এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-১২)

©Admin
0

আজি প্ৰায় এক সপ্তাহ হৈ গল প্ৰান্তিক দা গুৱাহাটী যোৱা। আমাৰো এইকেইদিন দুই এটা ক্লাছ হৈছে। সম্পূৰ্ণকৈ ক্লাছ সমূহ বিহুৰ পাছৰ পৰা হে হব। আজিকালি প্ৰান্তিক দাৰ লগত আগৰ নিচিনাকৈ কথা পতা নহয়।তেওঁ খুব ব্যস্ত হৈ থাকে। ৰাতি হে আমাৰ অলপ দেৰি কথা পতা হয়। চাওঁতে চাওঁতে মাৰ্চ মাহটো হোষ্টেলত এনেকৈয়ে গল। বিহুলৈ মাজত আৰু এক সপ্তাহ আছে। কাইলৈ মানে মই আৰু পাখি ঘৰলৈ যোৱা কথা ভাবিছো। বিহু বুলি ক'লেই সমস্ত কাম। ঘৰ দুৱাৰ চাফা কৰা,বজাৰ কৰা এনেকুৱা বহুত কাম আহি পৰে
তাতে ঘৰত কাম কৰিবলৈ মা অকলে। মই সোনকালে গৈ অলপ লাগি নিদিলেটো নহব।কাইলৈ যাওঁতেই সৰু সুৰা বজাৰ দুটামান কৰি নিম ভাবিছো। প্ৰান্তিক দা  বিহুত আহিম বুলি কৈছে।তেওঁৰ কাৰণেও কিবা এটা কাইলৈ যাওঁতেই লৈ যাব লাগিব। তেওঁক একো এটা দিয়াও হোৱা নাই আজি লৈকে।

       সেইমতে পাছদিনা আমি দুইজনী যাবলৈ ওলালো।দেউতাই আধা ৰাস্তাৰ পৰা মোক নিবলৈ আহিব। বজাৰ কৰি হৈ যোৱা পাছত পাখিকো তাইৰ প্ৰেমিক হিমাংশু দাই নিবলৈ আহিব। সিহঁতৰ সম্পৰ্কৰ কথা ঘৰত গম পাই যেতিয়া পাখিৰ একো অসুবিধা নাই। কলেজৰ ওচৰ পৰা টেক্সি এখনত উঠি দুইজনী বজাৰ পালোহি।ডাঙৰ কাপোৰৰ দোকান এখনত সোমাই আমি ভাগে ভাগে বজাৰ কৰিছো। মই মা লৈ চাদৰ এখন,দেউতা লৈ চাৰ্ট এটা আৰু মোৰ লৈ কুৰ্টি এটা। প্ৰান্তিক দা লৈও পাতল নীলা ৰঙৰ চাৰ্ট এটা আৰু গামোচা এখন লৈছো। বছৰেকৰ বিহু টোত প্ৰিয় জনক বিহুৱান খন নিদিলে ভাল নালাগে বুলি কয় মানুহে।গামোচা খন লওঁতে হাঁহিও উঠিছে।ঘৰত গামোচা থাকিও কিনিব লগা হৈছে।ঘৰৰ কেইখন কাৰোবাক দিলো বুলি গম পালে মায়ে মোক থব। 

