এনেকৈ নিদিবা অন্তিম বিদায় দৃশ্য -( ১ )


এটি পুৱা,  শুকুলা ডাঁৱৰে ছানি  ধৰা

গগণ। উৰণীয়া বগলী এজাক আহি সন্মুখৰ শালি তলিত

 পৰিলহি । আৰম্ভ  হ'ল সিহঁতৰ অন্বেষণ। কোনোৱে পাইছে ,কোনোৱে আকৌ চলাইয়ে আছে অভিযান । এনেতে নিকটৱৰ্তী শালি পথাৰৰ কাষেদি যোৱা ৰাস্তাটিত ভুমুকি মাৰেহি যোগেশ্বৰ । অৰ্ধ পেণ্ট আৰু  এটি শুভ্ৰ কেচি গেঞ্জী পৰিধান কৰি অকলশৰে থৰ লাগি চায় ৰয় বগলীজাকলৈ। মনত উদ্ভাসিত হয় হাজাৰটা প্ৰশ্ন , কিন্তু প্ৰশ্নবোৰ মানসপটতে আসন দি আমন-জামনকৈ চাই ৰৈছে যেন এক গভীৰ পৰীক্ষণহে কৰি আছে। বগলীজাকক লৈ উদ্ভাসিত হোৱা প্ৰশ্নসমূহৰ অদ্বিতীয় উত্তৰ যোগেশ্বৰে উলিয়াব পৰা  নাই । সেয়ে গভীৰতাৰ পৰা গভীৰতালৈ অন্বেষণ চলাই বগলীজাকলৈ থৰ লাগি চাই ৰয়।

     ঘৰৰ পদূলি মুখৰপৰা যোগেশ্বৰক দেখি মই আগবাঢ়ি আহিলোঁ যোগেশ্বৰৰ

 ওচৰলৈ । কি অন্বেষণৰ হেতুকে যোগেশ্বৰে শালি পথাৰলৈ চাই আছে প্ৰথমাৱস্থাত মই কাণসাৰ দিয়া নাছিলোঁ ,ভাবিছিলোঁ কাৰোবাৰ বাবে ৰৈ আছে, হয়তো ক'ৰবালৈ যাব। গৈ ওচৰত পালোঁগৈ ।সুধিলোঁ--" 

অই , ক'লৈ যোৱা ।" 

  " তোৰ ওচৰলৈয়ে আহিছোঁ । "

 " তেন্তে ইয়াত ৰৈ আছা যে কিয় ? " 

 "বলিনৰ কাৰণে ৰৈ আছোঁ । সিও যাম বুলি  কৈছিল ।"

"মিছা কথা কৈছা দৰে লাগিছে কিন্তু ! ঠিক আছে বাৰু মানিলোঁ, মোৰ বাবে ৰৈ আছা,কিন্তু  মই তোমাৰ ওচৰলৈ আহি থকা দেখিও এষাৰো মাত নিদিলা যে । " 

 " গমেই নাপালোঁ, তই আহা । বাদ দে সেইবোৰ । অই চা চোন চা, সৌ বগলীজাকলৈ  চা । তোৰ মাতৰ মধুৰতাত আমি যেনেকৈ কাজিয়া কৰিলেও শান্ত হৈ যাওঁ । ঠিক আজি সৌ বগলীজাকেও মোৰ মনত কিবা দিছে অ' । কি দিছে কিন্তু নাজানোঁ । বগলীজাকলৈ চাই থাকোঁতে তই আহাও গম নাপালোঁ ,  বলিনকো মাতিবলৈ পাহৰি পেলালোঁ । অই চা চোন কি মজা লাগিছে ।"

     যোগেশ্বৰৰ কথা অনুসাৰে বগলীজাকলৈ চকু ফুৰাইছিলোঁ। বগলীজাকৰ দৃশ্যই মোৰ মনটোকো মুগ্ধ কৰিছিল । যোগেশ্বৰৰ দৰে ময়ো বগলীজাকৰ অন্বেষণৰ ওম ল'বলৈ বিভোৰ হৈ পৰিলোঁ । মোৰ মনত বগলীজাকৰ পাখীৰ কোবনি,  পাখী মেলি উৰি উৰি ওপৰলৈ তললৈ আহা -যোৱা কৰা ,যোৰা যোৰা কৈ প্ৰায় এফুট-দুফুটৰ আঁতৰে আঁতৰে পৰি থকা দৃশ্যই বহু প্ৰশ্নৰ উন্মেষণ কৰিছিল । কিন্তু উত্তৰ ভাবিলৈ সময় পোৱা নাছিলোঁ , কাৰণ যোগেশ্বৰে ইটোৰ পাছত সিটো প্ৰশ্ন সৃষ্টি কৰি মোৰ আগত উপস্থাপন কৰি গৈছিল ।

