অশান্তি

 : এইটোৰ লগত নোৱাৰা হৈছোঁ আৰু! আজি ইয়াক মই নেৰো।
 : এনেখন কিয় কৰিছা? কি হ'ল?
 : মানুহবোৰৰ কথা শুনিব নোৱাৰো দেই মই! আজি শইকীয়ানীয়ে যিমানখিনি ক'লে, মই বুলিহে সহ্য কৰিছোঁ। আজি কিবা এটা হেস্ত নেস্ত হ'বই লাগিব!
  মানুহজনীৰ ৰণচণ্ডী মূৰ্তি দেখি তেওঁ একো নক'লে।
     অলপ পৰ পিছত ৰমা কচাইৰ পৰা হিচাপ কৰি টকা কেইটা লৈ পখৰা ছাগলীটোক বিদায় দি মানুহজনী কিছু শান্ত হ'ল।
                                     
 ✒️ অৰুণিমা ভট্টাচাৰ্য্য।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send