ঋতু আহে ঋতু যায়
কিন্তু বিষাণুৰ যাত্ৰা স্থৱিৰ হোৱা নাই
মৃত্যুৰ কলীয়া ডাৱৰে ঢাকি ৰাখিছে
মানুহ নামৰ জীৱটোক
ইমান নিৰ্দয় হ'ব পাৰেনে
বসন্ত, বৰ্ষাৰ দৰে তইয়ো গুচি নগ'লি কিয়
আমাক উশাহ লবলৈ দিয়া
বৰ কষ্ট হৈছে ৰুদ্ধদ্বাৰৰ বন্ধ ঘৰত
অলপ মুকলিকৈ থাকিব বিচাৰোঁ
বিহঙ্গৰ দৰে উৰি যাবলৈ বিচাৰোঁ
উচ্ছল দেউকাৰে সুদূৰ গগণলৈ
পশুৰ দৰে প্ৰকৃতিৰ কোলাত
মুৰ গুঁজি শুবলৈ
মুক্ত আকাশৰ মুক্ত বতাহৰ লগত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