এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যয়(খণ্ড-১৩)

©Admin
0
মায়ে নাৰিকলৰ লাডু বনাব লৈছে। মাৰ হাতৰ পৰা সেইখিনি মই বনাম বুলি কৈ লৈ ল'লো। লাডু খিনি বনাই আছো যদিও মনটো মোৰ ক'ৰ'বাত আছে। তেওঁ মেচেজ কৰিছে বুলি বাৰে বাৰে ভিতৰলৈ গৈছো,কিন্তু নাই।তেনেকৈয়ে ফোন টো পৰি আছে। অসহ্যকৰ লাগিছে। কিয় তেওঁ আজি তেনেকুৱা কৰিছে।নিজকে বাৰে বাৰে মই সান্তনা দিব খুজিছোঁ।নাই পৰা নাই আজি মই নিজক বুজাবও। যেনে তেনে মাৰ মুখৰ আগত চকুপানী খিনি ধৰি ৰাখিছো। আকৌ এবাৰ ফোন টোৰ ওচৰলৈ আহিছো। ফোন টোৰ ওচৰলৈ অহাৰ লগে লগে বুকু খনে চটফটাই উঠে তেওঁৰ মেচেজ আহিছে বুলি। এক ঘণ্টা হৈ গল,তেওঁৰ লগত কথা পতা।কিন্তু এতিয়া লৈকে এটা ফোন, মেচেজ নাই। ইমান পৰে ধৰি ৰখা চকুপানী খিনি ওলাই আহিল। নিজেই মেচেজ এটা টাইপ কৰি  আকৌ কাটি দিছো।
________ নাই নকৰোঁ মই মেচেজ। তেওঁৰ যেতিয়া একো খবৰেই নাই মোৰ।মই আকৌ মেচেজ নকৰোঁ।
তেওঁ দেৰি কৈ হলেও মেচেজ কৰিব বুলি আশা এটা লৈ চকুপানী খিনি মচি মাৰ ওচৰলৈ আকৌ গুচি গৈছো। লাড়ু বনাই ইতিমধ্যে হৈ গল। ভাত খাবলৈ লৈছো এতিয়া।সোনকালে ভাত কেইটা খাই মই ৰুমলৈ যাব লৈ বিছাৰিছো।সেইকাৰণে পতাপত ভাত খাইছো।
" জীউ এতিয়া শুই হে থাকিবি,ভাত কেইটা লাহে লাহে খা।"
দেউতাই কলে।
মই একো নামতিলো মুখেৰে।
খাই হৈ যোৱা পাছত  শুবলৈ আহিলো। এতিয়াও এটা মেচেজ নাই। ধৈৰ্য সীমা চেৰাই গৈছে মোৰ।উপাই নাপাই মই নিজেই মেচেজ দিলো।
__________ কি হৈছে আপোনাৰ?  আগতেটো এনেকুৱা কেতিয়াও কৰা নাছিল আপুনি। এইবাৰ গুৱাহাটী যোৱাৰ পাছতে যে আপুনি ইমান সলনি হৈ গল। দিনত কথা পাতিবলৈ আপোনাৰ সময় নাথাকে আৰু ৰাতি হলেও আজি কেইদিন মানৰ পৰা আপুনি ভাল কৈ কথা পাতিবলৈ নিবিচাৰে।কিবা হৈছে যদি কৈ দিয়ক মই বুজি পাম নহয়।
প্ৰান্তিক______ একো নাই হোৱা মোৰ।মই একেই আছো।
লগা লগ reply কৰিছে। মোৰ ইমান দীঘলীয়া মেচেজৰ তেওঁৰ এটা সৰু reply।
আকৌ মেচেজ দিলো মই। টাইপ কৰোতে হাত খন কঁপিবলৈ ধৰিছে।কথাবোৰ তেওঁৰ লগত সন্মুখত পাতিবলৈ মন গৈছে,কিন্তু নোৱাৰো মই এতিয়া।
________ মই নোৱাৰো আপোনাৰ লগত কথা নপতালৈ থাকিব।এনেকুৱা অৱহেলা বোৰ নকৰিব চোন। কিবা বেয়া পাই আছে যদি কৈ দিয়ক। আপুনি এনেকৈ জানো আগতে কথা পাতে? এতিয়া মই মেচেজ নকৰাকৈ আছিলো।ভাবিছিলো আপুনি নিজেই মেচেজ কৰিব,মোক বুজাব,মোৰ খং ভাঙিব। কিন্তু তেনেকুৱা একো নহল। ভবাৰ দৰেই যে সকলো হব সেইটোও নিবিচাৰোঁ মই কিন্তু.......? আগতে  আপুনি এইবোৰ মোৰ অভিমান বুলি কৈ নিজেই মোৰ খং ভাঙে।পাহৰি গল সেইবোৰ দিন?
প্ৰান্তিক_______ তোমাক চাইছিলো হে মই মেচেজ কৰা নে নকৰা।সদাই টো মইয়ে আগত মেচেজ কৰো।
_______ মানে? আপুনি কি সদাই মোক জুখিয়ে থাকিব নেকি? এদিন হলেও বেলেগ কথা।কিন্তু কেইদিনমানৰ পৰা আপোনাৰ কথা বোৰ বহুত বেলেগ হৈ গৈছে।
প্ৰান্তিক_________ ঠিক আছে পাৰা।মোক যিমান গালি পাৰিবলৈ আছে পাৰি লোৱা।
_________ হব গালি পাৰিবলৈ আপোনালৈ মেচেজ কৰা নাই। কিন্তু কথা বোৰ আপুনি আগৰ নিচিনাকৈ পাতি থাকিব।
প্ৰান্তিক________ ঠিক আছে পোৱালি।আৰু শুনা তুমি মোক প্ৰান্তিক দা বুলি নকবা,অকল প্ৰান্তিক বুলি কবা। প্ৰান্তিক দা বুলি কলে নিজকে বহুত ডাঙৰ ডাঙৰ লাগে।
_________ ডাঙৰে দেখোন আপুনি, আৰু আজি হঠাতে এনেকৈ কবলৈ মানা কৰিলে যে....
প্ৰান্তিক________ ভাল নালাগে মোৰ তেনেকৈ শুনিবলৈ। তুমি দাদা বুলি মতা নিচিনা লাগে। বহুত দিনৰ পৰা ক'ম ক'ম বুলি ভাবি আছিলোঁ কিন্তু পাহৰি আছিলো।

