মোৰ মগজুৰ কোঠাবোৰত
কবিতাৰ অনায়াস আহ্ যাহ্
চিত্ৰ বিচিত্র শব্দবোৰ বুকুৰ বঁকিয়াইদি
কুৰুকি কুৰুকি সোমাই
বিচৰণ কৰে পৃথিৱীৰ সেউজীয়া
প্ৰান্তৰে প্ৰান্তৰে ....
মই এতিয়া পাগল হৈ পৰিছোঁ
শব্দৰ প্ৰেমত
হাতত কলমটি তুলি ল'লেই
হৃদয় চাপৰি হৈ পৰে শব্দৰ লীলাভূমি
সিঁচি দিয়ে মুঠি মুঠি প্ৰেমৰ জোনাক
তাকে আদৰিবলৈ
উজাগৰে কটায় মোৰ
এবুকু হেঁপাহ
🖊️দীপিকা দাস সৰকাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