   " বগলী বগা,  গাখীৰ বগা আৰু বগা 

কি  ? ক' চোন তই ? "

  " চেনি " 

" মই জানোঙ্গ , তাই চেনি ক'বি বুলি । হ'ব দে তোৰ চেনিক লৈয়ে কৈছোঁ । চা সৌ বগলীবোৰে যোৰা পাতি বহি আছে । এযোৰ উৰিলে গোটেইবোৰ উৰে । চাগে সিহঁতি কথা পাতি মিলাই থৈছে ন , এটাই উৰিলে গোটেইবোৰ উৰিম বুলি । মানে সিহঁতি চেনি খাই আছে , হয় নাই  ? "

" কি চেনি খাই আছে ? সিহঁতে নো ক'ত তাত চেনি খাই থাকিবলৈ পাব ।বগলীয়ে জানোঁ চেনি খায় । পগলা হলি নেকি ? পগলা পগলা কথা কৈছা যে ।"

" মই অকৰা নে তই ? কেলেই কাঁইটীয়া, টনিকহঁতে কৰোবাত যোৰা পাতি বহি থাকিলে নকয় নেকি---অই তহঁতি চেনি খাই আছ নেকি বুলি ?  আৰু তোৰ কথা খিনি চেনি বুলি নকয় নেকি ?" 

        " মই হ'লে তোমাৰ কথাৰ অৰ্থ একোৱেই বুজি পোৱা নাই দেই । কি ক'ব বিচাৰিছা বহলাই বুজাই ক'লেহে বুজি 

পাম ।"

  " আমাতকৈ তয়ে দেখোন বেচি চোকা,  কেলেই বুজি নাপাবি । বাৰু কৈছোঁ শুন । বগলীজাকলৈ চাঁ । সিহঁতে জাক পাতি অলপ দূৰে দূৰে দুটা দুটাকৈ বহিছে । কিমান ধুনীয়া লাগিছে । মৰো মনটোৱে কাৰোবাৰ লগত তেনেদৰে বহিবলৈ মন যায় । ইজনে-সিজনৰ মনৰ বতৰা মৰম-চেনেহেৰে ভাগ-বতৰা কৰিছে । হয়তো মানুহৰ দৰেই জনমে জনমে একেলগে থকাৰ এক অংগীকাৰ লৈছে । চাঁ... চাঁ...একেলগে উৰিছে ।কি মজাকৈ আনন্দ উপভোগ কৰিছে । আকৌ পৰিছে চাঁ..... । সৌ হালক চাঁ.... । এটাই  চাগে মাছ পাইছে  - লগৰটোক মূৰ তুলি মাতিছে । চাঁ চাঁ কেনেকৈ ওচৰ চাপি গৈছে । দুয়োটাই একেলগে কেনেকৈ খুটিছে চাঁ। এতিয়া চেনি খোৱা মানে বুজিলি কি ? "

         কথাবোৰ প্ৰকাশ কৰোঁতে  যোগেশ্বৰৰ দুচকুত আৰু দুগালত ভাঁহি পৰিছিল এক নিৰাশাৰে আগুৰি ধৰা শোকৰ দৃশ্য। মই অনুভৱ কৰিছিলোঁ যে নিশ্চয় যোগেশ্বৰে মনত আমি একেলগে একেখন বিদ্যালয়ত পঢ়িবলৈ আসন নোপোৱা বাবে মনত দুখ কৰিছে । আমি প্ৰথম শ্ৰেণীৰপৰা একেলগে একেখন বেঞ্চতে বহি আঠটা শ্ৰেণী অতিবাহিত কৰি আজি নৱম শ্ৰেণীত উপস্থিত হৈছোঁহি । কিন্তু সময়ৰ তাগিদাত এতিয়া পৃথক হ'বলৈ গৈ আছোঁ । এদিন বগলীজাকৰ দৰে একেলগে বহিছিলোঁ, একেলগে একেখন পাততে টিফিনৰ সময়ছোৱাত আম , লিচু , নাৰিকল কাটি খাইছিলোঁ ।কিন্তু এতিয়া সময়ৰ গতিত গৈ গৈ সম্মুখত দুটি দিশত ধাৱমান হোৱা এটি বিশেষধৰণৰ স্থানত উপস্থিত হৈছোঁহি ; য'ৰ পৰা আমি পৃথকে পৃথকে গমন কৰিবই লাগিব । কোনো দিনে কল্পনা নকৰা এটি ঘটনা সংঘটিত হৈছে আমাৰ মাজত ।

