দৰিদ্ৰতাও এক অভিশাপ

সদায়ে পূৱাৰ
ৰ'দ কাঁচলি বুকুত বান্ধি
প্ৰাপ্তি অপ্ৰাপ্তিৰ 
আশা নিৰাশাৰ দোমোজাত
ঘূৰি ফুৰোঁ

জীৱনটো উদেশ্য বিহীন নাছিল 
তথাপিও কিয় জানো 
এখন ভগ্ন দাপোন হাতৰ পৰাই নুগুচা হল ৷

অজস্ৰ চেকা পিন্ধি যাৰ জন্ম
তাৰ জানো নিৰ্বান পথ খোলা
ইহ সংসাৰত ..

সন্ধ্যা তৰাক প্ৰশমিত কৰা উপায়
কোনো দিনে ভৱা নাই,
তথাপিও বিচাৰো জোনাক হবলৈ
জোনবাই পৃথিৱীত ।
স্বপ্ন আৱেশত মাতাল দুচকুৰ আকুলতা 
অস্থিৰ উৰ্মিমালাত বিলুপ্ত হয় প্ৰতিনিয়ত 
বিচৰা বোৰ বন্দী হয় পঁচা শামুকৰ 
খোলাত ।

জুই জ্বলে পেটত
জুই জ্বলে মনত
জুই জ্বলে হৃদয়ত ।

ক্ৰমাৎ শেলুৱৈ উঠে সকলো ঠিকনাত 
অৱশিষ্ট জকাঁৰ কামিহাড়ত জকমক কৰে
এটি ঠিকনা 
যাৰ নাম দৰিদ্ৰতা ।

                                 
📝জিতেন চেতিয়া 
      চাচনী 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send