এই ঘটনা কৰ্ণাটক ৰাজ্যৰ ৷ য’ত বিশ্ববিদ্যালয়ৰ গোট পৰীক্ষাত এজন ছাত্ৰই অৰ্থশাস্ত্ৰ বিষয়ৰ পৰীক্ষাত PUBG ৰ সম্পূৰ্ণ নীতি নিয়মকে লিখি থৈ আহিছিল ৷
ছাত্ৰজন এটা সময়ত পঢ়াত বৰ চোকা আছিল এটা সময় আছিল যেতিয়া ছাত্ৰজন প্ৰতিটো পৰীক্ষাতে সৰ্বাধিক নম্বৰ লাভ কৰি সুখ্যাতিৰে উতিৰ্ণ হৈছিল ৷
যেতিয়াৰ পৰা তাৰ জীৱনত PUBG গেমে প্ৰৱেশ কৰিছিল তেতিয়াৰ পৰাই ছাত্ৰজন ছাত্ৰ জীৱনৰ কৰ্তব্য আৰু নিজৰ লক্ষ্যক পাহৰি PUBG ক মহত্ত্ব দিবলৈ ধৰিছিল ৷ ৷
সি দিনেৰাতিয়ে য'তে ত’তে PUBG খেলাত ব্যস্ত হৈ পৰিছিল ফলত অবিভাৱকে খঙত মবাইল কাঢ়ি লৈছিল আৰু ল’ৰাজন মানসিক ৰোগগ্ৰস্ত হৈছিল শেষত সি বুজি পাইছিল যে PUBG কিমান বেয়া গেম মানুহ জীৱনক ধবংসৰ পথত লৈ যায় ৷
গতিকে এই খণ্ডত পঢ়িবলৈ পালে যে PUBG এক মাৰাত্মক গেম যি মনোৰঞ্জনৰ নামত নৱপ্ৰজন্মৰ জীৱনৰ লগত খেলিছিল সেয়হে ভাৰতত যাতে পুনৰ PUBG ৰ পদাৰ্পণ নহয় সেইয়াই মনোকামনা থাকিল ৷ আন এটি খণ্ডত আলোচনা কৰিম PUBG গেমৰ নিচাত পানী বুলি এচিড খাই পেলোৱা নৱযুৱকজনৰ বিষয়ে ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