দৰিদ্ৰতা (অণুগল্প)

Rinku Rajowar
0
ঘৰখনত ভায়েক-ভনীয়েকৰ সৈতে এটি ডাঙৰ পৰিয়াল।উপাৰ্জন কৰা ব্যক্তি মাথোঁ এজনেই- দেউতাক।ঘৰৰ ডাঙৰ ছোৱালী হিচাপে মইনাৰ বহুত দায়িত্ব। দেউতাক ও দিনে দিনে ৰোগীয়া হৈ আহিছে।মাক- দেউতাকে কেতিয়াও তাইৰ পৰা কোনো অভিযোগ পোৱা নাই।তাই কেতিয়াও অভিযোগ নকৰে যে দেউতাকে তাইৰ অভাৱবোৰ পূৰণ কৰা নাই। ঘৰখনৰ অভাৱ পূৰণ কৰাৰ বাবে তাইৰ মনে বিচৰা বহুত কথাই তাই প্ৰকাশ নকৰে।মাক - দেউতাকৰ কষ্টবোৰ বুজি তাই পঢ়া - শুনা ও ভালদৰে কৰি গৈছিল। তাইৰ  এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা।নিজৰ সামৰ্থ অনুযায়ী তাই সকলোধৰণৰ চেষ্টাই কৰিছিল।স্নাতক উত্তীৰ্ণ হোৱাৰ পাছতে তাই প্ৰশাসনিক বিভাগৰ পৰীক্ষা দিবৰ বাবে সাজু হৈছিল।মাক দেউতাকে ও তাকে ভাবি তাইক বিয়া দিয়াৰ কথা ভবা নাছিল।কিন্তু,দেউতাকে উপাৰ্জন কৰিব নোৱাৰা হৈ অহাৰ লগে লগে পৰিয়ালটো পোহ-পাল দিয়াত মাকৰ বহুত কষ্ট হৈছিল।সেইবাবে এখন ভাল ঘৰৰ ল'ৰা এজন পাই তাইক বিয়া দি দিয়াৰ সিদ্ধান্ত ল'লে।মাক - দেউতাকৰ কষ্ট বুজি আৰু দৰিদ্ৰ পৰিয়ালটিক সকাহ দিয়াৰ বাবে  তাইও সেই সিদ্ধান্তত সন্মতি জনালে।মাক - দেউতাকে  তাইৰ সেই আশা পূৰণ হবলৈ নাপাওঁতেই বিয়া দি দিলে।বিয়া হৈ গৈ তাই নিজৰ সেই আশা পাহৰি শাহু-শহুৰ আল-পৈচান ধৰিব লগত পৰিল। 

                                    🖋️  প্ৰিয়ংকা গায়ন
                                   নামতি, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)