ৰবিদাস সমাজৰ ওপৰত এক চমু অৱলোকন



 ৰবিদাস সমাজৰ অধিকাংশই চাহ বাগিছাৰ শ্ৰমিক আৰু অন্য একাংশ চামৰাৰ ব্যৱসায়ি। এই পেশাৰ ভিতৰত গাড়ীৰ হুড বা চিটৰ লগতে চামৰাৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে-ঢোল,খোল,মাডল, ঢাক,ডবা, নেগেৰা,তাবলা,দোতৰাৰ লগতে জোতা,চেন্দেল,বেগ আদি মেৰামতি আৰু নিৰ্মাণেই প্ৰধান। কিছুসংখ্যক লোকে গাঁও বা বস্তিত থাকি কৃষিকেই জীৱিকা হিচাবে গ্ৰহণ কৰি আহিছে। বৃটিছৰ আমোলত ইয়াণ্ডাবু সন্ধিৰ পাছত বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যৰ পৰা ৰবিদাস সম্প্ৰদায়ৰ লোক সকলকো ঠগ প্ৰবঞ্চনাৰ মায়াজাল তৰি অন্যান্য লোকসকলৰ লগত অসমলৈ অনা হৈছিল।এই লোকসকলে স্হানবিশেষে ৰবিদাস, ৰহিদাস, ৰুহিদাস,দাস,ৰাম, হৰিজন আদি বিভিন্ন উপাধি লিখিবলৈ ললে।এই লোকসকলৰ কুলগুৰু সন্ত শিৰোমণি গুৰু ৰবিদাসদেৱ আছিল আৰু সেয়ে এই লোকসকলক ৰবিদাসীয়া বা ৰবিদাস সম্প্ৰদায় বুলি জনা গৈছিল। পিছলৈ বেলেগ বেলেগ ধৰ্মীয় পন্হা গ্ৰহণ কৰিলেও এই লোকসকলে নিজ কুলগুৰু ৰবিদাসদেৱক চিৰস্মৰণীয় কৰি ৰাখি উপাধি হিচাপে নিজৰ গুৰু জনাৰ নামটোকে লিখিবলৈ ললে।                     আদিবাসী তথা দলিত অৱহেলিত ৰবিদাস সম্প্ৰদায়ৰ এই লোকসকল অনুসূচিত জাতিৰ  মুচি বা ৰিচি উপজাতিৰ অন্তৰ্গত।ৰবিদাস সম্প্ৰদায়ৰ লোকসকল অনুসূচিত জাতিৰ হৈয়ো অনুসূচিত জাতিৰ উন্নয়নমূলক আঁচনিৰ পৰা বঞ্চিত হৈ অহা দেখা গৈছে। অনুসূচিত জাতিৰ প্ৰায় 30%জনসংখ্য়াৰ ৰবিদাস সম্প্ৰদায়ৰ উপযুক্ত ব্যক্তিসকলো অনুসূচিত জাতি উন্নয়ন পৰিষদৰ (sc welfare board) সভাপতি পদৰ পৰা প্ৰায় অৱহেলিত হৈ আহিছে। আনকি পূৰ্বৰ চৰকাৰৰ শেষতীয়া কাৰ্যকালত ৰাজ্যিক ভিত্তিত গঠিত অনুসূচিত জাতি উন্নয়ন কাউন্সিলটো ৰবিদাস সম্প্ৰদায়ৰ এজনো প্ৰতিনিধি নৰখা কথাটোৱে ৰবিদাস সম্প্ৰদায়ক চৰকাৰী ব্যৱস্থা ৰ অৱহেলাৰ এক উদাহৰণ বুলিব পাৰি। বৰ্তমান অনুসূচিত জাতিৰ উন্নয়নৰ বাবে ৰাজ্যিক ভিত্তিত গঠিত সঞ্চালকমণ্ডলীটো ৰবিদাস সম্প্ৰদায়ৰ এজনো প্ৰতিনিধি নথকাটো জাতিটোৰ বাবেই দূৰ্ভাগ্যজনক। বিগত কালচোৱাত অনুসূচিত জাতি উন্নয়ন পৰিষদে বিতৰণ কৰা প্ৰতিলিপি যন্ত্ৰকে ধৰি অন্যান্য আঁচনিৰ হিতাধিকাৰী তালিকাত উজনি অসমত এজনো ৰবিদাস সম্প্ৰদায়ৰ লোক পৰিলক্ষিত নহ'ল।