সৌৱা চোৱাঁ
কংক্ৰিটৰ চৌপাষে আজি
জীৱন আৰু মৃত্যুৰ মহাৰণ....
বিষন্নতাৰ কুঁৱলিৰ ঘন আৱৰন
বিষাক্ত বেদনাত শুই পৰিছে
যাতনাত দগ্ধ পৃথিবী
বিষাদৰ ধুমুহাত বৰষে
প্ৰোথিত বাৰিষাৰ তমসাৰ বৰষুন
অক্লান্ত শ্ৰমৰ ভাগৰতো
মৰহে মনৰ সেউজীয়া সপোন
জঁয় পৰে পদুলিৰ
গধুলি গোপাল
গতিশীল সময়ৰ সোঁতত
সুখ আৰু প্ৰশান্তিৰ হ'ব ধৰে নিলাম
হায় !
বিপন্ন আজি দুৰ্লভ জীৱন ।।
📝অনিল চন্দ্র বনিয়া
শ্বিলং, মেঘালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