বুদ্ধিয়ক ল’ৰা আৰু মূৰ্খ ৰজাৰ কাহিনী

এসময়ৰ কথা এখন দেশত এজন ৰজা আছিল ৷ ৰজাজন বৰ মূৰ্খ আছিল ৷ তাৰ মূৰ্খতাৰ কাৰণে কত যে নিৰপৰাধীৰ প্ৰাণ গৈছে সেইয়া গণি শেষ কৰিব নোৱাৰি ।এদিনাখনৰ কথা। বাৰ বছৰীয়া ল’ৰা এটাই খেলি আছিল ।ওচৰতে গৰু এটাই ঘাঁহ খাই আছিল ৷ ল’ৰাটোৱে মনে মনে গৈ গৰুটোৰ নেজত ধৰি উলমি দিলে ৷ গৰু ভয়তে চটফটাই চটফটাই সৰ্বশক্তি প্ৰয়োগ কৰি ল’ৰাটোৰ পৰা এৰাই পলাবলৈ ধৰিলে। গৰুটোৰ পাছে পাছে ল’ৰাটোও দৌৰিলে এনেতে গৰুটো গৈ কেঁচা পকী বেৰত খুন্দা খালে ৷ গৰুৰ খুন্দাত পকী বেৰ খহি পৰিল ৷ ইটাবোৰ গৰুটোৰ গাত পৰাত গৰুটো থিতাতে মৰি থাকিল ৷ সেই সময়তে গৰুৰ গৰাকী গৰু বিচাৰি সেই ঠাইত উপস্থিত হ'লহি ৷ ল’ৰাটোৱে গৰুটোৰ হত্যা কৰিলে বুলি গৰুৰ গৰাকীয়ে মূৰ্খ ৰজাৰ দৰবাৰত গৈ গোচৰ দিলে ৷ 

দৰবাৰত ল’ৰাটোক উপস্থিত কৰিবলৈ ৰজাই আদেশ দিলে। ল’ৰাটোক দৰবাৰলৈ মাতি আনিলে ৷

ৰজা : হে বালক তই গৰুটোৰ হত্যা কিয় কৰিলি ?ল’ৰা : ক্ষমা কৰিব মহাৰাজ মই গৰুটোৰ হত্যা কৰা নাই। মই খেলি থাকোতে গৰুটো দৌৰি গৈ পকী বেৰত খুন্দা খাই ইটাবোৰ গাত পৰাত গৰুটোৰ মৃত্যু হ’ল। গতিকে ইয়াত মোৰ দোষ নাই ৷ দোষ আছে  পকী বেৰৰ গৰাকীৰ ৷

ৰজা :তই ঠিকেই কৈছ।তোৰ দোষ নাই বেৰখন যিজনৰ হয় সেইজনহে দোষী। গতিকে পকী বেৰৰ গৰাকীক শীঘ্ৰে ধৰি অনা হওক ৷

পকী বেৰৰ গৰাকীক দৰবাৰত উপস্থিত কৰোৱা হ’ল৷

ৰজা : তই জাননে নাই যে তোৰ কেঁচা বেৰ পৰি গৰু এটাৰ মৃত্যু হৈছে? গতিকে তোক শাস্তি দিয়া হ'ব ৷

পকী বেৰৰ গৰাকী : নাই নাই মহাৰাজ ,ইয়াত মোৰ একো দোষ হ'ব নোৱাৰে ।পকী বেৰখন মোৰ কিন্তু বেৰখন ৰঘু মিস্ত্ৰীয়ে গাঁঠিছে ৷ তেওঁৰহে ভুল আছে ৷

ৰজা : তোৰ কথাটোও শুদ্ধ ।ৰঘু মিস্ত্ৰীক উপস্থিত কৰা যাওক ৷

ৰঘু মিস্ত্ৰীক মাতি অনা হ’ল ৷

ৰজা : ৰঘু মিস্ত্ৰী ,তই পকী বেৰটো মজবুতকৈ গাঁঠি নিদিয়াৰ বাবে পকী বেৰটো গৰু এটাৰ গাত পৰি গৰুটোৰ মৃত্যু হ’ল। গতিকে তই প্ৰকৃত শাস্তিৰ গৰাকী৷

ৰঘু মিস্ত্ৰী : ক্ষমা কৰিব মহাৰাজ ।পকী বেৰখন গঁঠা তিনি দিন হৈছে আৰু আপুনি জানেই পকী বেৰটো শুকাবলৈ বহুত দিন লাগে ৷তেনেহ’লে ইয়াত  মোৰ দোষ ক’ত ?

ৰজা : কথা পিছে হয়। কিন্তু মই বিপাঙত পৰিছোঁ বালকটোৱে কৈছে মই দোষী নহয় , পকী বেৰৰ গৰাকীয়ে কৈছে মই দোষী নহয় আকৌ মিস্ত্ৰীয়েও কৈছে মই দোষী নহয় তেনেহ’লে দোষী হয় কোন ?

ৰজাই মন্ত্ৰীলৈ চাই তুমিয়েই কোৱাচোন মন্ত্ৰী সিহঁতৰ ভিতৰত প্ৰকৃত অপৰাধী কোন ?

