"তোমাৰ দেউতাই কি কৰে?
আগতে কৈ লওঁ মোৰ দেউতা কোন?
যি ৰাতিপুৱাৰ পৰা কাম কৰে যেন যন্ত্ৰবত
তেওঁ চিন্তা কৰে আমাৰ বতৰ্মান আৰু ভৱিষ্যত।।"
যি নিজে নাখাই আমাক খুৱাই,নিজে নলৈ আমাক দিয়ে, সকলো কষ্ট সহ্য কৰি আমাক সুখত ৰাখে,সকলো ভুল ক্ষমা কৰি সদায় ৰাখে বুকুৰ মাজত তেঁৱেই দেউতা। এজনেই পুৰুষ যি নিঃস্বাৰ্থভাৱে ভালপাই ,পৃথিৱীৰ প্ৰকৃত ভালপোৱা দিব পাৰে তেঁৱেই দেউতা।দেউতা এনে এটা শব্দ যি প্ৰতিজন সন্তানৰ সাহস আৰু প্ৰকৃত সাৰথি।
দেউতা আপুনি মহান।সকলো কষ্ট তুচ্ছ কৰি কেৱল মাত্ৰ আমাক সুখী কৰিবৰ চেষ্টা কৰে।আপোনাৰ কষ্টৰ মূল্য এই জীৱনত দি শেষ কৰিব নোৱাৰিম।তাৰ বাবে সদায় চেষ্টা কৰিম।আশীৰ্বাদ কৰিব দেউতা সকলো প্ৰকাৰে যাতে সফল হওঁ।
নাৰীক সন্মান কৰা ,নাৰীক মৰ্যদা দিয়া, বিনা স্বাৰ্থত নাৰীক ভালপোৱা ব্যক্তি জনেই দেউতা।সেইবাবে প্ৰতিজনী ছোৱালীৰ প্ৰথম আৰু প্ৰকৃত ভালপোৱা পুৰুষজনেই পিতৃ। এগৰাকী কন্যা ডাঙৰ কৰি অলেখ মৰম কৰি এদিন এজন অন্য পুৰুষক দান কৰাৰ দৰে মহান দান ও এজন দেউতাইহে কৰিব পাৰে।
তুমিয়েই শিকাইছিলা দেউতা
সকলো কৰি যা আই পাছলৈ নাচাবি
তুমিয়েই কৈছিলা দেউতা
তই পাৰিবি আই ভাগৰি নপৰিবি।
তুমি সাহস দেউতা,তুমি সাৰথি দেউতা
তোমাৰ সাহসেৰে আগবাঢ়ি যাম দেউতা
তোমাৰ সপোন পূৰণ কৰিম দেউতা
তুমি মহান দেউতা।।

📝প্ৰিয়ংকা গায়ন
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