এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-১৬)

         ৰাতি হুঁচৰি যোৱা পাছত খাই -বৈ ১০ টা মান বাজিল।প্ৰান্তিকে মেচেজ কৰিছে বুলি ফোনটো চালো।কিন্তু একো ফোন মেচেজ নাই। মন বেয়া নকৰিলোঁ আকৌ।শুই থাকিলো।

        পাছদিনা ৰাতিপুৱা চাহ জলপান খাই মাক গাঁৱৰে লগৰ এজনী মানে বুলবুলি ঘৰলৈ যোৱা কথা ক'লো।তাতে কালি ৰাতি বিহু মাৰি খুব ভাল লাগিল।সেইকাৰণে আজিও মাক কালি অহা হুঁচৰি দলৰ লগতে ৰাতি বিহু মৰা কথা সুধিলো। গাঁৱতে বিহু মাৰিম যেতিয়া মায়ে যাবলৈ ক'লে। সেইমতে কাপোৰ এযোৰ আৰু বস্তু কেইটামান লৈ লগৰজনীৰ ঘৰলৈ বুলি ওলাই গ'লো। 

            সন্ধিয়া হ'ব হৈছে। বুলবুলিৰ ঘৰ মই পালোগৈ।খোজ কাঢ়ি যাওঁতে বহুতকণ সময় লাগিল। গৈ পাই অলপ দেৰি বহি চাহ-তাহ খাই লাহে লাহে আমি কাপোৰ-কানি পিন্ধিব লৈছো।সিহঁতৰ বাৰীত কপৌ ফুল আছিল।মই কোৱা দেখি বুলবুলিৰ দেউতাকে দুইজনীলৈ দুপাহ ফুল চিঙি আনি দিলে।কপৌফুল মোৰ বহুত মৰমৰ।গছত ফুলি থকা ফুলপাহ চিঙিব মন যোৱা নাছিল যদিও বিহুৰ দিনা ফুলপাহ নহ'লে যে নাচনীৰ খোপা উদং হৈ থাকে ,সেই ভাবিয়েই চিঙি আনিবলগীয়া হ'ল।
যোৱা কালিতকৈ আজি মই অলপ বেলেগকৈ ওলাইছো। চকুত কাজল, ওঁঠত লিপষ্টিক;খোপাত কপৌ ফুল,গগনা;জোনবিৰি, ঢোলবিৰি, গামখাৰু।মুঠতে বিহু নাচিবলৈ এজনী নাচনীৰ যিখিনি সামগ্ৰীৰ প্ৰয়োজন সেই সকলোখিনিয়েই মই ব্যৱহাৰ কৰিছো।
            দুইজনীৰে ওলাই হৈ গ'ল। সকলোৰে ওলাই হৈ যোৱা পাছত আমি গোটেইখিনি এঠাইত গোট খাম আৰু তাৰ পাছত ঘৰে ঘৰে বিহু মাৰিবলৈ যাম। সেইদৰে আমি ওলাই আহি ওচৰৰ ক্লাব এটাতে ৰৈছোহি। বাকীবোৰো লাহে লাহে আহি পাইছে।
" অ এইজনী জিয়া দেখোন"

কোনোবাই মতা শুনি ঘূৰি চালো।দেখিছোঁ নয়ন। নয়ন আমাৰ গাঁৱৰে ল'ৰা।সি আৰু মই এল. পি স্কুল একেলগে পঢ়া।
_________ অ নয়ন।
নয়ন__________ চিনি পালি। বৰ এজনী হ'লি চোন তই। সৌ তাহানিতে ছুটি ফ্ৰক এটা পিন্ধি বোকা-বালিৰে খেলি লুতুৰি-পুতুৰি হৈ থাক' আৰু এতিয়া চা চোন ইমান ধুনীয়া জনী হ'লি। আজি ইমান দিনৰ মূৰত দেখিছোঁ তোক ।
________ ইচ থ' চোন সৰু কালৰ কথাবোৰ কৈ নাথাকিবি, বৰ লাজ লাগে। তইয়ো ইমান ডাঙৰ হ'লি।
স্কুল এৰাৰ পাছৰ পৰাটো আৰু তোৰ দেখা দেখিয়েই নহ'ল।

