অনলাইন শিক্ষা আৰু ছাত্ৰ - ছাত্ৰী

©Admin
0

         
 সাধাৰণতে, আমাৰ ছাত্ৰ -ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষা ব্যৱস্থাটো কিছু পৰিমাণে অপৰিচিত আছিল। বৰ্তমান সময়ত কভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত অনলাইন মাধ্যমেৰে শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকল পৰিচিত হ'ল। সকলোৱে অনলাইনত বিভিন্ন শিতানৰ যোগেদি শিক্ষা গ্ৰহণ কৰিব পৰা হ'ল। অনলাইনৰ বিভিন্ন শিতান SAYAM,GYAN PANDA,DIKSHA আদি ৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীসকলে প্ৰয়োজনীয় সকলো তথ্য পাবলৈ সক্ষম হৈছে।ZOOM,GOOGLE MEET আদি ৰ জৰিয়তে নিজৰ পাঠদান গ্ৰহণ কৰিবলৈ ও সক্ষম হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল  আন এখন শিক্ষা জগতৰ লগত পৰিচিত হৈ শিক্ষা লাভ কৰিবলৈ সমৰ্থ হ'ল।
              কভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত যদিও অনলাইন মাধ্যমেৰে ছাত্ৰ - ছাত্ৰীসকলক শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে তথাপিও কিছুমান ছাত্ৰ- ছাত্ৰী এই শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে। কিছুসংখ্যকে এই শিক্ষা ৰ পৰা প্ৰকৃত জ্ঞান লাভৰ পৰা বঞ্চিত হৈছে। গাঁৱৰ দৰিদ্ৰ শিক্ষাৰ্থীসকল তাৰ পৰা কিছু পৰিমাণে বঞ্চিত হৈছে। নেটৱৰ্কৰ অসুবিধা তথা অৰ্থনৈতিক অসুবিধাৰ বাবেও কিছুমান ছাত্ৰ - ছাত্ৰীয়ে শিক্ষা লাভ কৰিবলৈ অসমৰ্থ হৈছে। শিক্ষালাভৰ পৰা বঞ্চিত হোৱা ছাত্ৰ - ছাত্ৰীসকল হতাশাত ভুগি বিভিন্ন অবাঞ্চিত কাৰ্যত লিপ্ত হোৱা দেখা গৈছে। 
        অনলাইন মাধ্যমত অনুষ্ঠিত কৰা পৰীক্ষা সমূহটো ছাত্ৰ -ছাত্ৰী ৰ সঠিক মূল্যায়ন হোৱা নাই। ছাত্ৰ - ছাত্ৰীসকলেও কিছুমান পাঠ সঠিকভাৱে আয়ত্ত কৰিব পৰা নাই। সকলো দিশতে কিছু কিছু আগবাঢ়ি গৈ শিক্ষাৰ্থীসকলে নিজক আগুৱাই নিয়াৰ পথৰ সন্ধান লাভ কৰিছে।
                                           
   📝প্ৰিয়ংকা গায়ন
  জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)