এজনে ৰঙেৰে চাই ভৱিষ্য মূৰুতি


 দুটা প্রজন্মক প্রতিনিধিত্ব কৰা দুজন ব্যক্তি | তাৰ এজন উজ্বল ভৱিষ্যতৰ প্রতিমূৰ্তি যাকে আনন্দই হাত বাউল দি মাতিছে আৰু আনজন হেঙুলীয়া বেলিৰ বিদাই বেলাৰ ধুসৰ প্রতিমূৰ্তি | যাক বিয়লি বেলাত অতীতে আমনি কৰিছে | সেয়েহে কবিয়ে লিখিছে.....
 এজনে ৰঙেৰে চাই ভৱিষ্য মূৰুতি  |
 আনজনে ভাবে বহি অতীতৰ স্মৃতি  ||
কি বিচিত্র জীৱন গাঠা মানুহৰ কিমান সপোন , কিমান কল্পনা লৈ আৰম্ভ হয় মানুহৰ জীৱন | সপোনৰ কাৰেংঘৰ সাজি কল্পনাত উটি ভাহি কি কৰিম কি নকৰিম কেনেকৈ সজাম নিজকে , সমাজৰ লগত উঠা বহা , পৰিচয় , অহংকাৰ কৰি জীৱন আৰম্ভ কৰাৰ | সময় বালিত খোজ থৈ যোৱাৰ চিন্তা | তেতিয়া মনলৈ নাহে কালিলৈ হ'ব কি ? প্রায়বোৰ কথা কাম অৰ্থহীন হৈ পৰে | নিজৰ পৰিচয় প্রতিষ্ঠা কৰাৰ স্বাৰ্থত আনলৈ চোৱাৰ হেঁপাহ নাথাকে | 
     প্রস্ফুতিত ফুলপাহে সদাই সুৰুযক ধিয়াই | ফুলৰ পাহিত সুৰুযৰ কিৰণ পৰিলে নিয়ৰক মুকুতা যেন লাগে | হাঁহি কেৱল হাঁহি | না চিন্তা, না ভাৱনা | খোৱা পিন্ধাৰ দায়িত্ব বেলেগৰ | গতিকে পখিলাৰসদৰে , মৌ মাখিৰ দৰে কেৱল উৰিব লাগে | সকলোৱে বালিঘৰ সাজে , হাঁহি হাঁহি চাৰিওফালে ঢাপ, মাজত এখন সুন্দৰ ফুলনি , তাত চোৰ ডকাইতৰ সোমোৱাৰ অৱকাশ নাই | এনেকৈ সজাৱ ঘৰখনি বাটৰ বাটৰুৱাই ৰৈ ৰৈ চাব | এয়া ভৱিষ্যতৰ কাৰেং সজা কুমলিয়া পাহিৰ সপোন | কল্পনাৰে সজাই অযুত সপোনৰ কাৰেং | আনক কৈ ভাল লগা সময় | তেতিয়া ভাবা নাযায় যে সময় কেতিয়াও একে নাযায় | শৰীৰ মন ভাৱনা চিন্তা সকলো | নিজক গঢ়াৰ চিন্তাত বিভোৰ হোৱা সময় এয়া স্বাভাবিক |
    তেনেবোৰ কথা শুনি যি স্থিতপ্রজ্ঞ যিয়ে তেনে মূল্যবান সময় কৰবাত ডিঙি মেলি দেখি নোপোৱা দূৰত্বত এৰি থৈ আহিল | যাক কাহানীও ফিৰাই আনিব নোৱাৰে তেওঁক বাৰু তলাব পাৰিবনে তেনেকুৱা কথা কাণ্ডই | তেনে সময় তেওঁ কাহানীবাই উপভোগ কৰি আহিছে | জীৱন উদযাপন কৰিছে | যেতিয়া সময় লহিয়াইছে তেওঁ কৈছে এতিয়া তুমি যিবোৰ কৰিছা সেইবোৰ মই কাহানীবাই কৰিছো | 
   এতিয়া মাথো সোঁৱৰণীয়ে কৈছে তুমি অতীত এয়া বৰ্তমান | দুয়ো সময়ৰ দোমোজাতে চলো আমি |  গতিকে সময় বৰ বিচিত্র গতিকে গৌৰৱ কিহৰ  |

     
📝 হেমেন হাজৰিকা  

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send