এই উন্নয়নমূলক আঁচনি সমূহত ৰবিদাস সম্প্ৰদায়ৰ প্ৰতি কণা হাহঁক পটান দিয়াৰ দৰে মনোবৃতি লোৱা দেখা যায়।     আনহাতে চাহ জনগোষ্ঠীৰ দশম মান শ্ৰেণী উত্তীৰ্ণ আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে থকা বৰ্তমানৰ   বিশেষ আঁচনি ক্ৰমে 10000/টকা আৰু 17000/টকাকে ধৰি স্বনিয়োজনৰ  শ্বহীদ দয়াল দাস পানিকা , শ্বহীদ মাংৰী ওৰাং আদি  বিভিন্ন আঁচনিৰ পৰাও ৰবিদাস সম্প্ৰদায়ৰ যুৱক যুৱতী সকলক বিভিন্ন ঠাইত বঞ্চিত কৰি অহা দেখা গৈছে। পূৰ্বতে চাহ জনজাতি উন্নয়ন বিভাগৰ পৰা অহা আঁচনি সমূহত ৰবিদাস সম্প্ৰদায়ৰ লোক সকলক বঞ্চিত কৰা দেখা নগৈছিল।                      চাহ বাগিছাৰ একে পৰিৱেশ পৰিস্থিতিৰ মাজত বসবাস কৰা হেতুকে চাহ জনগোষ্ঠীৰ আন সম্প্ৰদায়ৰ ৰীতি-নীতিৰ লগতে ভাষা কৃষ্টি সংস্কৃতিৰ বিশেষ পাৰ্থক্য ৰবিদাস সম্প্ৰদায়ৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়।আন সম্প্ৰদায়ৰ দৰে ৰবিদাস সম্প্ৰদায়ৰ মাজতো 7টা বিভিন্ন গোত্ৰ আছে।কাশ্য়প গোত্ৰৰ লোকে কাশ্য়প বা কাছ আৰু বৰাহ গোত্ৰৰ লোকে বৰাহ বা গাহৰি আদি খোৱাৰ পৰম্পৰা নাছিল। বৰ্তমান সময়ত গোত্ৰৰ মাজত একো ভেদাভেদ নাৰাখি সম্প্ৰদায় হিচাপেহে লোকসকল একত্ৰিত হৈ আছে।বিয়া বাৰুৰ ক্ষেত্ৰত কেৱল নিজৰ সম্প্ৰদায়ৰ ল'ৰা ছোৱালীৰ মাজতহে হোৱাৰ নিয়ম প্ৰচলিত হৈ আছে। বিশেষকৈ ৰবিদাস উপাধিধাৰীৰ মাজতেই বিয়া বাৰু হৈ আহিছে যদিও আজিকালি ৰুহিদাস বা  ৰহিদাস, সৎনামী, ৰাম, হৰিজন আদি উপাধিধাৰী স্বগোষ্ঠীয় লোকৰ লগতো ক্ৰমাৎ বিবাহ কাৰ্য্য হৈ আহিছে।আন সম্প্ৰদায়ৰ লগত অনানুষ্ঠানিক ভাবে বিবাহ সম্পন্ন হ'লে সমাজৰ পৰা সাময়িক ভাৱে বহিষ্কৃত হব লগা হয়।পুনৰ সমাজৰ লগত ল'বলৈ নিজৰ সমাজৰ খেল বা গোটৰ মুখিয়াল বা গাঁওবুঢ়াৰ লগত পৰামৰ্শ কৰি নিৰ্দিষ্ট দিনত ওচৰ  পাজৰৰ 10/12খন সমাজৰ মুখীয়াল বা চৌধাৰীক মাতি ভোজ ভাত খোৱাই দণ্ড ভৰি ৰাইজৰ পৰা উদ্ধাৰ পাবলগীয়া নিয়ম আছে।