হাঁহি উঠি গল মোৰ।
_______ ঠিক আছে নকওঁ বাৰু তেনেকৈ।
প্ৰান্তিক_______ ওম।কি কৰিছা এতিয়া?
_________ শুলো।
প্ৰান্তিক_________ মুখ ফুলাই আছা?
_________ নাই।
ইমান দেৰি ভাল কৈ কথা নপতা মানুহ টো এতিয়া পতককৈ আগৰ দৰে কথা পতা দেখি মই একো ধৰিবই নোৱাৰা হৈছো। মই বেছিকৈ কথাবোৰ ভাবিব লৈছো নে তেওঁ সলনি হৈছে।কথা বোৰ গহীন গহীন কৈ কৈছোঁ।খংটো কমাই নাই মোৰ।
_________ কন্দুৱাই খুব ভাল লাগে ন ' মোক? আপুনি জানে নে মোৰ কেনেকুৱা লাগিছিল এতিয়া? আজি যেনেকৈ কথা পাতিছিল আপুনি, মই বহুত ভয় খাইছিলো।
প্ৰান্তিক_________ কান্দুৰিয়ে কান্দিবই। এতিয়া কান্দিব নালাগে আৰু।মই ধেমালি কৰিছিলো।
__________ এনেকুৱা ধেমালি নকৰিব আঁতৰত থাকি।
প্ৰান্তিক_______ হম্.....হব দিয়া মই শু এতিয়া।টোপনি ধৰিছে।
_________ ওম ঠিক আছে bye।
মনটো এতিয়া হে অলপ পাতল পাতল লাগিছে। মোৰো টোপনি ধৰিলে,শুই থাকিলো।

         ৰাতিপুৱা ৭ বজাতে উঠিলো মই, গা - পা ধুই ৮ বজালৈ আজৰি হলো। মায়ে চাউল তিয়াই থৈছে, পিঠাগুৰি খুন্দিবলৈ,লগত মইয়ো যাব লাগিব। আমাৰ ঘৰত ঢেঁকী নাই, বর্তা হঁতৰ ঘৰত আছে। সেইমতে ৰাতিপুৱা লঘু কৈ কিবা এটা খাই মা মই ওলাই গ'লো।
      গৈ পাইয়ে সুমন দাক দেখিছোঁ। সেই দিনটোৰ পৰা তাক মই নমতাই হলো। এতিয়া দেখিও নাই মতা মই। তাৰ কাৰণে মই ইয়ালৈ নাহো বুলি ভাবিছিলো।কিন্তু বৰ্তা- বৰ্মা মোৰ মা- দেউতাৰ নিচিনা সেইবাবে তেওঁলোকৰ লগত মই বেয়া হব নোৱাৰো। মায়ে ঢেঁকীত চাউল অলপ অলপকৈ দিব লৈছে।
" কেতিয়া আহিলি ? 
সুমন দাই পতককৈ মাত লগালে।
মই আচৰিত হৈ গ'লো। মোৰ নিচিনাকৈ সিও মোক নামাতিব বুলি ভাবিছিলো।
________ কালি আহিলো্
সুমন________ মোক বেয়া পাই আছ?
_______ নাই। 
বেয়া পাই আছো যদিও তাক কৈ নিদিলো।ইমান দিনৰ মূৰত সি নিজেই মাতিছে যেতিয়া।নহলে মনতে বেয়া পাব।
সুমন________ ওম, থাকিবি নহয় কেইদিনমান!
________ বিহুলৈকে থাকিম।
তেনেকুৱাতে বৰ্মাও ওলাই আহিল।তেওঁৰ লগতো বহুত দেৰি কথা বতৰা হল। আমাৰো পিঠাগুৰি খুন্দা হৈ গল।মা মই ঘৰ পালোহি।

আগলৈ......

📝পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)