কাঞ্চনজংঘাৰ জ্যামিতি

©Admin
0

গালে-মুখে আবিৰ সানি
ফাগুনী পূৰ্ণিমাৰ জোনজনী
এতিয়া 
আপোন ঘৰখনত

পিছে কাঞ্চনজংঘাৰ কচাই শালত
এতিয়া তাইৰ অনুভৱহীন বন্দীত্ব
উত্তৰহীন উত্তৰ পিতৃ 
শিল পৰা কপৌ
জোলোঙাত আশীৰ্বাদৰ
তৰা পিঠা ।

কাঞ্চনজংঘাৰ জ্যামিতি ভেদি
হালধীয়া ৰংবোৰ
হয়তো সুদূৰ পৰাহত !

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)