এই প্ৰথাক বাঈচী বা বাৰগঞা বা উদ্বাৰণী বুলি কোৱা হয়। আজিকালি স্হানবিশেষে এই নিয়মৰ কিছু সংশোধনী হৈ কেৱলমাত্ৰ নিজৰ সমাজৰ ওচৰত শৰণাপন্ন হৈ নিৰ্দিষ্ট দণ্ড ভৰি সমাজৰ লগত লোৱা দেখা যায়। স্হানবিশেষে আন সম্প্ৰদায়ৰ লগতো দৰা কণ্যা দূয়োঘৰৰ সন্মতিত আনুষ্ঠানিক ভাৱে সমাজৰ আলোচনা মৰ্মে হোৱা বিৱাহে বৈধতা লাভ কৰিছে। চাহ জনগোষ্ঠীৰ অন্যান্য লোকসকলৰ দৰে সাদ্ৰী, খৰঠা আদি ভাষাই ৰবিদাস সম্প্ৰদায়ৰ মাজত প্ৰচলিত। অৱশ্যে নগৰ উপনগৰ সমূহত থকা ৰবিদাস সম্প্ৰদায়ৰ লোক সকলৰ ঘৰুৱা ভাষা ভোজপুৰী বা হিন্দী আৰু এই লোকসকলৰ বেছিভাগ লোক উত্তৰ প্ৰদেশৰ আৰা জিলাৰ পৰা অহা বুলি জনা যায়।                                             নগৰৰ লগতে কিছু অঞ্চলত ৰবিদাস সম্প্ৰদায়ৰ লোকসকল উত্তৰ ভাৰতৰ আধ্যাত্মিক গুৰু 108 স্বামী শ্ৰী শ্ৰী শিৱনাৰায়ণ দেৱ প্ৰৱৰ্ত্তিত বৈষ্ণৱ ধৰ্মৰ অনুগামী হোৱাৰ বাবে আধ্যাত্মিক কাম-কাজৰ লগতে ৰীতি-নীতি আদিত এক সুকীয়া পৰম্পৰা আছে।এই ধৰ্মৰ অনুগামী সকলক  সন্ত আৰু গুৰুধাম মন্দিৰৰ পুৰোহিত বা প্ৰধানজনক মহন্ত বুলি জনা যায়।এই ধৰ্মৰ অনুগামী সকলক সন্তৱালী বা সাতোঁৱালী বুলি কোৱা হয়।এই পন্থাৰ লোকসকলে পৰস্পৰক বন্দেগী বুলি সম্ভাষণ কৰে আৰু এই শব্দৰ অৰ্থ হৈছে প্ৰনাম বা নমস্কাৰ। ৰবিদাস সম্প্ৰদায়ৰ ব্যক্তি তথা ভাৰতৰ প্ৰাক্তন উপপ্ৰধান মন্ত্ৰী প্ৰয়াত বাবু জগজীৱন ৰাম এই ধৰ্মত দীক্ষিত আছিল। ৰবিদাস সম্প্ৰদায়ৰ একাংশ লোক অনুকুল ঠাকুৰদেৱৰ জয়গুৰু ধৰ্মত দীক্ষিত হোৱাৰ বিপৰীতে একাংশ শঙ্কৰদেৱ সঙ্ঘ বা পত্ৰৰ গোসাঁইৰ ওচৰত শৰণ ভোজন লোৱা দেখা যায়। আনহাতে একাংশ লোক সৎপাল মহাৰাজৰ মানৱ ধৰ্মৰ অনুগামী।আজি অলপ দিনৰ পৰা পঞ্জাবৰ আধ্যাত্মিক গুৰু 108স্বামী শ্ৰী শ্ৰী নিৰঞ্জণ দাসদেৱ প্ৰৱৰ্ত্তিত ৰবিদাসীয়া ধৰ্মই ৰবিদাস সম্প্ৰদায়ৰ মাজত এক ধৰ্মীয় আলোড়নৰ সৃষ্টি কৰিছে।