শিক্ষক দিৱসৰ চমু অৱলোকন

Rinku Rajowar
0
শিক্ষক সকলৰ মহান লক্ষ্য হ’ল যুৱ সম্প্ৰদায়ৰ মন প্ৰজ্বলিত কৰা ৷ শিক্ষকৰ ভূমিকা জখলা ডালৰ নিচিনা ৷ এই জখলা ডালি দিয়েই সকলো মানুহ জীৱনৰ উচ্চ ধাপলৈ আৰোহণ কৰে ৷ কিন্তু জখলা ডাল য’তে আছিল তাতে থাকে ৷ পৃথিৱীত এনে কোনো বৃত্তি নাই যিটো শিক্ষকতাতকৈ সমাজৰ বাবে মহত্ত্বপূৰ্ণ ৷

   মানুহৰ জীৱনটোক গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষকৰ বেছগধুৰ দায়িত্ব আছে ৷ ল’ৰা ছোৱালীৰ চৰিত্ৰৰ গঢ় দিয়া আৰু শিশুৰ শিক্ষাৰ সামৰ্থ্যক বৃদ্ধি কৰাৰ বাবে মূল্যবোধ সঞ্চাৰিত কৰাটোৱেই শিক্ষাৰ লক্ষ্য হোৱা উচিত ৷ তেওঁলোকৰ অন্তৰত এনে আত্মবিশ্বাসৰ জন্ম দিয়া হয় যাতে ছাত্ৰজন উদ্ভাৱক আৰু সৃষ্টিশীল হ’ব পাৰে ৷ শিক্ষক সকলে ছাত্ৰ ছাত্ৰীক শিকাৰ পদ্ধতি শিকাব লাগে ৷ সৰ্বপল্লী ৰাধাকৃষ্ণনে শিক্ষক সকলক এই বুলি উপদেশ দিছিল = আমি সততে বৌদ্ধক নিষ্ঠা আৰু বিশ্বজনীন দয়া - মমতাৰ অন্বেষণ কৰিব লাগে ৷ এই দুটা গুণেই প্ৰকৃত শিক্ষক এজনক চিহ্নিত কৰে ৷ শিক্ষক সকল দেশৰ ৰাজহাড় ৷ তেওঁলোক একো একোটা স্তম্ভ , যাক নিৰ্ভৰ কৰি দেশৰ আশা ,আঙ্কাক্ষ্যা বাস্তৱতালৈ ৰুপান্তৰিত হয় ৷

  শিক্ষকে জ্ঞান দিয়ে আৰু বৃহৎ স্বপ্ন আৰু লক্ষ্যৰে বিদ্যাৰ্থী সকলৰ জীৱন গঢ়াত সহায় কৰে ৷শিক্ষকে বিদ্যাৰ্থীৰ মনত আত্মবিশ্বাস জগায় আৰু শিক্ষা আৰু শিক্ষণ পদ্ধতিৰ জৰিয়তে তেওঁলোকৰ মনত “ মই কৰিব পাৰিম ” এনে এটি মনোবল জন্ম দিয়াত সহায় কৰে ৷

  ড° ৰাধাকৃষ্ণন আছিল এগৰাকী শিক্ষক আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৷ তেওঁৰ জন্ম ৫ ছেপ্তেম্বৰ দিনাখন ৷ তেখেতে জন্মদিন পালন কৰিবলৈ যোৱা মানুহবোৰক এইবুলি প্ৰত্যাখ্যান কৰিছিল যে , সেইদিনটো শিক্ষক দিৱস হিচাপেহে পালন কৰাটো প্ৰশংসনীয় হ’ব ৷এনেকৈয়ে প্ৰতিবছৰে ৫ ছেপ্তম্বৰ দিনা শিক্ষক দিৱস  পালন পিতৃ - মাতৃ আৰু বিদ্যাৰ্থী সকলোৱে অংশ গ্ৰহন কৰিব লাগে ৷
   প্ৰকৃতাৰ্থত শিক্ষা হ’ল সত্যৰ অন্বেষণ আৰু শিক্ষক তাৰ কেন্দ্ৰীয় ভিত্তি স্বৰূপ ৷ 
  বিদ্যাশিক্ষা যদি উদ্দেশ্যধৰ্মী হয় ,সৃজনী প্ৰতিভা হ’ব প্ৰস্ফুলিত ৷ সৃজনী প্ৰতিভা যদট প্ৰস্ফুলিত হয় চিন্তাধাৰায়ো নিৰ্গত হ’ব ৷ চিন্তাধাৰা যদি নিৰ্গত হয় জ্ঞানৰ দ্যুতি যদট বিকিৰিত হয় অৰ্থ ব্যৱস্থাও হ’ব জয় জয় ময় ময় ৷

সৰ্বপল্লী ৰাধাকৃষ্ণৰ মতে-“ আমি যি ধৰণৰ সমাজ নিৰ্মাণ কৰিব বিচাৰো সেই ধৰণৰ শিক্ষা প্ৰদান কৰিব লাগে ৷ মানুহৰ মৰ্য্যদা আৰু সমতাৰুপে মূল্যবোধৰ আধাৰত আমি আধুনিক গণতন্ত্ৰৰ ভাটা নিৰ্মাণৰ বাবে কাম কৰি আছোহক ৷ এইবোৰ আদৰ্শ বা মূল, সি বোৰক আমি জীৱনী শক্তিলৈ ৰুপান্তৰিত কৰিব লাগিব ৷
 ”

    অধ্যক্ষ , শিক্ষাগুৰু আৰু পিতৃমাতৃৰ সমন্বিতে প্ৰভাৱ বা প্ৰেৰণাৰ জৰিয়তেহে বিদ্যাৰ্থীসকলৰ শ্ৰেষ্ঠ সৃষ্টিশীলতাৰ প্ৰকাশ ঘটিব ৷শিক্ষক সকলে যাতে ল’ৰা-ছোৱালীৰ উৎকৃষ্ট গুণখিনি উলিয়াই আনিব পাৰে ৷সেই ধৰণে শিক্ষাদান কৰাটো অধ্যক্ষই নিশ্চিত কৰিব লাগিব ৷ বিদ্যালয় সমূহৰ শৈক্ষিক কেন্দ্ৰ হোৱাৰ সলনি জ্ঞান আৰু দক্ষতাৰ কেন্দ্ৰ হ’ব লাগিব ৷

🖋️দেৱশ্ৰী ওজা বৰা
বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)