       মোৰ বজাৰ কৰি প্ৰায় হৈ গল।তেনেকুৱাতে হিমাংশু দা আহিলে। পাখি মোৰ পৰা অলপ আঁতৰত আছিল। দুয়োটাই কথা পাতি আছিল।মই সেইটো সুযোগতে ওচৰৰ যুমুৰি দোকান এখনৰ পৰা বৰ্ষা আৰু তাইৰ কাৰণে কাণ ফুলি দুযোৰ ল'লো।
" ঐ কি কৰিছ? আহ আকৌ মোৰ হৈ গল।"
পাখিয়ে মাতিলে ।
মই গৈ সিঁহতৰ ওচৰ পালো।
_________ মোৰো হৈ গল। যাওঁ তেতিয়া হলে।
পাখি_________ আমি দুয়োটা এইফালেদিয়ে যাম।তোক গাড়ী ষ্টেণ্ডত থৈ আহিব লাগিব নে তই অকলে যাব পাৰিবি?
_______ নাই মই পাৰিম দেউতা আহিম কৈছে নহয় ।এতিয়া পাবহিয়ে।
পাখি_______ ওম ঠিক আছে যাবি তেতিয়া।আমি যাওঁ।
_______ হো ল'।
বেগৰ পৰা তাইক ফুলি যোৰ উলিয়াই দিলো।
পাখি________ মোৰ কাৰণে? কেতিয়া কিনিলি মই দেখোন গমকে নাপালো।
_________ এতিয়াই কিনিলোঁ। হো ল' চোন।
তাই ফুলি যোৰ লৈ গোটেই জনী হাঁহি পেলাইছে। মোৰো ভাল লাগি গল।
পাখি_______ বহুত ধুনীয়া লাগিছে।thank You পাগলি। যাওঁ দে। হিমাংশুৱে গাড়ী উলিয়াবলৈ গৈছে।বিচাৰি ফুৰিব নহলে।
______ ওম যা।
তাই গুচি গল।মই অলপ আগলৈ আহি ৰৈ আছো দেউতাৰ কাৰণে। 
     অলপ পাছত দেউতা পালেহি। গাড়ীত বস্তু কেইটা ভৰাই আগৰ নিচিনাকৈ মই প্ৰান্তিক দাই দিয়া ফোন টো লুকুৱাই দেউতাই দিয়া ফোন টো হাতত লৈ লৈছো। আহোঁতে দেউতাইও বিহুলৈ বুলি চিৰা,গাখীৰ , গুৰ এইবোৰ লৈ আনিছে।

       এনেকৈ অলপ পাছত ঘৰ পালেহি। মা বাৰাণ্ডতে বহি আছিল। মোৰ হাতত এগালমান টোপোলা টাপলি দেখি মায়ে সুধিলে।
" ইমান বোৰ বস্তু লৈ আনিছ যে হোষ্টেলৰ পৰা একেবাৰে আহিছ নেকি?"
_________ ৰবা চোন মা আগত অলপ বহি লওঁ।
মই বস্তু কেইটা থোৱাৰ লগে লগে মায়ে চালেই।
মা_______ এইবোৰ কাৰলৈ আনিছ?
_______ তোমালোকলৈ আকৌ বিহুৰ বজাৰ কৰি আনিছো।
মা_______ পইছা কত পালি? হেৰি, তাই ইমান বোৰ বজাৰ কৰি আনিছে আপুনি নেদেখিলে নে?
মায়ে কথাত দেউতাকো সাঙুৰি পেলালে।
দেউতা_______ মই আকৌ তাই হোষ্টেলৰ বস্তু খিনি আনিছে বুলি হে।মনেই কৰা নাই।
মোৰ হাঁহি উঠি গল।
মা_______ আপুনি যে মানুহ আৰু.....? পইছা কত পালি জীউ?
________ তোমালোকে হোষ্টেলত চলিবলৈ দিয়া যে তাৰে পইছা।মই খৰচ কৰা নাছিলোঁ।
মা_______ দেখিছে আপোনাৰ ছোৱালী বহুত সঞ্চয়ী হল।আমাক সোনকালে ধনী কৰাব মানে।
দেউতাৰ ফালে কথাটো চাই কলে।
________ আ... হব চোন এতিয়া। দেউতা চাৰ্টটো পিন্ধি চোৱা চোন। চাওঁ কেনেকুৱা লাগে।
দেউতা________ হব ৰ' পিন্ধিম। তই আনিছ যেতিয়া ভালেই হব।
কথাটো শুনি মনটো কিবা এটা ভাল লাগি গল।

      হাত মুখ ধুই মই অলপ আৰাম কৰি ল'লো। প্ৰান্তিক দাৰ লগত কথা পাতিম ভাবিছিলো যদিও এতিয়া পাতিব নোৱাৰি, কামত আছে। একেবাৰে সন্ধিয়া লৈ ৰব লাগিব। কেতিয়াবা খুব খং উঠে এনেকুৱাত কিন্তু উপাই নাই। 

