মোৰ ভুল ক'ত হ'ল !
আচলতে ভুল মোৰ নে তহঁতৰ!
মই বিধবা হোৱাটোৱেই ভুল আছিল নেকি?
হমম... মই যে নাৰী
সেয়ে হয়তো ময়ে হ'ম সুযোগ সন্ধানী ।
সমস্ত বস্ত্ৰ টানি- আজুঁৰি ফালি ,
মোৰ দেহৰ ওপৰত জপিয়াই পৰ' ৰাতি ৰাতি;
তহঁতেই চোন টেটু ফালি চিঞৰ,
নাৰী সুৰক্ষাৰ ওপৰত ডাঙৰ ডাঙৰ ভাষণ দিয়
আৰু জাউৰিয়ে জাউৰিয়ে হাত তালি লৈ
নিশা হোৱাৰ লগে লগে কি পাহৰি যাৱ
তহঁতৰ নাৰী সুৰক্ষা!
( হি হি ) মোৰ চোন এতিয়া অভাৱেই নাই ,
কাৰোবাৰ ক্ষুধা পূৰাব পাৰিলেই
হাতত টকা ভৰি পৰে আহি ।
আচলতে তহঁত দিনত হ'লে ৰক্ষক
আৰু ৰাতি হ'লে ভক্ষক
মোৰ দৰে অৱহেলিত বিধবাক
জীৱন জীয়াৰ লালসা দেখুৱাই
নিজৰ প্ৰয়োজনত প্ৰকৃত স্বৰূপো দেখুৱাৱ উদঙাই ।
সেয়েহে কওঁ ,
তহঁত দিনত হ'লে ৰক্ষক
আৰু ৰাতি হ'লে ভক্ষক ।
হিচাপ জানো আছে তহঁতৰ,
কিমান জনী যে তিৰোতাৰ নষ্ট কৰিলি ভ্ৰূণ !
পিছে চলিব নো কিমান দিন এনে বেহা !
খোল খাবই তহঁতৰ মুখা ।
জীৱন জীয়াৰ লালসাত
চুৰকেই পাতিছিলো ৰজা ।।
📝গাৰ্গী শিল্পী
👌👌👌👌
ReplyDelete