এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-০৮)

©Admin
0
আজি ৰাতিপুৱাই পাখি গল গৈ। বৰ্ষাও কাইলৈ যাব গৈ। তাইৰ লগতে কাইলৈ ময়ো যাম তাইৰ মোমায়েকৰ ঘৰলৈ। মাক সুধি থৈছোঁ যাবলৈ দিম বুলি কৈছে।
        সেইমতে পাছদিনা ৰাতিপুৱা তাইৰ লগতে কেইদিনমান থকাকৈ ময়ো ওলালো।সিহঁতৰ ঘৰ পাইয়ে আইতাই মোক নোপোৱাই পোৱা দি পাইছে। মামা মামিয়েও বহুত দিনৰ মূৰত দেখি খা খবৰ লৈছে। হোষ্টেলৰ পৰা অহাৰ পৰা প্ৰান্তিক দাৰ লগত কথা পতা হোৱাই নাছিল।ইয়াতে সেইকাৰণে ঠিকছে কথা পাতি লৈছো। ঘৰ গৈ আকৌ কথা পাতিবলৈ সুবিধা পাওঁ নে নাপাওঁ ঠিক নাই। মাজে মাজে বৰ্ষাৰ লগত সিহঁতৰ বাগানলৈ যাওঁ, মোমায়েকে বনুৱা লগাই কেইবা বিঘা মাটিত আলু, কচু,মাহ আদিৰ খেতি কৰিছে সেইবোৰ চাবলৈ লগতে বনুৱাক চাহ জলপান দিবলৈ ৰাতিপুৱা- আবেলি তাৰলৈ গৈয়ে থকা হয়। মাজে মাজে পথাৰৰ মাজত দুই এখন ফটো মাৰি প্ৰান্তিক দাকো দেখাওঁ। মুঠৰ ওপৰত বৰ্ষা হঁতৰ ঘৰত থকা কেইদিন খুব ভাল লাগিল। সিহঁতৰ গাঁৱৰ পৰিবেশটো দেখিলে সঁচাকৈ এৰি আহিব মন নাযায়। তাতে সিহঁতৰ  পথাৰ কেই খন দেখি আৰু ভাল লাগিল। ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ শাক পাচলি! মোৰ যে ঘৰলৈ আহিবলৈকে মন যোৱা নাছিল। এনেকৈয়ে বৰ্ষাৰ ঘৰত চাৰিদিন থাকি মই ঘৰলৈ আহিলো। ঘৰলৈ আহি কিবা অকলশৰীয়া নিচিনা হে লাগিছে। হোষ্টেলত লগৰ বোৰ পাই থাকো কাৰণে এতিয়া অকলশৰে থাকিবলৈ মন নোযোৱা হল। ঘৰলৈ আহিয়েই সৰু সুৰা কাম কেইটামানত  ধৰিছো। বাগিচা এখন পাতিছো সৰুকৈ তাতে দিনটো ব্যস্ত হৈ থাকোঁ। ঘৰত থকা দিন কেইটা আমনি লাগিব বুলিয়েই এতিয়া এইবোৰ কৰি নিজকে ব্যস্ত ৰাখিছোঁ। মাজে মাজে বিভিন্ন ধৰণৰ পেইণ্টিংৰ কামো কৰিব লৈছো। মই এনেকৈ এইবোৰ কাম কৰা দেখি মা দেউতাও আচৰিত হৈ মনে মনে কিবা পাতে মই বুজি পাওঁ। এইকেইদিন বাগানত পাত চিঙিছে বনুৱাই সেইকাৰণে দেউতাৰ লগতে বেছিভাগ বাগানলৈ মাঁও যায়। মই ভালেই পাওঁ।সেইটো সুযোগতে প্ৰান্তিক দাৰ লগত কথা পাতি লওঁ। আজি কালি আগৰ নিচিনাকৈ ৰাতি ফুছ-ফুছাই প্ৰান্তিক দাৰ লগত ফোনত কথা পাতি নাথাকো, কাৰণ আগতে এবাৰ মায়ে গম পাই থৈছে এতিয়া সেইকাৰণে আকৌ ঘৰত ফচিবলৈ মন নাই।
মই ঘৰত ফুলৰ বাগিচা পাতিছো বুলি কোৱা শুনি তেওঁ একেবাৰে হাঁহি ৰখাবই পৰা নাই। আগতে মই এইবোৰ কাম নকৰোঁ বুলি জানে,এতিয়া কৰিছো কাৰণে প্ৰান্তিক দাও আচৰিত হৈ গৈছে। আজিকালি ঘৰত বেছি ভাগ মইয়ে ৰন্ধা বঢ়া কৰো। কেতিয়াবা দেউতাৰ লগত বাগানলৈকো যাওঁ। 
       
       এনেকৈয়ে ইটো সিটো কৰি থাকোতে ঘৰত থকা দিন কেইটা  কেনেকৈ নো পাৰ হল গমকে নাপালোঁ। পৰহিলৈ আমাৰ ৰিজাল্ট দিব।গতিকে কাইলৈয়ে হোষ্টেল যাব লাগিব। আজিয়ে সেইকাৰণে বস্তুবোৰ সামৰি থৈছোঁ। আকৌ কিমান দিনলৈ আহিব নাপাওঁ ঠিক নাই।

আগলৈ......

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)