         কিবা এটা খাই লৈ অলপ শুই দিলোহি। কেতিয়া নো ৰাতি হল গমকে নাপালোঁ। ৮ বাজিবৰ হল।প্ৰান্তিক দা লৈ মেচেজ কৰিলো।
________ মই মেচেজ নকৰিলে আজিকালি আগত মেচেজ এটাও নকৰে যে.....?
লগালগ reply কৰিছে তেওঁ।
প্ৰান্তিক________ নহয় তুমি ঘৰত কথা পাতিব নোৱাৰিবা বুলি হে.....?
________ হব হব বুদ্ধি সাজিব নালাগে। 
প্ৰান্তিক_______ কি কৰিছা?
________ শুই আছো। ঘৰ কেতিয়া আহিব কওঁক।আপোনালৈ বস্তু এটা আনি থৈছোঁ।
প্ৰান্তিক________ যাম ৰৱা সময় আছে নহয়।
_______ ওম যাম যাম কৈ থাকক। পাছত নাহিলে হে দিম।
প্ৰান্তিক_______ ওম আৰু কোৱা।
_______ কি আৰু কোৱা।আপোনাৰ নাই মানে কবলৈ?
প্ৰান্তিক_______ কৈয়ে আছো দেখোন।
________ ওম ঠিক আছে। কাক কি কয়, কয় থাকক আপুনি। Bye মই কাম কৰোগৈ।
প্ৰান্তিক_______ ঠিক আছে যোৱা bye।
________ মেচেজ নকৰোঁ huh।
প্ৰান্তিক _______ ওম....?
_________ কিয় এনেকৈ কথা পাতিছে? দিনটো আপোনাৰ এটা মেচেজ নাই। ৰাতি হলে আপোনাৰ লগত কথা পাতিবলৈ কিমান হেঁপাহেৰে ৰৈ থাকো আৰু আপুনি....?
প্ৰান্তিক________ উফফফফ্ কি কৰিলো মই।
_________ উফ কৈছে যে? আমনি লাগিছে নে কি?
প্ৰান্তিক_______ মই আগৰ নিচিনাকৈ কথা পাতি আছো।তুমি হে কিনো কথা বোৰ কৈ আছা।
________ আপোনাৰ যে আজি কথাই নোলোৱা হল। আগতে এনেকৈ কথা পাতে নেকি? আগত আজিকালি মেচেজ এটাও নাই। মানি লৈছোঁ মই ঘৰত কথা পাতিবলৈ নোৱাৰিম ভাবি আপুনি মেচেজ কৰা নাছিল কিন্তু..... আপোনাৰ যে আজি কথাই নাইকিয়া হল।
প্ৰান্তিক_______ কাজিয়া কৰিবা নেকি এতিয়া মোৰ লগত?
মই কোৱা কথা বোৰৰ তেওঁ এটাও উত্তৰ দিয়া নাই। কেৱল নিজৰ কথা বোৰ কৈছে। মোৰ কথাবোৰ তেওঁৰ ওচৰত বিৰক্তি দায়ক হৈছে যেন লাগিছে নিজৰে।
Reply নকৰিলোঁ মই।প্ৰথম বাৰ আজি প্ৰান্তিক দাৰ লগত কাজিয়া লাগিছো।ৰৈ আছো অলপ দেৰি তেওঁ আকৌ কিবা কব বুলি কিন্তু নাই। এটাও মেচেজ নাই।
আচৰিত মই ভাবিছিলো মই bye কোৱা পাছত তেওঁ মোক কিবা কব,কথা পাতিবলৈ ৰখাব। আগতে এনেকুৱা কোনোদিনে কৰা নাছিল। কিন্তু..?..?.? কি হৈছে তেওঁৰ? আজি একেবাৰে কথা নাপাতিলে। একো কথাই নাইকিয়া হল তেওঁৰ। মই একো বুজিব পৰা নাই। সময় নাই নে তেওঁ সময় মোক দিব বিচৰা নাই।
খং উঠি আছে তেওঁৰ ওপৰত। ফোন টো থৈ মাৰ ওচৰলৈ গুছি গ'লো।

আগলৈ.....

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)