নয়ন চতুৰ্থ শ্ৰেণী মানত পঢ়ি থাকোতেই মাক দেউতাক ঢুকালে। তাৰ পাছত আৰু সি পঢ়া শুনা নকৰিলে।মোমায়েকৰ ঘৰলৈ গুচি গৈছিল। তাত কেইবা বছৰো থাকিলে। তাৰ পাছত আমি মেট্ৰিক দিয়া সময়ত সি ইয়ালৈ আকৌ ঘূৰি আহিছিল বুলি মায়ে এবাৰ মোক কৈছিল। কিন্তু তেতিয়ালৈ সি পঢ়া-শুনা একেবাৰে বাদ দিলে।

নয়ন________ উম..... ঘৰলৈ আহিছ নে? এদিন কাৰোবাৰ মুখেৰে শুনিছিলো তই টাউনত পঢ় বুলি।
________ ওম....বিহুত ঘৰলৈ নাহি আৰু ক'লৈ আহিম।.....
________ খবৰ ক' চোন তোৰ।
নয়ন________ খবৰ নো কি আৰু।চলি আছো দিন হাজিৰা কৰি।
________ উম....
নয়ন________ তেতিয়াহ'লে বিহু মাৰিবি আমাৰ লগত।
________ মাৰিম আকৌ।
নয়ন________ নাচিব জান' জানো।হ'ব দে নাজানিলে মইয়েই শিকাই দিম।
________ ইহ্ হ'ব।

