ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণ,শিক্ষক দিৱস আৰু বৰ্তমান

Rinku Rajowar
0
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ আধুনিক শিক্ষা
সমাজৰ এগৰাকী যুগদ্ৰষ্ট্ৰা আছিল ,সেয়েহে তেওঁ
বিশ্বাস কৰিছিল "মানুহেই মানুহৰ ভৱিষ্যৎ" বুলি লগতে তেওঁ আৰু বিশ্বাস কৰিছিল শিক্ষাই ব্যক্তিৰ
অন্তনিৰ্হিত সত্ত্বাক উপলব্ধি কৰাত সহায় কৰে বুলি। 
        ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয় এতিয়াৰ চেন্নাইৰ (South India near Madras)ৰ এটা ব্ৰাক্ষ্মীণ পৰিয়ালত -- 1888 চনৰ 5 September ত ।
      1962 চনত শিক্ষক সকলোক সন্মান দিয়াৰ লগতে উচ্চ শিক্ষাৰ প্ৰসাৰতাৰ বাবে মহামনীষী, মহান দাৰ্শনিক,পণ্ডিত,আদৰ্শবান শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণণে তেওঁৰ জন্মদিনটো অকল তেওঁৰ জন্মদিন বুলিয়ে সিমিত সীমাতে নাৰাখি সকলো শিক্ষকৰ নামতে উৰ্চগা কৰিছিল |
        এইগৰাকী ৰাধাকৃষ্ণণৰ আদৰ্শকে যুগে যুগে শিক্ষান্বেষী ভাৰতীয়ৰ মাজত প্ৰবাহৰ উদ্দেশ্যেই দেশত বৈ থাকিব অনাদিকাললৈ শিক্ষক দিৱস ।
            শিক্ষক দিৱস আমাৰ বিদ্যালয় বোৰতো পালন কৰি আহিছে অতীজৰে পৰা  কিন্তু আজিৰ দৰে হৈ চৈৰ উৎসৱ হিচাবে নহয় , আমাৰ মনত শিক্ষক দিৱস মানে  পবিত্ৰ উৎসৱ আছিল ।বৰ্তমান কিন্তু সেয়া নহয় ,বৰ্তমান দেখা যায় --  ছাত্ৰ বা ছাত্ৰী জনে গম পায় নে নাই অভিভাৱকে আবেলিলৈকে ঘৰলৈ নিমন্ত্ৰণ কৰে তেওঁলোকৰ  প্ৰিয় নে প্ৰয়োজনীয় শিক্ষক-
শিক্ষয়ত্ৰীক বা ৰাতিলৈ এসাজ লগে-ভাগে খাবলৈও । পৰা জনে বহু দামি উপহাৰো  দিয়ে বিশেষকৈ  কিছু ব্যক্তিগত বিদ্যালয়ৰ ক্ষেত্ৰত ।  বৰ্তমান  বিশেষকৈ সমাজৰ মানৱীয় মূল্যবোধৰ বহু অৱক্ষয় হৈছে, সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে গৰাখহনীয়া ৰূপৰ হৈ পৰিছে এনে স্থলত দেখা যায় সৰ্বপল্লীদেৱৰ শিক্ষানীতি বা শিক্ষকৰ প্ৰতি যি কৰ্মৰাজি যি উদ্দেশ্য আছিল সেয়া এতিয়া মূল্যায়ন কৰাটো জটিল হৈ পৰিছে । বৰ্তমান দেখিবলৈ পোৱা নাযায় তেনে ছাত্ৰ-ছাত্ৰী যিয়ে শিক্ষা গুৰুক সহ সন্মানেৰে ভক্তি কৰে এতিয়া যেন এইবোৰ ম্লান হৈ পৰিছে ,বা ৰাধাকৃষ্ণণৰ দৰে দক্ষতা থকা শিক্ষকৰ সংখ্যা সমগ্ৰ অসম কি ভাৰতবৰ্ষতে আঙুলিৰ মূৰত লেখিব পাৰি , তেনে জ্ঞানগৰ্ভ ঋষিতুল্য অতীজত ভাৰতবৰ্ষত বহু জন আছিল তাৰে ভিতৰত ক'ব পাৰি প্ৰজ্বলিত ব্যক্তিত্ব থকা ব্যক্তি প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম ।  