একেখন বেঞ্চতে বহি খিলখিলাই শৈশৱকাল আৰু বাল্যকাল অতিক্ৰম কৰিলোঁ ।কিন্তু কৈশোৰ কালত তেওঁলোকৰ সৈতে একেখন বেঞ্চতে বহি আনন্দৰ মজা লোৱা মোৰ ভাগ্যত নাছিল। সপ্তম শ্ৰেণীৰ উত্তীৰ্ণ হোৱা পাছত ওচৰৰ চৰকাৰী হাইস্কুলকেইখনত পঢ়িবলৈ হ'লে প্ৰৱেশ (চিট) পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল । সীমিত আসন থকা হেতুকে বিদ্যালয়কেইখনে পৰীক্ষা অনুষ্ঠিত কৰি মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ সুবিধা প্ৰদান কৰিছিল। এই পৰীক্ষাই হৈ পৰিল আমাৰ কাল ।আমি সকলোৱে হাপজান চাৰি আলি হাইস্কুলে অনুষ্ঠিত কৰা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ । কিন্তু কপালৰ যি লিখন , তাৰে বহি:প্ৰকাশ হৈছিল শুক্ৰবাৰে হাপজান চাৰি আলি হাইস্কুলে অনুষ্ঠিত কৰা চিট(প্ৰৱেশ) পৰীক্ষাৰ ৰিজাল্টৰ ঘোষণাত । মনৰ দুখত কেৱল যোগেশ্বৰে নহয় বলিন,পৱিত্ৰ,সুৰভি,মাজনী,লিলিমাকে ধৰি ময়ো  দুখত ডুবি আছিলোঁ । ঘোষিত ফলাফলত মই  আৰু মাজনী উত্তীৰ্ণ হ'লোঁ যদিও যোগেশ্বৰ , বলিন,পৱিত্ৰ,সুৰভি,লিলিমাৰ হাতত পৰিল অনুত্তীৰ্ণৰ ফল । আমি একেখন বিদ্যালয়তে অধ্যয়ন কৰা মানসিকতা পুহি ৰাখিছিলোঁ যদিও বাস্তৱত এখন দেৱালে দুভাগ কৰিবলৈ প্ৰয়াস কৰিছে । শাওনৰ পথাৰত শালিধানৰ ওপৰত উপচি পৰা পানীৰ সদৃশ হ'ল আমাৰ হৃদয়কেইখন । ইজনে-সিজনৰ ফলে চালে কিবা ক'বলৈ খুজা যেন অনুভৱ হয় ।কিন্তু মনৰ সেই  ক'বলৈ খুজা ভাৱবোৰ বহি:প্ৰকাশ নঘটে, নিমিষতে ভাৱবোৰ মনৰ একোণত সাঁচ খাই ওলাই আহে মাথোঁ অন্য এক ভাষা । 

          হঠাতে মনত পৰিল আজি 

সোমবাৰ । আজি হাপজান চাৰি আলি হাইস্কুলত নৱম শ্ৰেণীৰ নামভৰ্তিৰ দিন । মাথোঁ এদিনেই দিন ধাৰ্য্য কৰা হৈছে । আজি নামভৰ্তি নকৰিলে পুনৰ সুবিধা নিদিয়া নিৰ্দেশাৱলী উল্লেখ কৰা আছে । সেয়ে আজি মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ দিন যে মই নামভৰ্তি কৰিম নে নকৰিম সিদ্ধান্ত লোৱাৰ অন্তিম ক্ষণ ।কিন্তু মোৰ মনে ফলাফল ওলোৱা দিনটোতে সিদ্ধান্ত লৈ পেলাইছিল যে যোগেশ্বৰহঁতে য'ত নামভৰ্তি কৰিব মই তাতে নামভৰ্তি কৰিম। যোগেশ্বৰহঁতকো কৈছিলোঁ যে মই তোমালোকৰ লগতে নামভৰ্তি কৰিম য'ত তোমালোকে কৰা। সিহঁতে কমাৰ গাঁও হাইস্কুলত নামভৰ্তি কৰিবলৈ আজি যোৱা কথা অৱগত কৰিছিল । সেয়ে ভাবিছিলোঁ সিহঁতি মোক এডমিছনৰ বাবে খবৰ দিবলৈ আহিছে । ভাবা অনুসৰি যোগেশ্বৰৰ মুখৰ পৰা উত্তৰ নাপালোঁ । সময়ে মোক হাপজান চাৰি আলি হাইস্কুলতে নামভৰ্তি কৰি ল'বলৈ বাধ্য কৰালে ।