" ঐ সব আহি পালেহি, হৈ গ'ল ব'ল"
বুলবুলিয়ে ক'লে।
________ উম ব'ল।
  
          যোৱাকালি ইহঁতি য'ত বিহু এৰিছিল তাৰ পৰাই আজি আৰম্ভ কৰিছো। ২০ টা মান ঢুলীয়া লগত আমি প্ৰায় ১৫ জনী মান নাচনী। এটা ডাঙৰ হুঁচৰি। ঢোলৰ গুম্ গুমনিত থৰ কঁকালতো লহৰ উঠিছে। আমি নাচি আছো। ঢুলীয়াবোৰৰ মাজত এটা ঢুলীয়া নয়নো। মাজে মাজে সি ঢোল বজাই বজাই নাচনী বোৰৰ ওচৰলৈ আহে, আকৌ আঁতৰি যায়।এনেকৈয়ে আমি গোটেইজাক বিহু নাচত মতলীয়া হৈ আছো।ডাঙৰ হুঁচৰি দল দেখি ঘৰৰ গৃহস্থৰ পৰা আদি কৰি ওচৰ-পাজৰৰ মানুহো আহি গোট খালেহি। কিন্তু..... নাচি থকাৰ মাজতে মই কথা এটাত মন নিদিয়া নহয়। নয়ন নাচনী বোৰৰ মাজলৈ ঘনে ঘনে চাপি অহা স্বভাৱটো মোৰ বৰ আচহুৱা লাগিল।দুই এবাৰ তেনেকুৱা কৰোতে কথাটো মই তেনেই সাধাৰণভাৱে লৈছিলো। প্ৰথমতে ভাবিছিলো ঢুলীয়া নাচনীৰ ওচৰলৈ আহেই । কিন্তু তাৰ পাছত তাৰ লক্ষ্যত মই নিজকে দেখা পালো। মই যিখিনি ঠাইত থাকো সি বাৰে বাৰে সেইখিনি লৈ আহে। মই কোনোবাই দেখিব বুলি ভাবি নাচনীবোৰৰ মাজত সোমাই নাচিব লাগিলো। তালৈ চোৱা নাই। তেনেকৈ নাচি থকাৰ মাজতে এপাকত তালৈ মোৰ চকু গল। তাৰ চকুৱে যেন বেলেগ একো দেখা পোৱা নাই মোৰ বাদে। সি ঢোল বজাই বজাই থৰ লাগি মোলৈ চাই আছে। মই তালৈ চালেই সি কেৱল মোকেই চাই থকা দেখো। খং উঠি আহিছে মোৰ।মাজে মাজে নাচনীকেইজনীৰ আঁৰ হৈ দিওঁ যদিও সি মুখৰ আগলৈ আহি লয়। উপায় নাপাই মনে মনে বুলবুলিক কথাটো ক'লো।
__________ ঐ নয়ন পাগলা হ'ল নেকি বাৰু? চা চোন অথনিৰে পৰা কেনেকৈ ভূতে পোৱা মানুহৰ দৰে চাই আছে।
বুলবুলি______ জানো পাই।তোক বহুত দিনৰ মূৰত দেখিছে কাৰণে চাইছে চাগে'।
________ নহয়। তই মন কৰচোন বৰ আচৰিতকৈ চাই আছে।
বুলবুলি_______ উম.... তই মন নিদিবি। সি অচিনাকী ছোৱালী দেখিলেই তেনেকৈ চাই থাকে।তাতে তোক বহুত দিনৰ মূৰত দেখিছে। সি ল'ৰা টো আজিকালি বৰ ভাল নহয়। মদ, ভাং খাই ঘূৰি ফুৰে। ছোৱালী দেখিলেই জোকায়।আমি সেইকাৰণে তাক নমতাই হ'লো। কিন্তু এতিয়া সিও আমাৰ লগত বিহু মাৰিব বিচাৰিছে।নিদিলে জানো কথাটো ভাল হ'ব ?সেইবুলিয়ে আমাৰ লগত তাক ৰাখিছোঁ।তই অথনি কথা পাতোতে তোক মই কথাটো ক'ম বুলি ভাবিছিলো।কিন্তু সি সৰুকালৰ লগৰ যেতিয়া একো নক'লো আৰু। মাজতে সি এবাৰ এনেকুৱাবোৰ কথাৰ কাৰণে গাঁৱৰে কাৰোবাৰ পৰা মাৰো খাইছিল।মানুহে তাক কেতিয়াবা তাৰ কোনো ক'তো নাই কাৰণেহে এৰি দিয়ে নহ'লে তাক এইখন গাঁৱৰ পৰা কেতিয়াবাই খেদিলেহেঁতেন।
________ কি.....?
আচৰিত হৈ গৈছো মই। সি এতিয়া ইমান বেয়া হৈ গ'ল নে?
তেনেকুৱাতে দক্ষিণা পৰিলে।আমি সব বহি দিলো।কিন্তু তেতিয়াও সি ডিঙি মেলি মেলি মোলৈ চাই আছে। মই বুলবুলিৰ আঁৰ লৈ অলপ কুঁজা হৈ দিলো।
          নাই ইয়াত থকাটো আৰু উচিত নহ'ব। নয়নৰ অদ্ভূত চাৱনিত মই বৰ ভয় খাইছোঁ।তাতে বুলবুলিয়ে তাৰ কথাবোৰ কৈ দিয়াৰ পৰা।
           কিবা এটা ডাঙৰ ঘটনা হোৱাৰ আগতে মই ইয়াৰ পৰা যোৱাহে কথা। বিহু মাৰিবলৈ আহি যদি কিবা হ'বলৈ হয় দেউতাই মোক মাৰি পেলাব। তাতে ৰাতিও বহুত হৈ আহিছে। ঘৰলৈ অলপ দূৰ। খোজ কাঢ়ি যাওঁতে বহুত দেৰি লাগিব। কিন্তু এতিয়া এঘৰ মানুহৰ ঘৰত যদি বিহু মাৰি গুচি যাওঁ কথাটো বৰ ভাল নহ'ব। আৰু তিনি চাৰি ঘৰ মানত বিহু মাৰি যাওঁ বুলি ভাবিলো। নয়নৰ লগত মই কথা পাতিবই নালাগিছিল।নিজৰ ওপৰতে খং উঠিছে এতিয়া।
আগলৈ.....

🖋️পূৰ্ণিমা হালৈ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send