কবিতাৰ স্তৱক

  

           ( ১)

কাকো ন'কবা তুমি
নাহৰ ফুলা ৰাতি
সংগোপনে আহিম মই
এই বাটেদি
কলমত চিয়াঁহী আৰু শব্দৰ কৰাঁল ভাঙি
তোমাৰ শিৰলুত সিঁচি দিম
এজাক ফাকুগুৰি ।

                (২)

দৌৰি থাকোতে বতাহজাকে ক'লে
বসন্ত পখীৰ বুকুতো বোলে
বহুত গান আছে ।

📝দৃষ্টিৰূপা বৰদলৈ
বোকাখাত
(গোলাঘাট)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send