সমাজবিজ্ঞানী হিচাপে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা

Rinku Rajowar
0
             "  শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্বক ভেদি
              প্ৰচাৰিলে কৃষ্ণৰ ভকতি।
              তাঙ্ক এৰি কি কাৰণে আনক বুলয় গুৰু
              কিনো লোক মহা মূঢ়মতি।।"

নৱবৈষ্ণৱ ভাগৱতী ধৰ্মৰ প্ৰচাৰক,অসমৰ ধৰ্মীয়,সাংস্কৃতিক তথা সামাজিক জীৱনৰ গুৰিধৰোঁতা, সামগ্ৰিকভাৱে অসমীয়া জাতীয় জীৱনৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ অসম-অসমীয়াৰ সামাজিক জীৱনৰ পথ প্ৰদৰ্শক।মধ্যযুগীয় অসমৰ অসমীয়াৰ সামাজিক জীৱনৰ এক অনুকাৰাচন্ন সময়ত গুৰুজনাই নিজৰ প্ৰজ্ঞা আৰু ধীশক্তিৰে  ওৰেটো জীৱন সমাজৰ বাবে চিন্তাৰ কৰ্ষণ কৰি তাৰ সোণবৰণীয়া ফচলেৰে সমগ্ৰ অসমীয়া জাতিটোক এক সঞ্জীৱনী সুধা দান কৰি গৈছে।
             ১৪৪৯ খ্ৰীষ্টাব্দত নগাওঁ ৰ বৰদোৱা আলিপুখুৰী নামৰ ঠাইত জন্ম লাভ কৰা গুৰুজনা এজন ধৰ্মপ্ৰচাৰক ৰূপে গণ্য কৰিলে তেওঁৰ প্ৰতিভাৰ প্ৰকৃত মূল্যায়ন নহয়।এখন ৰুগ্ন আৰু ভগ্ন সমাজত জ্ঞানৰ পোহৰ সিঁচিবলৈ গুৰুজনাই অশেষ কষ্ট কৰিছিল।তেওঁ ধৰ্মৰ নামত সমাজত চলি থকা অন্যায়-অবিচাৰ,আমানৱীয় কাণ্ড আৰু অযুক্তিকৰ আচাৰ - আচৰণবোৰ নিৰ্মূল কৰিবলৈ যত্ন কৰিছিল।বলি - বিধান,জাতিভেদ প্ৰথা,অন্ধবিশ্বাস আদিৰ বিৰোধিতা কৰিছিল।এজন সমাজবিজ্ঞানী হিচাপে তেওঁ এখন গণতান্ত্ৰিক সমাজৰ সপোন দেখিছিল।তেওঁ অসমীয়া মানুহৰ খাদ্য,সাজ-পাৰ,আচৰণ,মানসিকতা আদিৰ সংশোধন কৰি এখন সুস্থ অসমীয়া সমাজ গঢ় দিব বিচাৰিছিল।তেওঁ সমাজৰ সৰু-বৰ সকলো দিশৰ সংশোধন কৰিব  বিচাৰিছিল কেৱল ধৰ্মৰ মাধ্যমেৰে।তেওঁৰ প্ৰচাৰিত ধৰ্মত কোনো আঁহফলা নীতি নাই, সমাজৰ সকলো লোককে সাৱটি লোৱাই তেওঁৰ উদ্দেশ্য আছিল।শংকৰদেৱৰ সপোনৰ সমাজখন আছিল এখন সাম্য আৰু মানৱতাৰে পৰিপূৰ্ণ আদৰ্শ সমাজ।
              অসমৰ সহজ-সৰল জনসাধাৰণক আড়ম্বৰপূৰ্ণ  ব্ৰাহ্মণ্যকেন্দ্ৰিক ধৰ্মই ভগৱানৰ সেৱাৰ পৰা বঞ্চিত কৰিছিল।তেওঁ এক শৰণ নাম ধৰ্মৰ প্ৰচাৰেৰে সমাজত এখন সাম্যবাদী সমাজ প্ৰতিষ্ঠা কৰিছিল।তেওঁক এগৰাকী সমাজবিজ্ঞানী হিচাপে ল'ব পাৰো কিয়নো,এখন সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত  তেওঁ সংগ্ৰামী জীৱন- যাপন কৰিছিল।তেওঁ অসমীয়া মানুহক বিশ্বাস কৰালে যে সকলোৰে মাজত একেই প্ৰাণ বিদ্যমান। 
            নামঘৰ প্ৰতিষ্ঠাৰ মাজেৰে এক গণতান্ত্ৰিক চিন্তাধাৰাৰ প্ৰকাশ কৰিছে।ভক্তিৰ মাজেৰেই অসমীয়া সমাজত আহাৰ  সাত্বিকতা ধাৰণা প্ৰদান কৰিছিল।
      এনেদৰে বিচাৰ কৰি চালে বুজিব পাৰি যে শংকৰদেৱ এজন গণতান্ত্ৰিক চেতনাৰে উদ্বুদ্ধ সমাজবিজ্ঞানী তথা সমাজদাৰ্শনিক।

🖊️ প্ৰিয়ংকা গায়ন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)