শিক্ষক দিৱসত  ছাত্ৰ- শিক্ষক ৰ মাজত  আস্থাভাজন হোৱাটোহে প্ৰয়োজন হব লাগে, কিন্তু বৰ্তমান এয়া দেখা পোৱা নাযায় ।শিক্ষক দিৱস মানেই দুদিন মান আগৰেই পৰা আজি কালি হৈ চৈ হোৱা দেখা যায় । পাৰ্টি কেনেকুৱাকৈ পাতিব  , কি খুৱাব,ক'ত কেক্,মিঠাই অৰ্ডাৰ দিব এক উগুল- থুগুল পৰিবেশ এটা হৈ পৰে ।
যিহেতু এই কেইটামান বছৰতে ঢাপ ঢাপ কৈ দেশ প্ৰগতিপথলৈ গৈছে শ্বেয়াৰ বজাৰৰ দৰে । বিশেষ কৈ এই ডিজিটেল যুগত অসম্ভৱ ভাবে ৰাতিটে দেশ এখোপ আগবাঢ়ি গৈ আছে । গতিকে সেইদিন আজিৰ দিন -- এইবোৰ কৈ লাভ নাই , এতিয়া সমগ্ৰ বিশ্বতে বিশ্বায়নৰ ধুমুহা বলিছে।
       শিক্ষক দিৱস আজি-কালি দুদিন আগৰে পৰা হোলঘৰ নানা ধৰণেৰে অত্যাধুনিক বেলুন, ৰিবন , স্প্ৰে ইত্যাদিৰে ভৰাই পেলায় , আজি -কালি  এই দিৱসটো এক আভিজাত্যৰ জাক-জমকতাৰে পালন কৰা হৈ গৈছে ,সেয়েহে এই উৎসৱৰ বাবে ও অভিভাৱকে নিজৰ সন্তানক এক মোটা অংক দিব লগা হয় । চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এনে বিদ্যালয়ৰ এনেকৈ পতা উৎসৱ দেখি মনৰ মাজত কিহবাৰ বেদনাই ভুমুকি নামাৰিব নে ??
           বৰ্তমান শিক্ষা ব্যৱস্থাক  পুঁজিবাদ আৰু বিশ্বায়নকেন্দ্ৰিক অৰ্থনীতিৰ ব্যক্তিগত খণ্ডৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ লৈ যোৱা হৈছে  তেনেদৰে যেনে এই দিৱসটোকো লৈ গৈছে ।এয়া অনুভৱ হয় ,দিনক দিনে কিছু আমাৰ ভাৰতীয় মূলৰ বাহিৰৰ দিৱস তথা দে বোৰ আহি আমাক নতুন নতুন বতাহত উৰাই ফুৰাইছে মাথোঁ পুঁজিপতি গোষ্ঠীৰ মুনাফা কেন্দ্ৰিক বজাৰক লক্ষ্য কৰিহে ,
যেনেদৰে ৰাজনীতি, অৰ্থনীতি এতিয়া মুক্ত অৰ্থনীতিৰ কৱলত পৰি পুঁজিবাদক শক্তিশালী কৰা আৰু অধিক মুনাফা আদায় কৰাক গুৰুত্ব দিয়া হৈছে  তেনেদৰে শিক্ষানীতিকো গ্ৰাস কৰি পেলাইছে ।এনেদৰে শিক্ষক দিৱসটোক কোনো পুঁজিপতিৰ মুনাফা হবলৈ দিয়াটো জানো ঠিক হব ? এনেদৰে শিক্ষক দিৱস উৎসৱ মুখৰকৈ পতাটো প্ৰয়োজন হৈ পৰিছে নেকি ! এটা প্ৰশ্ন মনৰ মাজত আহি খুন্দা মাৰিছে ।  হয়তো বৰ্তমান মূল্যবোধৰ শিক্ষাতকৈ পেছাগত শিক্ষাত অধিক গুৰুত্ব দিয়া হোৱাৰ বাবে নেকি এনেকুৱা হৈছে । নে বৰ্তমান শিক্ষা ব্যৱস্থাটোত পৰীক্ষা মুখীহৈ নম্বৰতে দক্ষতা তথা অৰ্হতা হৈ পৰাৰ বাবেই । তাৰফলত বহুতো মেধাৱী ছাত্ৰয়ো দক্ষতা হেৰাব লগিয়াত পৰে আৰু ইয়াৰ বাবেই সুস্থ সমাজ গঢ়াত ক্ৰুটি হৈ পৰিছে। যিহেতু শিক্ষক আৰু ছাত্ৰ এই দুটা ইজনে সিজনৰ পৰিপূৰক , শিক্ষক নহ'লে যেনেকৈ ছাত্ৰৰ অস্তিত্ব নাই, ঠিক তেনেদৰে ছাত্ৰ নহ'লেও শিক্ষকৰ অস্তিত্ব শূন্য ।ছাত্ৰ-শিক্ষকৰ সু সম্পৰ্কই আৰু সহ প্ৰচেষ্টাতে সৃষ্টি কৰে ভৱিষ্যৎৰ এখন সুস্থ সমাজ  ।
