আগমন ঘটিল ঋতুৰ ৰাণী
আহিবলৈ সাজু মহিষমৰ্দিনী
নিয়ৰ আৰু দুৱৰিৰ শুভ্ৰ দলিচাত
শেৱালিয়ে কৰিবলৈ লৈছেই শয়ন,
মাথোঁ দেশৰ জনগণে
ক'ৰোনাৰ সংহাৰী মুৰ্ত্তিত
দেখিছে ত্ৰাহি মধুসুধন
আঁতৰি গৈছে নিদ্ৰা ৰাণী
কৰি আমাৰ টোপনি হৰণ
ভাবিয়েই পোৱা নাই
মা শাৰদীক কিদৰে জনাওঁ আৱাহন
তথাপি জীৱন আৰু উৎসৱ পাৰ্বনৰ
দুয়োকুল ৰক্ষা কৰি
অনুষ্ঠুপিয়াকৈ কৰিম দুৰ্গোৎসৱ পালন।
✒️ব্ৰহ্মদেৱ গোস্বামী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