দুখ (অণুগল্প)

বিপ্লৱে অফিচৰ ফাইলবোৰ চাই চাই ভাগৰি পৰিছে সি অলপ সময়  ফাইলবোৰৰ পৰা আঁতৰি ভাবিব ধৰিলে কিছুদিন আগতে সি এঠাইৰ পৰা এঠাইত চাকৰি এটাৰ বাবে ঘূৰি ফুৰিছিল , তাৰ লগতে তাৰ মাকেওঁ  চিনাকি কিছু মানক যিমান পাৰে নিজৰ ল'ৰাটোৰ কিবা এটা হওঁক বুলি কাম বিচাৰি ফুৰিছিল,দেউতাক ঢুকোৱাৰ পিছত মাকে আনৰ ঘৰে ঘৰে কাম কৰি তাক পঢ়াই -শুনাই  ডাঙৰ কৰিলে, এদিন বাপেক নোহোৱা ঘৰখনত পুতেকৰ চাকৰি হ'লে চলিবলৈসুবিধা হব,  এদিন দুদিন পিছত পুতেকক বিয়া পাতি ঘৰলৈ বোৱাৰী আনিব , মাকৰ  কিমান যে  সপোন আছিল।মৰাৰ আগতে এইকনসুখ পুতেকৰ চাই যাব । আজি সি এটা নামী কোম্পানীৰ মেনেজাৰ, ভাল কাম , দৰমহাওঁ ভালে । বিল্পৱে মাকে আশা কৰা মতেই ঘৰখন চলাইছে সি বিয়াও পাতিলে । কিন্তু , মাকে চাব বিচৰা সুখকন আজি চাব নাপালে     তাৰ  চাকৰিৰ খবৰ আহিল , খবৰতো পাই সুখী হ'ল  কিন্তু, তাতকৈ বেছি সুখী হব লগা মাকজনীক বিপ্লৱে চাকৰি পোৱাৰ আগতেই হেৰুৱাব লগা হ'ল । 
                
            
             🖋️জিন্তী মণি নাথ 
                 বঙাইগাওঁ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send