কিতাপ কিনো আহাঁ

©Admin
0
অকনমানি ভাইটি ভন্টি 
কিতাপ কিনো আহাঁ। 
গ্ৰন্থ মেলালৈ যাওঁ 
হেঁপাহ পলুৱাই চাবা।
হাতে হাতে কিতাপ ল'বা 
মিলিজুলি জয় গান গাবা।
ভাল ভাল কিতাপ কিনিবা
কিতাপ পঢ়ি আগবাঢ়ি যাবা।
আধ্যাত্মিক শিক্ষা,নীতি শিক্ষা 
সকলো কিতাপতে পাবা।
কিতাপ পঢ়ি লিখিব পাৰিবা 
আকাশৰ তৰা। 
পিতৃ মাতৃক সন্মান কৰা 
তোমালোকৰ কৰ্ত্তব্য। 
শিক্ষা গুৰু আশীৰ্বাদ সদায় থাকিব
শুনিবা উচিত মন্তব্য। 
কিতাপ পঢ়ি জ্ঞান লভিবা
পুন্য কাম কৰিলে 
পুন্য ফল পাবা।
এলাহ নকৰিবা 
কিতাপ পঢ়িবা সদায়। 
জানিবা ভাল কিতাপে
ভাল সুন্দৰ পথ দেখুৱাই। 

🖋️হিৰণ্য চেতিয়া গগৈ 
টেঙা খাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)