   যোগেশ্বৰে লাহেকৈ বগলীজাকৰ পৰা চকু আঁতৰাই মোৰ ফালে চাই বলিনক চিঞৰি উঠিল  ---" বলিন, কি কৰিছ' ইমান

 দেৰি ?  সোনকালে আহ , মিণ্টু আহি ইয়াতে পালহি ।" 

 

  " কি হ'ল যোগেশ্বৰ ? কিবা হৈছে  

নেকি? " 

 

" নাই একো হোৱা নাই । আজি এডমিচন ক'ত লবি তই ? " 

"তোমালোকৰ লগতে কমাৰ গাঁও হাইস্কুলতেই ল'ম ।"

  

" মূৰ্খামী কাম কৰিবলৈ আহিছ । আমাৰ লগত তই তাত এডমিচন ল'ব নালাগে । তই কি নাজান নেকি ? তাত বেলেগ স্কুলৰ দৰে ভালদৰে ক্লাছ নহয় বুলি । আমাৰ কথা বেলেগ । আমি গাধা ল'ৰা । আৰু কিমান  দিন পঢ়িম । স্কুল এৰিমেই । ক'ৰবাত কাম কৰিবলৈ যাম । পঢ়িব নোৱাৰোঁ , চাকৰি-তাকৰিও নাপাওঁ , ক'ৰবাত হাজিয়া কৰিম । তইতো পঢ়াত চোকা । পাচ কৰিবি , চাকৰি কৰিবি , বহুত বহুত টকা পাবি । আমাকে হাজিৰা লগাবি হাঁ , বেলেগক নলগাবি । কিন্তু হাজিৰা কাম কৰাওঁতে  খানাটো ভালকৈ দিবি ।" 

        " হেই , তুমি যে আৰু কি কোৱা। অলিক সপোন ৰচিবলৈ বাদ দিয়া ।মোক থাততা কৰিব নালাগে । মই তোমালোকৰ লগতে লগাম ।একেলগে  যাম। পঢ়িলে য'তে হ'লেও পাৰিম । স্কুলৰ লগত কথা

 নাই ।ছাৰ-বাইদেউৱে কিমান পঢ়াই ,তাৰ লগতো কথা নাই ; কিন্তু কি কি পঢ়ালে সেইখিনিতে ধ্যান দিম । বাকীবোৰ নিজে পঢ়িম আক, বুজিলা ।"

        " মোৰ এটা কথা স্পষ্ট যে তই আমাৰ লগত এডমিচন ল'ব নোৱাৰ।আমি গোটেই তিনিটাই কথা পাতি থৈছোঁ , যদি তই কমাৰ গাঁও হাইস্কুলত নামভৰ্তি কৰ' , আমি স্কুলে এৰি দিম । আমাৰ বাবে সেইখনেই স্কুল আছে , আৰুতো ক'তো স্কুল নাই , আমি এডমিচন ল'ব পৰাকৈ স্কুল । ৰ' , বলিন আহি লওঁক । আজি ফাইনেল কৰিম ।" 

    " কি হ'ল নো তোমাৰ আজি  ? বৰ অবুক-তাবুক বকি আছা যে । হাপজানত ল'লে মই অকলশৰীয়া হ'ম । ইয়াত ল'লে তোমালোকৰ লগত আহা যোৱা কৰিব পাৰিম । ঘৰতো তোমালোকৰ লগতে ল'বলৈ  কৈছে । কি হ'বনো ল'লে ।" 

    " বচ্ ------ আৰু একো নকবি। তই মুঠতে হাপজানত  নাম লগাবই লাগিব । তই নুবুজ কেলেই । তাত নালাগে কৈছোঁঙ্গ নহয় , নালাগে । হাপজানতো অকলশৰীয়া নোহোৱা , মাজনী আছে নহয় । প্ৰথমে অকলশৰীয়া অনুভৱ কৰিলেও পাছত আমাক পাহৰিব পাৰিবি। তাত নতুন লগ পাবি নহয় । হয়তো আমাতকৈ ভাল লগো ওলাব। আমিনো কিতো , আমাৰ একোৱেই লাইফ নাই । বেছিকৈ নকওঁ , তই আমাৰ দৰে বেকাৰ হ'ব নালাগে । তই ভাল ল'ৰা , পঢ়াতো ভাল , সেইবাবেই এখন ভাল স্কুলত পঢ় । এনেইতো সদায় লগ পায়েই থাকিম । "

