শিশুবোৰ ফুলৰ দৰে (আমি অতি সৰু ল'ৰা)

©Admin
0
হে ভগৱান দয়াৰ সাগৰ কৰুণাময় তুমি কিবা এটা কৰা ।আমি নিচেই অকণি , সৰু ল'ৰা আমি একো নাজানো , ডাঙৰে কোৱা শুনিছো তুমি হেনো আমাৰ কথা শুনা । সেয়েহে হে প্রভু কাতৰে প্রাৰ্থনা কৰিছোঁ অতি সোনকালে কিবা এটা কৰা । নহ'লে আমাৰ বহু ক্ষতি হ'ব ।আজি ছয়মাহ হ'ল বিদ্যালয়ৰ চোতাল গচকিবলৈ পোৱা নাই । আমাৰ মৰমৰ পঢ়াশালিখন বন জংঘলেৰে আৱৰ ধৰিছে , লেতেৰা হৈছে ।আঁতৰৰ পৰা চাই আহো , দুখ লাগে , চকুলো ওলাই যায় ভিতৰত সোমাব নোৱাৰো ।আমাৰ পঢ়া-শুনা এনেদৰে ক্ষতি হৈ থাকিলে বেয়া নহ'বনে ? এটা ভাইৰাচৰ সংক্ৰমণৰ বাবে কিমান মানুহৰ মৃত্যু হ'ল , কিমানৰ ধনৰ ক্ষতি হ'ল তাক বিজ্ঞানেও আজি পৰ্যন্ত একো কৰিব পৰা নাই ।আমাৰ শিক্ষাগুৰু সকলক দেখা নাই , তেখেতসকলৰ কথা শুনিবলৈ পোৱা নাই ,তাৰবাবে আমাৰ অন্তৰত বহু দুখ লাগি আছে ।তাৰবাবে তুমি কিবা এটা কৰা প্রভু ।আমাৰ পঢ়াশালিসমূহ খুলিব পৰাকৈ এটা পৰিৱেশ আনি দিয়া , সময়বিলাক আকৌ আগৰ দৰে কৰি দিয়া যাতে আমি হাঁহি হাঁহি বিদ্যালয়লৈ যাব পাৰো , ছাৰসকলৰ মুখৰ অমৃতবাণী আমি শুনিব পাৰো যাৰ পৰা আমাৰ ভৱিষ্যত জীৱন সুন্দৰ হ'ব ।সেই সুযোগ আমাক আনি দিয়া প্রভু ।তোমাৰ মহিমা আমি বুজিব নোৱাৰো আমি যে অকণি সৰু ল'ৰা তোমাৰ মৰমৰ জেউতি আমাৰ হিয়াত বিলাই দি আমাক শিক্ষা গ্রহণ কৰিবলৈ উপযুক্ত পৰিৱেশ এটা দিয়া প্রভু ।আমি যদি দেশৰ ধৰণী হয় সেই ধৰণীক কিয় নিশকতীয়া হ'বলৈ দিছা প্রভু ?যিয়ে আমাৰ এনে এটা অভূতপূৰ্ব পৰিৱেশ সৃষ্টি কৰিলে তাক তুমি কিয় এতিয়াও একো শাস্তি দিয়া নাই ?তোমাক প্ৰাৰ্থনা প্রভু তাক এনেকুৱা শাস্তি দিয়া যাতে পিছলৈ পুনৰ এনে কৰিবলৈ বেলেগে যাতে সাহস কৰিব নোৱাৰে ।আমি আশা ৰাখিছো হে ভগৱান তুমি আমাৰ প্রাৰ্থনা নিশ্চয় শুনিবা । আমি যে অকণি আমি অতি সৰু ল'ৰা । আমি আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগে । মা দেউতাহঁতে আমাক সুনাগৰিক কৰি গঢ়িবৰ কাৰণে কিমান কষ্ট কৰিছে , কিমান ত্যাগ কৰিছে সেয়া তুমি নেদেখা নহয় ।
 আমি বিদ্যাশিক্ষাৰে উপযুক্ত হৈ মা-দেউতাৰ আমাৰ শিক্ষাগুৰুসকলৰ সন্মান ৰক্ষা কৰিব পাৰো ।কিন্তু এনেদৰে বিদ্যালয়ৰ পৰা বঞ্চিত হৈ থাকিলে আমাৰ বাৰু লক্ষ্য পুৰণ হ'বনে ? গতিকে তুমি কিবা এটা কৰা ।চৰকাৰে হেনো ছাৰসকলক কৈছে online পদ্ধতিৰে আমাক শিক্ষাদান কৰিবলৈ । সেইবোৰ শিক্ষা চহৰ অঞ্চলত বহুলভাৱ উপলব্ধ হ'ব ।কিন্তু আমাৰ দৰে গাঁও অঞ্চলত সেই সুবিধা পৰ্যাপ্ত পৰিমাণত নাই । সেই শিক্ষা গ্রহণ কৰিব পৰাকৈ যি যন্ত্রৰ আৱশ্যক সেই সমূহ আমাৰ অভিভাৱক সকলে আনি দিব নোৱাৰে । লগতে যিকেইজনে পাৰে তাৰো কিছু সংখ্যকে তাৰ ব্যৱহাৰ নাজানে । গতিকে সেই শিক্ষাৰে আমাৰ দৰে ছাত্ৰ ছাত্ৰীৰ মাত্ৰ কেইজন মানেহে সেই সুবিধা ল'ব পাৰিব । বাকী বেছি সংখ্যকে লাভৱান হ'ব নোৱাৰিব ।গতিকে প্রভু আমাক সহায় কৰা । আমি সৰু ল'ৰা বাবে তোমাক মিনতি কৰিব নাজানো ।গতিকে তুমি তোমাৰ মৰম জেউতি আমাৰ শিৰত বৰ্ষণ কৰা ।তোমাৰ মৰম জেউতি আমাৰ ওপৰত পৰিলেহে আমীলৈ সুদিন আহিব ।এই বিভীষিকাৰ পৰা আমাক উদ্ধাৰ কৰা প্রভু ।নহ'লে আমাৰ পৰিত্ৰাণ নাই ।আমাক বিদ্যালয়লৈ যোৱাৰ বাট মুকলি কৰি দিয়া প্রভু ।আমি গাব পাৰো......
 আমি ফুলনিৰ একোপাহি ফুল 
  হালি জালি থাকো ফুলি
  ঘৰলৈ যাবলৈ মনেই নাজাই
  এৰি থৈ পঢ়াশালি | |

    🖋️হেমেন হাজৰিকা
   মিৰ্জা, কামৰূপ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)