শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা

Rinku Rajowar
0
শিক্ষাই হ'ল জ্ঞানৰ প্রতীক। জ্ঞানে ব্যক্তিক এটা সফল জীৱন যাপন কৰাত সহায় কৰে। জ্ঞানৰ দৰে সঁচা অৰ্থত কবলৈ গলে এই পৃথিৱীত প্রবিত্র বস্তু আৰু একো নাই। এজন ব্যক্তিক এটা সুস্থ জীৱন যাপন কৰিবলৈ প্ৰস্তুত কৰি তোলাটো শিক্ষাৰ এটা প্ৰধান অংগস্বৰূপ। এজন সু-নাগৰিক হবলৈ শিক্ষাৰ দ্ধাৰা শিক্ষিত হোৱা তাৰ ওপৰি আর্থিক ভাবে উপাৰ্জন কৰিবলৈ সক্ষম হব লাগিব। শিক্ষাই আজি সমাজত প্ৰচলিত কিছুমান কু-সংস্কাৰ, কু-অভ্যাস আৰু অন্ধবিশ্বাস আদিৰ পৰা মুক্ত হোৱাত সহায় কৰে। 
          সাধাৰণ অৰ্থত নিদিষ্ট উদ্দেশ্য আগত ৰাখি বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পুথিগত অধ্যয়নৰ যোগেদি লাভ কৰা জ্ঞানেই হল শিক্ষা। বহল অৰ্থত জন্মৰ পৰা মৃত্যুলৈকে যি জ্ঞান অবিৰত বাবে চলি থাকে সেয়াই হ'ল শিক্ষা। শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা গুৰুত্বপূৰ্ণ।শিক্ষাদান প্রক্রিয়াত শিক্ষাত শিক্ষকৰ শিক্ষক সৰ্বাধিক গুৰুত্ব আৰু দায়িত্ব প্ৰদান কৰিছে। ৰাজনীতি বিজ্ঞানৰ পৃতি এৰিষ্টটলে কৈছিল - “ এজন শিক্ষক হ'ব লাগিব শাৰীৰিক ভাৱে উপযুক্ত, আবেগিকভাবে ধীৰ স্থিৰ,মানসিক ভাবে সজাগ, সামাজিক ভাবে কৰ্মপটু আৰু আধ্যাত্মিক ভাৱে ঈশ্বৰৰ প্ৰতি ভক্তি থকা লোক”।
        শিক্ষকে শিক্ষাৰ্থীৰ মাজত জ্ঞানৰ পোহৰ সিঁচৰিত কৰে। এক অৰ্থত ক'বলৈ গ'লে শিক্ষক ছাত্র ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ পথ প্ৰদৰ্শক আৰু এজন বন্ধুও। দাৰ্শনিক চিন্তা ধাৰাসমুহে শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা সম্পৰ্কে মত পোষণ কৰিছে। দৰ্শনৰ মতে শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষকে ছাত্ৰ- ছাত্ৰীসকলক আদর্শ আৰু গুৰুত্বৰ যোগেদি এজন সৎ আদৰ্শৱান ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ বিচাৰিছিল। কিন্তু প্ৰকৃতিবাদ ইয়াৰ সম্পূৰ্ণ বিপৰীত। তেওঁলোকৰ মতে শিক্ষাত শিক্ষকৰ স্থান গৌণ। তেওঁলোকে ছাত্র-ছাত্রীক দূৰৰ পৰাই নিয়ন্ত্রণ কৰিব।সেয়েহে দেখা যায় যে দৰ্শনৰ বিভিন্ন সম্প্ৰদায় অনুযায়ী শিক্ষকৰ ভূমিকা পৃথক পৃথক যদিও এই ক্ষেত্ৰত দৰ্শনৰ ভূমিকা গুৰুত্বপূৰ্ণ।
     শিক্ষক-শিক্ষয়িত্রী সকলৰ ইংৰাজী প্রতিশব্দ (Teacher) টোৰ ওপৰত এগৰাকী বিশিষ্ট শিক্ষাবিদে ব্যাখ্যা দাঙি ধৰিছে। “Teacher” শব্দটো সম্পূৰ্ণ অর্থ হ'ল
T—Tactfulness,(চতুৰতা) 
E—Efficency,(দক্ষতাসম্পন্ন)
A—Ability,(ক্ষমতাশৈলী)
C—Character,(চৰিত্র)
H—Humour,(হাস্যৰস)
E—Eloquency,(বাগ্মিতা)
R—Readiness,(প্ৰস্তুতাৱস্থা)
       গতিকে এজন ভাল গুণেৰে পৰিপূর্ণ শিক্ষক হ'ব লাগিব চতুৰ, দক্ষতাসম্পন্ন, সকলো দেশতে ক্ষমতাশালী, সৎ চৰিত্রবান, যিকোনো বিষয়তে হাস্যৰস সৃষ্টি কৰিব পৰা সামৰ্থ্য থাকিব লাগিব, বাকচতুৰতা আৰু সকলো দিশতে প্ৰস্তুতাৱস্থামুখী হ'লেহে প্ৰকৃত শিক্ষকৰ গুণৰ অধিকাৰী হ'ব পাৰিব।সেয়েহে শিক্ষকেই শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। 


    ✏️  লোকেন্দ্র কুমাৰ দাস 
অসমীয়া বিভাগ তথা চিকিৎসা বিজ্ঞান ছাত্র। লগতে শিৱসাগৰ জিলাৰ সাহিত্য সমাজৰ সাধাৰণ সম্পাদক ,শিৱসাগৰ অসম। 
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)