সেউজীয়া পথাৰখন
মোৰ অতি মৰমৰ
মোৰ দৃষ্টিত অতি মনোমোহা।
সচাঁই সেউজীয়া আঁৰত লুকাই আছে হেজাৰ হেজাৰ
কৃষকৰ সাধনা।
পথাৰৰ সেউজীয়াবোৰ চাই জীয়াই আছে
মানুহৰ মাজত মানুহ।
সেই পথাৰত পোতখাই আছে
শিপাহৈ মোৰ গাঁৱৰ
মাটিৰ মানুহ।
এই পথাৰত লুকাই থাকে
নিৰন্ন জনৰ যন্ত্ৰণা,ক্লান্ত মানুহৰ দুচিন্তা ।
এই পথাৰত বিচৰণ কৰি ফুৰে
মহান আৰু বিশাল অন্তৰ আত্মা।
সেউজীয়া পথাৰ খন
এদিন সোনালী হব
মানুহৰ মাজত মানুহৰ হাঁহি
বিৰিঙি উঠিব।
হিৰণ্য চেতিয়া গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