সেউজীয়া বাঁহী

বৰ বেছি ধুনীয়া এজন নালাগে দে..
তই হʼলেই হ'ব।
চুলি দীঘল যদিয়ো একো নাই..
একোচা কৰি বান্ধি থবি।...
দাৰিৰ গোফঁ কাহানিও নাকাটিলেও..
বজাবতো পাৰিবি বাঁহী ৷
দিখৌৰ কাষৰ গছৰ ছাঁত নালাগে বজাব বাঁহী,
তই‌ তাতেই বহিবি আহি 
জেকা পিৰালিৰ কাষৰত চালপিৰাখন পাৰি।
বেৰৰ কাষত ওলমি থকা মোৰ সেই
চাদৰৰ আচলখন টানি
অʼ তই তাতেই বহিবি আহি
মায়াময় নীলিম কৃষ্ণ হৈ নালাগে আহিব ভাহি..
ভঙা পঁজাৰ কঙাল দেহাই  বুলাবি সেউজীয়া বাঁহী।



                                     
📝লক্ষ্যজ্যোতি মৰাণ
 জিলা: তিনিচুকীয়া

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send