      " বুজিছোঁ মই , তোমালোকে মোক বেয়া পাইছাঁ । কিন্তু  ভুলটো মোৰ নাছিল । মই  যিমান পাৰোঁ দূৰৰ পৰা হ'লেও দেখুৱাইছিলোঁ।"

         বাৰ্তলাপৰ ক্ষণতে বলিন আহিল । বলিনে মাত দিয়ে ---"অ' মিণ্টু, তুমি আহিলা । আমি তোমালোকৰ ঘৰলৈকে যাম বুলি কথা পাতিছিলোঁ ।আজি এডমিচন আছে নহয় ন । আমি কমাৰ গাঁও হাই স্কুলতে এডমিচন ল'ম বুলি ঠিক কৰিলোঁ । যোগেশ্বৰৰে তোমাক সকলো ক'লেই চাগে

 ন । তুমি আমাৰ লগত নালাগে বুজিছাঁ । তুমি হাপজানতে নামটো লগাই ল'বা । এনেইতো সদায় লগ পায়েই থাকিম , নহয় জানোঁ । ভালদৰে পঢ়িবা । আমিনো কিতো , নামতহে আৰু স্কুল যোৱা ; একো নোৱাৰোৱেই দেখোন । নাম লগাবলৈ টকা জমা হ'ল নাই । " 

   " হ'ল । তোমালোকে মোক বেয়া পাইছা

 ন ? " 

 " হেইহ্ , নাই পোৱা । কিনো বেয়া পাম । আমি কিমান দিন স্কুল যাম থানথিক নাই । কিন্তু তুমি সুবিধা পালে বহুত পঢ়িব 

পাৰিবা । মোৰ বিশ্বাস আছে । তুমি আমতকৈ বহুত পঢ়িব পাৰা । তোমাৰ ৰিজাল্ট সদায় ভাল হ'ব । আৰু জানাই আমি পঢ়িবলৈ লোৱা স্কুলখনৰ কথা । মাহে মাহে মাচুল দিব লাগিব । আমাৰ মা -দেউতায়ে মাচুলবোৰ আমাক যোগাৰ কৰি দিব । আমি দিবলৈ সামৰ্থ্য হ'ম। আমি স্কুললৈ যাবলৈ সক্ষম হ'ম আৰু পাছ কৰিব নোৱাৰিলেই এৰি দিম । কিন্তু মাহেকীয়া মাচুলবোৰ তোমাক কোনে যোগাৰ কৰি

 দিব । তুমি ভাবি চোৱাঁ ।হাপজানলৈ গ'লে মাহেকীয়া মাচুলবোৰ নালাগে । তুমি পঢ়াত আগুৱাই যাব পাৰিবা। এদিন কলেজ যাব পৰা হ'বগৈ ।কিন্তু আমাৰ কপালত যে সেয়া আছে নে নাই নাজানোঁ। কাৰনো মন নাযায় , ভাল লগা মানুহবোৰৰ লগত একেলগে থাকিবলৈ । সেই বুলিয়েই সকলো সময়তে জানোঁ সম্ভৱ হয়। একেলগে থাকিলেই মৰম-ভাল পোৱাক প্ৰতিনিধিত্ব নকৰে । মৰম-ভাল পোৱা উজাৰি উঠিবলৈ প্ৰয়োজন হয় এখন মানৱতাৰ হৃদয়। তুমি আমাক ভাল পোৱা , আমি তোমাক ভাল পাওঁ---এয়া সদায় থাকিব যদি আমাৰ সঁচা হৃদয়ত মৰমৰ লতাডালে শিপাহ মেলি বগাই আহিছে । আমি পৃথক পৃথক স্কুলত পঢ়িলেই যে আমাৰ সম্বন্ধত ব্যাঘাত জন্মিব তেনে ধাৰণাক মনত পোখা মেলিবলৈ দিয়াটো ভুল । তুমি হাপজানতে এডমিচন লৈ ল'বা । আমি তোমাৰ লগৰ হিচাপে উচিত চিন্তাই কৰিছোঁ বুলি  মনত ভাবিছোঁ । তাত আমাৰ দৰে, হয়তো আমাতকৈ ভাল লগ পাবা । জীৱনৰ পলবোৰ সূৰুযৰ বৰ্ণালীৰ সদৃশ ভিন্ন ৰঙি । কিন্তু আমি অদৃশ্য পোহৰত সমলবিহীনভাৱে সাতো ৰঙক যেনেদৰে বিচাৰি হাবাথুৰি খালেও নাপাওঁ ; তেনেদৰে জীৱনটোত সময়ৰ গতিয়ে দি যোৱা পৰিস্থিতিৰ স'তে নিজকে খাপ খুৱাই ল'ব নোৱাৰিলে জীৱনটো নিৰৰ্থক হৈ ৰয় । " 

