰিপাঁচজন দা কটাৰীধাৰী পালি পহৰীয়া গুণ্ডা ৷
নিতুৰ বাপেক মদ খাই ভালকৈ থিয়ই হ'ব পৰা নাই এজনে হাতত ধৰি থৈছে । এটা মিচিকিয়া হাঁহি মাৰি ক’লে
" মৰ বেটীকে ভাগাই লেই জাছি ঐ চামাৰ ছকড়া সংগে চাদি কৰাতেলে ৷ তদেৰ এতনা সাহস এই বিৰবলকে চিনেক পাই না ৷ আজি চিনা
পাই যাবি "
এইবুলি কৈ ক্ষণতেক ৰৈ আকৌ দিবাকৰলৈ চাই ক’লে
" কিৰে ৰাজু তুই হামাদেৰ বাগানেৰ গণ্য মান্য আৰু জ্ঞানী মানুষ ৷ আৰ তুয়ে তৰ বেটাকে ভাল জ্ঞান দিছি ৷ এতনা কম বয়সে শিকাছি ছকড়ী ভাগাই লেগতেলে তুই কি ৰকম বাপ ৰে যে বেটাটাকে বেয়া জ্ঞান দিছি সেইটাও মৰ আগু দিগে না না এইটা হবেক না মই তৰ বেটাকে বেয়া জ্ঞান গ্ৰহণ কৰতেলে নাই দিব ৷ আজি তৰ বেটাকে মই শিকাই দিব যে পৰ ঘৰেৰ বেটী বহিন কে ভাগাই লেগলে কি শাস্তি পাই "
মিঃ ৰাজুৱে নিতুৰ বাপেকলৈ তীক্ষ্ণ দৃষ্টিৰে চাই ক’লে
" মৰ বেটাকে মই কি জ্ঞান দিছি এইটা পিছেৰ কথা পহিলা নিজেকে একবাৰ দেখ বেটীকে মদেৰ খাতিৰ মাৰপিট আৰু দুৰ্ব্যৱহাৰ কৰা মানুষ টা আজি ভাল বেয়া জ্ঞানেৰ কথা বলছে ৷ আৰ মৰ বেটাকে তুই জ্ঞান দিবি কিছু তো লাজ চৰম কৰ ৰে মদাহী পহিলা নিজেকে ভালকে খড়া তো কৰলে "
গিৰিয়েকৰ কথাখিনি হয়ভৰ দি পত্নীয়েকে ক’লে
" আপুনি ঠিকেই কৈছে এই জল্লাদ মানুহজন বাপেক হোৱাৰ যোগ্যই নহয় "
নিতুৰ বাপেকে খিলখিলাই হাঁহি মাৰি ক’লে
" বাঃ বাঃ কাৱা গাই কুলিৰ মতন গান ৷ বাগানীয়া বলেলা আসামীয়া শুন আজি মাঠাটা খুবেই ভাল সেই খাতিৰে ছাড়ে দিছি কিন্তু মনি ৰাখবি ঘুৰাই যদি এই ভুল কৰবি তবে জানেলিবি মৰোসে বেয়া আৰ কেও নাই ৷ কিছুপৰ ৰৈ নিতুলৈ চাই ক’লে
" মৰে বেটী মকেই গাদ্দাৰি চল তকে ঘৰে দেখে লিব "
নিতুৰ বাপেকে নিতুৰ হাত ধৰি টানি লৈ যাবলৈ লওঁতে মিঃ ৰাজুৱে নিতুৰ হাতখন এৰাই হাতত ধৰি নিজৰ পাছফালে টানি ক’লে
" এই ৰাজু জিন্দা থাকালেইকে নিতুকে লেই যাতে নাই দিব "
নিতুৰ বাপেকে ক’লে
" ঠিক আছে তবে তকে মৰাইকে লেই যাব
হবেক "
মিঃ ৰাজুৱে ক’লে
মৰদেৰ বাচ্চা লাগি যদি হাত লাগাই দেখা তাৰ পিছে দেখবি "
নিতুৰ বাপেকে গুণ্ডাকেইজনলৈ চাই ক’লে
" কি ৰে তদেৰ চব মৰদেৰ বাচ্চা হেকি নাই ? "
তাৰে গুণ্ডা এজনে খঙেৰে ক’লে
" কেলে তুই হামাদেৰ কে কি দেখা পাইহি "
নিতুৰ বাপেকে ক’লে
" তবে কি দেখে আছি মাৰ এই মৰদেৰ বাচ্চা কে "
গুণ্ডা কেইজনে মিঃ ৰাজুৰ ওপৰত প্ৰহাৰ কৰিলে মিঃ ৰাজুৱও সিহঁতৰ প্ৰহাৰৰ উত্তৰ দিলে ৷ এনেদৰে মাৰপিট চলি থাকোতে নিতুৰ বাপেকে পাছফালৰ পৰা মিঃ ৰাজুৰ পিঠিত চুৰি সোমাই দি ক’লে
" বড় হিৰ’গিৰি দেখাই আছিল এখন চুপচাপ হা হা হা "
লগেলগে মিঃ ৰাজু তেজাতেজ হৈ মাটিত বাগৰি পৰিল পত্নীয়েক আৰু পুত্ৰই চিঞৰি গৈ মিঃ ৰাজুক সাবটি ধৰি কান্দিবলৈ ধৰিলে নিতু মিঃ ৰাজুৰ ওচৰলৈ যাওঁতে বাপেকে তাইৰ হাতত কটকটীয়াকৈ ধৰি থলে ৷
" মিঃ ৰাজুৱে ক’লে তহঁত সোনকালে ইয়াৰ পৰা পলাই গৈ সত্যমক খবৰ দিয়াগৈ " পত্নীয়েকে ক’লে
" নাই আপোনাক এই অৱস্থাত এৰি থৈ নাযাওঁ "
মিঃ ৰাজুৱে কেকাই কেকাই ক’লে
" মোৰ শপত তঁহত যা সোনকালে যা নহ’লে ইহঁতে তহঁতকো মাৰি পেলাব যা বুলি কৈছো নহয় যা "
গিৰিয়েকৰ শপতত বাধ্য হৈ দিবাকৰৰ হাতত ধৰি পলাবলৈ ধৰিলে "
গুণ্ডাকেইটাই নিতুৰ বাপেকৰ মুখলৈ টো টোকৈ চাই থকা দেখি ক’লে
"ঐ মুৰ্খহঁত মকে কি টুকুৰ টুকুৰ দেখে আছি যা ধৰ অদেৰ কে নহ’লে পুলিচ গম পাইলে হামদেৰ চবকে ফাঁচীকাঠে লটকাই দিবে "
গুণ্ডাকেইটা সিহঁতৰ পাছে পাছে চোঁচা মাৰি গ’ল ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