জুবিন গাৰ্গ আৰু শেহতীয়া বিতৰ্ক

©Admin
0
জুবিন আৰু বিতৰ্ক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।যিমানে জনপ্ৰিয় সিমানে বিতৰ্কৰ লগতো এৰাব নোৱৰা সম্পৰ্ক।তেওঁৰ বদমেজাজী স্বভাৱটোও ইয়াৰ বাবে দায়ী।কিন্তু এটা কথা ঠিক তেওঁ পেটত যি মুখতো সেই একেই।খোলাখুলিকৈ মুখৰ আগতে কৈ দিব পাৰে।তেওঁৰ সকলোবোৰ ধৰণ-কৰণ আমাৰ বাবে সহ্য কৰা কঠিন হ'লেও আমি তেওঁক অস্বীকাৰ কৰিব নোৱাৰোঁ‌।তেওঁৰ অসমীয়া জাতিটোলৈ অৱদান চিৰযুগমীয়া হৈ ৰ'ব।মৃতপ্ৰায় বোলছবি জগতৰ সংগীতক ন-মাত্ৰা দি উদ্ধাৰ কৰিছিল।জনপ্ৰিয়তাৰ দিশেৰে সুধাকণ্ঠৰ পিছতেই তেওঁৰ স্থান বুলি ক'লেও নিশ্চয় অত্যুক্তি কৰা নহ'ব।অসমত থাকি অসমৰ হৈ কাম কৰা মানসিকতাৰ বাবেই তেওঁ বলীউডত খোপনি পোতাৰ সুন্দৰ সুযোগ বা জনপ্ৰিয়তা লাভ কৰাৰ পাছতো 'বলীউডত সকলো চোৰ' বুলি মন্তব্য কৰি উভতি আহিছিল।অকল সংগীত ক্ষেত্ৰলৈ অৱদানেই নহয় অসমৰ বিভিন্ন সমস্যাৰ সময়তো তেওঁ ওলাই আহিছে।বানপানীৰ সময়ত গান গাই,ফুটবল খেলি সাহায্য সংগ্ৰহ কৰিছিল।ব্যক্তিগতভাৱে বহুজন দুৰ্গতক তেওঁ আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াই আহিছে।'কা' আন্দোলনতো শিল্পী সমাজক সমুখৰ পৰা নেতৃত্ব দিছিল।তেওঁ যদি  সঁ‌চাকৈ সুবিধাবাদী চৰিত্ৰৰ হ'লহেঁ‌তেন তেন্তে তেতিয়াই উত্থাপিত ৰাজনৈতিক দলৰ নায়ক হ'ব পাৰিলেহেঁ‌তেন।তেওঁৰ এটা আহ্বানত অগণন লোক দলটিৰ সমৰ্থনত ওলাই আহিলহেঁ‌তেন।কিন্তু তাক তেওঁ পোনচাটেই নাকচ কৰিলে।কাৰণ ৰাজনীতিৰ লেতেৰা খেলখনৰ প্ৰতি তেওঁৰ মুঠেও লোভ নাই।ফলত এতিয়া সকলোৱে বেলেগে বেলেগে দল খোলাত লাগিল আৰু শক্তি হ্ৰাস হোৱাৰহে সম্ভাৱনাই দেখা দিছে।
    শেহতীয়াকৈ আন এক বিতৰ্কই জুবিনক চুই গৈছে।সাম্প্ৰতিক কৰ'না মহামাৰী সৃষ্ট পৰিস্থিতিত শিল্পী সমাজৰো ব্যাপক ক্ষতি হৈছে।জুবিনে সেই সমস্যা সম্পৰ্কে আলোচনা কৰাৰ বাবেই মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিলে।লগে লগে হৈ-চৈ আৰম্ভ হৈ গ'ল যে জুবিন গাৰ্গ বিজেপিৰ ওচৰত বিক্ৰী গ'ল।এজন সাধাৰণ প্ৰজা হিচাপে ৰজাৰ ওচৰলৈ যোৱাটো কি অপৰাধ নেকি?মুখ্যমন্ত্ৰীৰ ওচৰলৈ যে নিতে বিভিন্ন দাবী,সমস্যা আদি লৈ মানুহ গৈ থাকে সেয়া সকলো বিক্ৰী হৈ যায় নেকি?তাৰ পিছত আহিল জুবিন গাৰ্গ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বাছাডৰ হোৱা বিতৰ্ক।