সুখী মানুহ


সেইবোৰ মানুহেই সুখী
যি সুখৰ পিছত দৌৰা নাই কোনোদিন ৷

বিশ্বাসক কেতিয়াও বিশ্বাস নকৰি
অকলে খোজ কঢ়া মানুহবোৰ সুখী ৷

পোহৰত আন্ধাৰ হৈ থকা মানুহবোৰ
অসুখী!!
সুখী তেওঁলোক
আন্ধাৰতো যি পোহৰ ৷৷

✍️ শিৱানী বৰুৱা
মকৰং ফুলনি গাঁও, গোলাঘাট

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send