" বিদ্যা দদাতি বিনয়ম, বিনয়াদ য়াতি পাত্ৰতাম" --
এশাৰী সংস্কৃত শ্লোক আমাৰ ভাৰতীয় মানুহৰ অন্তৰত অতীতৰে পৰা প্ৰভাবিত কৰি আহিছে --যে
বিদ্যা আহৰণে মানুহক যিমানে জ্ঞানৰ উচ্চ স্তৰলৈ লৈ নাযাওক কিয় প্ৰকৃত জ্ঞানে মানুহক অহংকাৰী
নকৰে,বৰং সহনশীল সহ্যগুণি কৰি বহু ওপৰলৈ 
ধাবমান কৰে।
যিনেকি এই উৎসৱ পাৰ হ'লেই  ছাত্ৰ-ছাত্ৰীৰ তথা কিছু শিক্ষকৰো নৈতিক চৰিত্ৰৰ কথাবোৰ আমি দেখিব লগা হয় ।এয়া আচলতে নীতিগত শিক্ষাৰ অভাৱত হে হৈ পৰিছে ,তাতকৈ ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণণদেৱৰ  যি নীতি আছিল বা শিক্ষক তথা শিক্ষাৰ প্ৰসৰতাৰ বাবে তেওঁৰ জন্ম দিনটো সকলো শিক্ষকৰ বাবে অৰ্পণ কৰিছিল আমি সেই নীতি আগত ৰাখিহে এই
শিক্ষক দিৱস মহানুভূতিৰে উদ্ যাপিত কৰিলেহে এই দিৱসৰ তথা তেওঁৰ ত্যাগৰ মহানতাক সন্মান জনোৱা হব। তেতিয়া হে আমি তেওঁক শ্ৰদ্ধা কৰা হব আৰু আমাৰ নতুন
প্ৰজন্মায়ো শিক্ষক দিৱসৰ গুৰুত্ব বুজিব । লগতে তেওঁৰ সন্মানৰ অৰ্থেই ছাত্ৰ-ছাত্ৰীবোৰে অনৈতিক কামলৈ আগনাবাঢ়িব । এই ক্ষেত্ৰত 
অকল ছাত্ৰ- ছাত্ৰীক আমি দোষ দিলেই নহব আমি সিহঁতক নিজেই আদৰ্শ দেখুৱাব লাগিব -
শিক্ষক, অভিভাৱক আৰু দেশৰ জনসাধাৰণে ।

            কাৰণ নীতিগত শিক্ষাৰ অভাৱতেই আজি -কালিৰ ছাত্ৰ-ছাত্ৰীয়ে  নানা ধৰণৰ অমাৰ্জিত কাম কৰিব ধৰিছে ,এইখিনিতে শিক্ষক-শিক্ষিয়ত্ৰীৰো কৰণিয় কাম আছে তেওঁ লোকেৰো দেশৰ উন্নতিৰ বাবেই ছাত্ৰ-ছাত্ৰীক উচিত নীতি শিক্ষাৰে শিক্ষা দিব লাগিব । তেনেদৰে অভিভাৱকেও বৰ্তমান যুগত ব্যস্ততাৰ বাবে সময় দিব নোৱাৰিলেও যিকণ সময় দিয়ে
সুস্থ শিক্ষা তথা  নিষ্ঠাবান শিক্ষা দিয়ে । তেতিয়া হে আজিৰ ছাত্ৰ-ছাত্ৰী কাইলৈৰ সুস্থ নাগৰিক হৈ সুস্থ এখন দেশ  গঢ়িব পাৰিব ।
              যদিহে শিক্ষকে হওক বা অভিভাৱকেও হওক এই হৈ-চৈ কৈ পতা দিৱসকটোক সঁহাৰি দি ছাত্ৰ-ছাত্ৰীক আগবঢ়ায় বা সিহঁতে নিজেই
আগবাঢ়ি এই উৎসৱ জাকজমকতাৰে পাতি কিবা লাভ হব যদিহে ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণণৰ
আদৰ্শয়ে নাজানে বা সন্মান নকৰে ! 