আৰম্ভ হৈ গ'ল সামাজিক মাধ্যমত জুবিনৰ ওপৰত তীক্ষ্ণ বাক্যবাণৰ আক্ৰমণ।এই সমালোচনা ইমানেই অসহনীয় হৈ পৰিল যে জুবিন পত্নী গৰিমা গাৰ্গে অৱশেষত ক'বলৈ বাধ্য হ'ল যে জুবিন নামৰ দেশদ্ৰোহীটোক ৰাজহুৱাকৈ ফাঁচীকাঠত ওলোমাই দিয়ক।জুবিনে ইমান ভয়ংকৰ জাতিদ্ৰোহী,দেশদ্ৰোহী কাম কৰিলেনে?তাৰ পিছত জুবিনক আক্ৰমণৰ বাবে উদ্যত হ'ল,অশ্ৰাব্য গালি-গালাজেৰে কটু কথা শুনালে।এয়া অসমীয়াৰ বাবে লজ্জাজনক নহয়নে?জুবিনে ইমানেই অপৰাধ কৰিলেনে?এই ৰাজ্যখনৰ কত দল-সংগঠন,দেশপ্ৰেমিক আছে যিয়ে বাৰিষা মাছৰ উজান অহাৰ দৰে আহে,আকৌ স্বাৰ্থসিদ্ধি হ'লেই তাপ মাৰে।জুবিনেতো যি কৰিছে সকলোৰে সমুখতে কৰিছে,লুক-ঢাকতো একো কৰা নাই।কেৱল মাজে মাজে আবেগিক হৈ দুই-এটা বিতৰ্কিত মন্তব্য কৰি থাকে।তাৰে আকৌ কিছু কিছু আমাৰ পেটৰ কথাই,যিবোৰ তেওঁ মুকলিকৈ নিৰ্ভীকতাৰে কৈ বিতৰ্কৰ মাজত সোমাই পৰে।আনহাতে তেওঁতো এজন অসমীয়ায়ে।পৰ্যটন বিভাগৰ দৰে বলীউডী নায়ক-নায়িকাক অনাতো নাই।কৃষি বিভাগত এজন আদৰ্শ কৃষক গুৰি বঠাধাৰী হওক সেয়া সকলোৰে কাম্য।কিন্তু তাৰ পৰিৱৰ্তে এজন অসমীয়াই যদি সেই ঠাইত উপৱিষ্ট হয়,তাত ইমানকৈ বিৰোধৰ কি যুক্তি?অন্ততঃ কিছুদিন অপেক্ষা কৰি চাইতো লওক।অতদিন কৃষি বিভাগে কি উন্নতি কৰিছে,সেয়া আমাৰ সকলোৰে জ্ঞাত।গতিকে জুবিনে যি উদ্দেশ্য লৈ তাত যুক্ত হৈছে তাক এতিয়াই সমালোচনাৰে থকা-সৰকা নকৰিলেও হয়চোন।অসমত শিল্পীৰ আদৰ কি পৰ্যায়ত সেয়াও জনা কথা।অসমীয়াই মৰমৰ লগতে মানসিক অশান্তি দিয়াৰ কথা আগতে স্বীকাৰ কৰিছেই।জুবিন হৈছে মুক্ত বিহংগৰ দৰে।তেওঁ যিহেতু কাকো খাতিৰ কৰি নচলে গতিকে নিশ্চয় কিবা এটা নিজা চিন্তা কৰিছে।সেইমতে কাম নহ'লে 'ঘেণ্টা ব্ৰেণ্ড এম্বাছাডৰ' বুলি কৈ ওলাই আহোঁতেও বেছিপৰ নালাগিব।এতিয়ালৈকেতো আমি তেওঁৰ একো জাতিধ্বংসী কাৰবাৰ প্ৰত্যক্ষ কৰা নাই।গতিকে এতিয়াই ইমান হৈ-চৈৰ কি দৰকাৰ?আন এক ইতিবাচক দিশ হৈছে জুবিনৰ জনপ্ৰিয়তা আৰু আকৰ্ষণীয়তা।হাজাৰ বিতৰ্কয়ো ইয়াক ম্লান কৰিব পৰা নাই।জুবিন অসমীয়াৰ এক আবেগ।গতিকে তেওঁৰ সেই গ্লেমাৰে যদি আন হাজাৰজনক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে,তাত নিশ্চয় আপত্তি নাই।সেয়ে অলপ অপেক্ষাকে কৰি চাওকচোন,জুবিনেনো কি খেল দেখুৱায়।শিল্প আৰু শিল্পীক ৰাইজেই জীয়াই ৰাখে,সেয়া নিশ্চয় জুবিনেও জানে।

🖋️অংশুমান ভূঞা
চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)