সৰ্বেপল্লী ৰাধাকৃষ্ণণ (এটি শিশু-কবিতা )

©Admin
0


শান্ত চকু এযুৰিৰে জ্ঞানোদীপ্ত এখনি মুখ।
পিন্ধনত ধুতি,মূৰত পাগুৰি আৰু গাত  এটি কোট।।

এইয়াই আমাৰ চিনাকী 'ভাৰতৰত্ন' সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ চিৰপৰিচিত ছবি।
বিশ্ব -বিশ্ৰুত দাৰ্শনিক, শিক্ষক,সুবক্তা,লেখক,ও স্বাধীন ভাৰতৰো আছিলে  ৰাষ্ট্ৰপতি ।।

তিৰুতানিত জন্মগ্ৰহণ কৰি স্বকীয়  প্ৰজ্ঞাৰে  উজ্বলালা দেশ মাতৃৰ প্ৰতিচ্ছবি সমগ্ৰ ধৰাত।
প্ৰতিষ্ঠা কৰিলা ভাৰতীয় দৰ্শনৰ  গৰিমা  বিশ্বৰ মজিয়াত।।

ওঠৰশ আঠাশী চনৰ পাঁচ চেপ্তেম্বৰত জন্ম তোমাৰ। 
উদাৰ অন্তৰ আৰু মহানতাৰে শ্ৰদ্ধাৰ পাত্ৰ আমাৰ।।

 আমাৰ দেশত তোমাৰ জন্মদিন পালন কৰা হয় 'শিক্ষক দিৱস 'ৰূপে।
 আমি কণকণ , তোমাৰ আদৰ্শক পাথেয় কৰিম আমি  যুগে-যুগে।।



🖋️গায়ত্ৰী দেৱী বৰঠাকুৰ
      তেজপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)