ৰবিদাসীয়া ধৰ্মত কুলগুৰু ৰবিদাসদেৱক আৰাধনা কৰা হয় আৰু ৰবিদাসদেৱ বিৰচিত বাণী বা দোহা সমূহ শ্ৰৱন কীৰ্তন কৰা হয়। এই ধৰ্মত দীক্ষিত লোকসকলে পৰস্পৰক জয় গুৰুদেৱ বুলি সম্ভাষন জনায় আৰু প্ৰতিসম্ভাষন হিচাপে ধন গুৰুদেৱ বুলি কোৱা হয়। অৱশ্যে গুৰু ৰবিদাসদেৱক আৰাধ্য দেৱতা বুলি আদি ধৰ্মতো মানি অহা দেখা যায় আৰু এই ধৰ্মৰ অধীনত পশ্চিম বংগ, উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যত গুৰু ৰবিদাসদেৱৰ মন্দিৰ দেখা যায়। ৰবিদাসীয়া ধৰ্ম আৰু আদি ধৰ্মত দীক্ষিত নহ'লেও অতীতৰ পৰাই ৰবিদাস সম্প্ৰদায়ৰ লোকসকলে নিজ কুলগুৰু সন্ত শিৰোমণি ৰবিদাস দেৱক ভক্তি প্ৰনিপাত জনাই পবিত্ৰ মাঘী পূৰ্ণিমা তিথিত গুৰুজনাৰ জন্মোৎসৱ উদযাপন কৰি গৌৰৱবোধ কৰি আহিছে।                                   ‌ ‌‌‌                                 নগৰত অৱস্থিত ৰবিদাস সম্প্ৰদায়ৰ প্ৰায় সকলো লোকেই হিন্দু ধৰ্মৰ আন উৎসৱৰ লগতে মূলতঃ সূৰ্য ষষ্ঠী ব্ৰত বা ছঠ পূজা পালন কৰা দেখা যায়। অৱশ্যে গাঁও বা বাগিছাৰ ৰবিদাস সম্প্ৰদায়ৰ লোকসকলৰ মাজত ইয়াৰ প্ৰভাৱ সীমিত ৰূপত আছে। বাগিছাৰ লোকসকলে আন চাহ জনগোষ্ঠীৰ দৰেই কালী পূজা,দূৰ্গা পূজা, ডাঙৰীয়া পূজা,গ্ৰাম পূজা,আষাড়ী পূজা, বাৰী পূজা, সীমা পূজা,ভূত বা পূৰ্ব পুৰুষৰ পূজা, কৰ্ম পূজা আদি বিভিন্ন পূজা পৰৱ পালন কৰি আহিছে। অৱশ্যে ৰবিদাস সমাজৰ শঙ্কৰী সংস্কৃতিৰ অনুগামী আৰু ৰবিদাসীয়া ধৰ্মত দীক্ষিত লোকসকলে এই বিভিন্ন দেৱ-দেৱীৰ পূজা পাৰ্বনসমূহৰ পৰা দূৰত্ব বজাই ৰাখে।                   যাই কি নহওঁক।আজি ৰবিদাস সম্প্ৰদায়ৰ মাজত আমোলা,বিষয়া, চিকিৎসক, অধিবক্তা, অধ্যাপক, সাহিত্যিক, সাংবাদিক আদি ওলাইছে যদিও এই লোকসকলৰ বেছিভাগেই সমাজখনৰ মূল সূতিটোৰ পৰা দূৰত্বত অৱস্থান কৰাটো উদ্বেগজনক বিষয়। আশাকৰোঁ অনাগত দিনবোৰত এই উচ্চ পদস্থ প্ৰতিষ্ঠিত লোক সকলে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি বা সামাজিক সংগঠনৰ লগত জড়িত হৈ দেহেকেহে ৰবিদাস সমাজখনৰ উন্নয়নৰ অংশীদাৰ হ'ব।

🖋️‌‌‌পঙ্কজ ৰবিদাস
ৰঙামাটি, দেৰগাঁও  

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send