     মই যন্ত্ৰণাৰ সমুদ্ৰত ডুব গৈছিলোঁ । সিহঁতৰ পৰা আঁতৰ হোৱা আশা কেতিয়াও কৰা নাছিলোঁ। বলিনে কথাবোৰ কৈ যাওঁতে মোৰ মনত এটাই ভাবেই উদয় হৈ আছিল ইহঁতকো পাছ কৰাই নিদিলে কিয়  

ভগৱানে । মই বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ । এনে যেন লাগিছিল-মোৰ মূৰৰ ওপৰত এটি বিশাল বস্তু অতিক্ৰমিত হৈছে আৰু মই যেন তললৈ সোমাই সোমাই গৈ আছোঁ । শৰীৰৰ পৰা যেন কিবা এৰা খাই গৈছে ।" 

     বলিনৰ কথাৰ সুৰতে সুৰ মিলাই যোগেশ্বৰে ক'লে --" তই যদি ভবিষ্যতে কিবা এটা হ'ব পাৰ , আমাৰে ভাল লাগিব দে চোন । আমি  তোক ভাল পাওঁ বাবেইতো কৈছোঁ । চোৱা সৌ পথাৰখনলৈ । আমি চাই থাকোঁতে যোৰ পাতি পাতি কিমানবোৰ বগলী আছিল । এতিয়া মাত্ৰ এটা আছে । চাঁ ---- সি অকলে অকলে চাগে মাছ বিচাৰি ফুৰিছে । তাৰ কাম এই সময়ত  সি অকলে কৰিছে । নকৰিলে সি ভুকত থাকিব লাগিব । সি আকৌ তাৰ লগ-লগৰীবোৰক কাষত পাব , কিন্তু সম্মুখত দৌৰি থকা মাছবোৰক এৰি গ'লে হয়তো পাছত নাপাবও পাৰে ।তোক বুজাব পৰাকৈ মোৰ জ্ঞান নাই , তথাপিও ভাল পাওঁ বাবে চেষ্টা এটা কৰিছোঁ , (লগে লগে হাঁহি মাৰি কয় ) চিন্তা নকৰিবি দে , যি হয় ভালেই হয়। মই জানোঁ তুমি আমাৰ কথা শুনিবা ।"

            প্ৰৱিত্ৰ আহি উপস্থিত হয়হি । কয় -" তহঁতি ইয়াক কথাবোৰ বুজাই দিলি নাই । মোৰ বিশ্বাস আছে ই আমাৰ কথাবোৰ মানিব। নহ'লে কিহৰ লগৰ । আমাৰ লগত স্কুললৈ একেলগে গ'লেই লগৰ হ'ব নোৱাৰে , লগৰ হ'বলৈ আমাৰ কথাও শুনিব 

লাগিব । "

            " চোৱা , মিণ্টু । তুমি নলওঁ বুলি আৰু নক'বা । এতিয়া আমি যাওঁ । আমিও স্কুললৈ ওলাওঁগৈ , তুমিও ওলোৱাগৈ ।"  ---বুলি কৈ  বলিনে মোক সোঁ-হাতেৰে পিঠিত স্পৰ্শ কৰে।

            "  ঠিক আছে বাৰু, তোমালোকও ভালদৰে পঢ়িবাঁ ।"

            যোগেশ্বৰে পিঠিত ঢকা এটা দি কয় --"এতিয়াহে দৌষ্টি দৌষ্টি লাগিছে । অই তোৰ সপোনৰ দৌষ্টিক তাত লগ পাই যাবি যা । তেতিয়া কিন্তু পাহৰিলে কথা বেয়া হৈ যাব দেই । এতিয়া যাওঁ দে । আমাৰ এই বগলী মেল সদায় মনত থাকিব ।"

📝মিণ্টু দোলাকাষৰীয়া
ডিব্ৰুগড়

  

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send