মন্ত্ৰীয়ে কিছু সময় ভাৱি ক’লে,

" মহাৰাজ মোৰ বোধে বালকটোৱে প্ৰকৃত অপৰাধী হ'ব ।কিয়নো সি গৰুটোৰ নেজত ধৰি কিয় খেলিব লাগে ৷ বালকটোৱে গৰুটোৰ পাছত নদৌৰা হ'লে গৰুটোৰ গাত পকী বেৰ পৰি নমৰিলহেঁতেন ৷ গতিকে প্ৰমাণিত হ’ল যে বালকটোৱেই দোষী ৷

ৰজা : বাঃ মন্ত্ৰী বাঃ তুমি উপহাৰৰ যোগ্য ।

মন্ত্ৰী : ধন্যবাদ মহাৰাজ ৷

ৰজাই বালকটোলৈ চাই ক’লে,

বালক তোৰ অন্তিম ইচ্ছা কি ? যিহেতু তোক গৰু হত্যাৰ অপৰাধত মৃত্যু দণ্ড দিয়া হ'ব ৷

বুদ্ধিয়ক ল’ৰা : মহাৰাজ নিশ্চয় মোক মৃত্যু দণ্ডই দিয়ক। কিন্তু তাৰ আগতে পেট ভৰাই ৰাজভোগ খোৱাৰ মোৰ ইচ্ছা ৷

ৰজা : উত্তম। বালকটোৰ কাৰণে ৰাজভোগৰ ব্যৱস্থা কৰা যাওক ৷

কিছু সময়ৰ পাছত ৰাজভোগ আনি বুদ্ধিয়ক ল’ৰাটোক খাবলৈ দিলে ৷ সি পেট ভৰাই ৰাজভোগ খাই অলপ জিৰণি লৈ ৰজাক ক’লে 

" মহাৰাজ এতিয়া মোক শীঘ্ৰে মৃত্যুদণ্ড দিয়ক নহ’লে সময় উকলি যাব শীঘ্ৰে মহাৰাজ শীঘ্ৰে "

ল’ৰাটোৰ মৃত্যুৰ প্ৰতি আগ্ৰহ দেখি ৰজাই আচৰিত হৈ সুধিলে

"  হে বালক তই কিয় সময় উকলি যাব বুলি কৈছ কি সময় উকলি যাব মোক বুজাই ক'চোন। বুদ্ধিয়ক ল’ৰাজনে কিছু পৰ ৰৈ ক’লে ,

" হয় মহাৰাজ কাৰণ শুনিছোঁ আজি স্বৰ্গত বিৰাট আয়োজন কৰিছে। তাত ভাল ভাল আহাৰ আৰু লগতে অপেশ্বৰীসকলৰ মনোমোহা নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে। গতিকে আপুনি জানেই যে মনুষ্য মৃত্যুৰ পাছত ক'লৈ যায় ৷ সেয়েহে মই সময় উকলি যাব বুলি কৈছোঁ এতিয়া দিয়ক মোক মৃত্যুদণ্ড অনুষ্ঠানৰ আৰম্ভণি হ'লেই চাগৈ "

মুৰ্খ ৰজাৰ স্বৰ্গৰ বৰ্ণনা শুনি লোভত জিভাৰ পানী পৰিবলৈ ধৰিলে ৷ ৰজাই মনে মনে ভাৱিলে মোৰ নিচিনা প্ৰতাপী আৰু বুদ্ধিমান জ্ঞানী ৰজা থাকোতে এই সাধাৰণ বাৰবছৰীয়া বালকটোৱে স্বৰ্গৰ অনুষ্ঠান উপভোগ কৰিব? নাই নাই, মই এয়া হবলৈ নিদিওঁ "

ৰজাই মন্ত্ৰীক ক’লে ,

মন্ত্ৰী মোৰ আদেশ আছে বালকটোক মৃত্যু দণ্ড নিদি মোক দিয়া। তেনেই সৰু বালক তাৰ জীৱনটোত একো দেখাই নাই ।গতিকে তাৰ বিপৰীতে মই তাৰ অপৰাধৰ শাস্তি লবলৈ সাজো। শীঘ্ৰে মোৰ মূৰটো তৰোৱালেৰে ছেদ কৰা। "

মন্ত্ৰী বেচেৰাই কি কৰিব ৰজাৰ আদেশ পালন কৰিবই লাগিব ৷ ফলত মূৰ্খ ৰজাৰ  মূৰটো তৰোৱালখনেৰে কাটি পেলালে ৷

দেশৰ জনসাধাৰণ মূৰ্খ ৰজাৰ শাসনৰ পৰা ৰক্ষা পৰিল আৰু বুদ্ধিয়ক ল’ৰাটোক সেইখন দেশৰ ৰজা ঘোষিত কৰিলে ৷


শিক্ষা : বুদ্ধিৰে মৃত্যুকো জয় কৰিব পাৰি ।

অৰ্থাৎ বুদ্ধিৰ বলত যিকোনো ডাঙৰ বিপদৰ পৰা ৰক্ষা পোৱা যায় ৷

📝দুলাল ৰবিদাস


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send