      সেয়েহে
প্ৰথমতে আমি আমাৰ উত্তৰপুৰুষক তেওঁৰ আদৰ্শ কি বুজাব লাগিব আৰু গুৰুজনক সন্মান কৰিব শিকালেহে শিক্ষক দিৱস পতাৰ সাৰ্থকতা হব ।শিক্ষক দিৱসৰ প্ৰকৃত তাৎপৰ্য্য আৰু মৰ্য্যদা ছাত্ৰ-ছাত্ৰীক জনাব লাগিব তেতিয়া হে  শিক্ষক দিৱস সাৰ্থক হব।
             আমাৰ বৰ্তমান দায়িত্ব বহুতো আহি পৰিছে আজিৰ শিক্ষক দিৱসৰ লগত সংগতি
নাথাকিলেও  কব বিচাৰিছো যে বৰ্তমান ৰাজ্যৰ
মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি নামি অহা সংকট  আৰু চৰকাৰী খণ্ডৰ শিক্ষাৰ বিপৰ্যয়ৰ মূল কাৰণ হৈছে নতুন দিল্লীয়ে কাৰ্যকাৰী কৰা নব্য উদাৰবাদী অৰ্থনীতি । বৰ্তমান আমাৰ দেশত বহুজাতিক গোষ্ঠীৰ নিয়ন্ত্ৰণধীন হৈ পৰা শিক্ষা ব্যৱস্থাত থলুৱা মাতৃভাষা,গুৰুত্বহীন হৈ পৰিছে ।ৰাজ্য চৰকাৰেও বহু কৌশলেৰে অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ নোহোৱা হোৱাৰ অজুহাতত
চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ দায় -দায়িত্ব এৰাৰ বাবে তৎপৰ হৈছে।
            শিক্ষা ব্যৱস্থাক লৈ কব লাগিলে বহুতো আছে ,মাথোঁ আমি এতিয়া সজাগ হবৰ হ'ল ,নহ'লে অসমৰ চৌদিশে  ক্ৰমান্বয়ে বাঢ়ি অহা বহু জাতিক গোষ্ঠীৰ নিয়ন্ত্ৰণাধীন হৈ পৰা 
শিক্ষা ব্যৱস্থাত থলুৱাৰ মাতৃভাষা গুৰুত্বহীন হৈ
মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বোৰৰ অৱস্থা সংকটপন্ন হৈ পৰিব । 
          ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণণৰ এই দিৱসকলৈ যি উদ্দেশ্য আছিল সেই উদ্দেশ্য আগত ৰাখিহে 
এই দিৱস পালন কৰিলে ছাত্ৰ-ছাত্ৰীৰ মনলৈ শিক্ষক তথা গুৰুজনলৈ শ্ৰদ্ধা-ভক্তি আহিব।
           এই শিক্ষক দিৱসৰ মহান উদ্দেশ্যক শিক্ষক তথা অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে 
উপলব্ধি কৰিব পাৰিলে হে প্ৰকৃত মূল্যায়ন কৰা 
হব শিক্ষক দিৱসৰ ।

🖋️হীৰামনি শৰ্মা উপমন্যু
গুৱাহাটী,বেলতলা-28

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)