কালি ৰাতি মই এজনী পাগলীক লগ পালো

চালে চকু ৰোৱা চেহেৰাৰে ,
সুন্দৰ , সুশ্ৰী দেহাৰে 
তাই হেনো এতিয়া পাগলী ৷
মই সুধিলো তাইক ,
তুমি পাগলী কিয় হ’লা ?
তোমাক পাগলী কোনে কৰিলে ?
তোমাকটো মই ভালদৰেই চিনি পাওঁ,
কিহৰ বাবে এনে ৰূপ তোমাৰ ?
সকলো উৎকণ্ঠা আতৰত ৰাখি ,
তাই মোক এফালৰ পৰা কৈ গ’ল শুনা,
“ মই যে নীলাভক খুব বেছি ভাল  
পাইছিলো ,
এদিন সি তাৰেই সুবিধা ল’লে ৷
মনৰ পৰা বিশ্বাস কৰা সি ,
এদিন মোৰ সকলো বিশ্বাস ভৰিৰে গছকি সঁচাকৈয়ে,
সি মোৰ শৰীৰটো উপভোগ কৰিলে ৷
সেইখিনিলৈকে সকলো ঠিকেই আছিল ,
যেতিয়া মই তাৰ সন্তানৰ মাক হ’বলৈ লোৱা কথাটো তাক ক’লো ,
সি দেখোন মোক সেয়া মোৰ চক্ৰান্ত
বুলিহে ক’লে ,
মা দেউতাইয়ো মোক ঘৰৰ পৰা উলিয়াই দিলে ,
প্ৰসৱ বেদনাত চটফটাই  মই যে 
এটা সন্তানৰ মাক হৈছিলো,
মই পিছতহে গম পালো ৷
পিছে সাৰ পাই মই দেখো মোৰ সন্তানটি ,
মোৰ কাষত নাই,
কোনোবা নিঃসন্তান আছিল হয়তো,
মোৰ গাৰ গঠন ধৰিব পাৰিছিল ,
সেয়ে চাগৈ মই সাৰ নাপাওঁতেই 
সন্তানটি তেওঁলোকে লৈ গ’ল ৷
মোৰ এতিয়া একো নাই জানা,
না সন্তান,
না প্ৰেমিক ,
না মোৰ মা দেউতা ৷
মোৰ এতিয়া উপায় নাই জানা ,
সেয়ে এতিয়া মোক নাম দিছে পাগলী ৷’’


(সঁচা কাহিনীৰ আলমত )

📝দেৱশ্ৰী ওজা বৰা
বিশ্বনাথ,গহপুৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send