ৰচকী গাভৰু জনী

Rinku Rajowar
0
সোণাৰুৰ হালধীয়া হাঁহিত
ব্যাকুল হয় বাটৰ বাটৰুৱা পথিক ।
পুৱাৰ ৰ'দ্কাঁচিয়লিত উজ্জ্বল হয়
সোণাৰুৰ হালধীয়া হাঁহি ।
তাকে দেখি ৰচক্‌-পচক কৈ
যায় আমাৰ ৰচকি জনী ।
জিৰণি লয় সোণাৰুৰ তলতে বহি
তাই বিলীন হয়
সোণাৰুৰ হালধীয়া হাঁহিত ।
ৰঙিলী গাভৰু জনীয়ে মুক্ত মনেৰে
সোণাৰুৰ হাঁহি বোৰ
দুয়ো হাতে আকোৱালি লয় তাই বুকুত মাজত ।
ঠাই দিয়ে তাই নিভাঁজ হৃদয়ৰ 
তেজ ৰঙা কলিজাৰ এটা কোণত ।
উল্লসিত হয় তাই 
সোণাৰু হালধীয়া হাঁহিত ।

  🖋️বিনীতা বৰা
     হোজাই জিলা(লংকা-কাকী-3)
                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)