জাৰ কালি খাবলৈ

©Admin
1
 বিদ্যালয়ৰ পাঠ্যক্ৰমত এটা কবিতা পঢ়িছিলো নাম আছিল চহা আৰু 
পণ্ডিত | স্বনামধন্য কবি গৰাকীৰ নামটো মনলৈ আনিবলৈ স্মৃতি শক্তিয়ে প্রতাৰণা কৰিছে | কবিতাটোৰ প্রতিটো শাৰীয়েই নৈতিকতাৰ আবেদনেৰে ভৰপুৰ | কবিতাটোত এজন নিৰক্ষৰ মানুহৰ কিমান বাস্তবিক জ্ঞান থাকিব পাৰে ভাবিলে আচৰিত লাগে | 
সেই কথাখিনি কবিয়ে খুউব বিনম্রতাৰে কাৰো অন্তৰত আঘাট নলগাকৈ উপস্থাপন কৰিছে | কবিতাটোত নায়ক পণ্ডিতজনে চহাজনৰ বাস্তবিক জ্ঞানৰ ওচৰত নতি স্বীকাৰ কৰিছে | কবিতাটোত থকা পংক্তি সমূহৰ ভিতৰৰ অৰ্থ সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ | কবিয়ে এজন কোনোদিনে বিদ্যালয়ৰ চোতাল গচকি নোপোৱা নিৰক্ষৰ চহা মানুহৰো যে কিমান বাস্তবিক জ্ঞান থাকিব পাৰে সেইটো  তুলি ধৰাত কবিয়ে কি যাদুৰ দৰে কৰিছে ভাবি আছৰিত লাগে | নিজকে পণ্ডিত বুলি জহাই তৰ্কত লিপ্ত হ'বলৈ আহি শেষত পৰাজয় স্বীকাৰ কৰিছিল | 
    জাৰ কালি খাবলৈ সাঁচে পৰুৱাই  , ধন ধান সাঁচিবলৈ আমাক শিকাই | পৰুৱা এটা অতি সুক্ষ্ম প্রাণী | কিন্তু তাৰ মগজুৰ ভাৱনা শক্তি কিমান প্রবল |সঁচাকৈ আমি যদি গভীৰ ভাবে অনুধাৱন কৰো তেতিয়া আমি ভাবিবলৈ বাধ্য হ'ম পৰুৱাটোৰ পৰাও আমি মানুহ হিচাপে শিকিব লগীয়া বহু কথা আছে | পৰুৱাৰ জীৱন শৈলী , শৃংখলাবদ্ধতা , একতা আৰু কিছু আভ্যন্তৰীণ নৈতিক জ্ঞান কৰ পৰা শিকিলে | কোনে শিকালে যি আমি জীৱ শ্রেষ্ঠ বুলি জাহিৰ তৰা প্রাণীটোৱে তাৰ পৰা কিবা শিকিব লগা থাকে | আছৰিত নহয়নে বাৰু ? ঠিকেই আমি লক্ষ্য কৰিলে দেখো যে কিবা খাদ্য বস্তু আমি মাটিত পেলাই থলে পৰুৱাটোৱে খাদ্যবিধ আমি মাটিত পেলাই থোৱা ঠাইত তাতেই নাখাই টানি টানি লৈ যায় গাঁতৰ ভিতৰলৈ | পিছত খাব | সিহঁতে সাঁচি খায় | পিছত যদি কিবা কাৰণত খাদ্যৰ নাটনি হয় | তেতিয়া সাঁচতীয়া খাদ্যৰে ভোকৰ অভাৱ পুৰণ নকৰিবনে বাৰু ? তাৰ পৰা আমি মানুহ হিচাবে শিকিব লগীয়া নাইনে ? ভৱিষ্যত সময়ৰ বাবে কিছু সঞ্চয় কৰিব লাগে | আমাৰ মাজত এনে কিছুমান ধোৱাসলীয়া মানুহ আছে যি ভৱিষ্যতৰ কথা চিন্তা নকৰে | আজিৰ কথা আজি | ফলত যেতিয়া বিপদ আহে তেতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হয় |  গতিকে আমিও আমাৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সঞ্চয় কৰিব লাগে  |

    📝হেমেন হাজৰিকা 

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. মইও পৰঢ়িবলৈ পাই ছিলো, কবিতাটোৰ শেষৰ ছোৱা পাহৰিছো, বৰ ভাল পাওঁ।

    ReplyDelete
Post a Comment