হ'ল বিয়া উৰুলি দিয়া

©Admin
0
  উৰুলি , বাহ্ শুনিলে মনটো আনন্দৰে ভৰি পৰা এটা শব্দ কি মধুৰ তাৰ উদাৰ সুৰ | আয়তীসকলৰ দুই ও‌ঁঠৰ মাজৰ পৰা ওলাই এটা মধুৰ ঝংকাৰ তাৰ | এই শব্দই উপস্থিত সকলোকে মোহিত কৰিব পৰা শক্তিৰে সমৃদ্ধ হৈ এটা সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিছিল | তুলনি বিয়া , বৰ বিয়া , আদিত উৰুলি বাধ্যতামূলক আছিল | আমি যেতিয়া সৰু আছিলো তেতিয়া দেখিছিলো কেনেকৈ আয়তীসকলে উৰুলি দিয়ে , শুনিছিলো তাৰ সুৰ আৰু মনে মনে আমিও দিবলৈ চেষ্টা কৰিছিলো | আমি দেখিছিলো সেই অনুষ্ঠান সমূহত আইতা , জেঠাই , খুড়ীহঁতে কেনেকৈ উৰুলি দিছিল | ৰভাতলি ৰজনজনাই গৈছিল | শুনি ইমান ভাল লাগিছিল | তাৰ লগে লগে বিয়া নামসমূহ | যেন সোণত সুৱগা চৰিছিল | আজিকালি উৰুলি দিব নাজানে বোৱাৰীসকলে ,বেয়া লাগে | গাঁওসমূহত আগতে সুন্দৰকৈ বিয়া নাম গাব জনা একোগৰাকী বিশেষ মানুহ আছিল | যেতিয়া গাঁৱত কাৰোবাৰ ঘৰত বিয়াৰ আয়োজন চলিছিল তেতিয়া তেখেতৰ আদৰ বাঢ়ি গৈছিল | এটা বিশেষ সন্মানৰ আসন পাইছিল কাৰণ তেখেতে বিয়ানাম নাগালে বিয়াখন যেন উকা হৈ থাকিব | এই নামসমূহ তেখেতৰ জিভাৰ আগত আছিল | মনত পৰিছে সেই চিৰসেউজ কালজয়ী গীতটোলৈ...
     অ" হয়ে জেতুকী বাই
      চুলি তোৰ পকালি
      দাঁত তোৰ সৰালি
      পৰৰ ঘৰে ঘৰে
      নাম গুণ গাই 
      জেতুকী বাই.....
  এই জেতুকী বাই এতিয়া অনুষ্ঠানসমূহত দেখিবলৈ নাই আৰু সেই কাৰণেই উৰুলি আৰু বিয়া নামো নোহোৱা হ'ল আমাৰ মাজৰ পৰা | অৱশ্যে বেয়া লাগে অনুষ্ঠান শেষ হোৱাৰ পিছত জেতুকী বাইৰ খবৰ কোনেও নাৰাখে। এতিয়া উৰুলি দিয়া মানুহ এপাচি শাকত এটা জালুক দিবলৈকো নাই | সেই কাৰণে ৰভাতলিসমূহ উকা উকা লগা হ'ল | তুলনী বিয়া হয় , বৰ বিয়া হয় , পূজা হয় , কিন্তু উৰুলি পাবলৈ নাই | ক'ত জানো হেৰাই থাকিল সেই হৃদয় জুৰোৱা টান | আগতে কৈছিল হ'ল বিয়া উৰুলি দিয়া এতিয়া বিয়াহে হয় উৰুলি পাবলৈ নাই | অৱশ্যে ক'ৰবাত থাকিব পাৰে সেয়া আমাৰ অজ্ঞাত | বিয়াত বিয়া নাম নাই | তাৰ সলনি আমাৰ সংস্কৃতিলৈ আমদানি ঘটিল কিছুমান বিজতৰীয়া সংস্কৃতি | আজি কালি বিয়াৰ দিনটোত দৰা কইনাই একে লগে নৃত্য কৰা হ'ল। বিবাহ অনুষ্ঠানত সংগীতানুষ্ঠানৰ ব্যৱস্থা কৰা হ'ল | এনেবোৰ কৰ্ম-কাণ্ড আমাৰ পূৰ্বপুৰুষসকলে দেখিলে ঠাইতে মুচকচ গ'লহেতেন | পুৰণি সকলোবোৰেই লাহে লাহে বিলুপ্তিৰ পথত | ৰভা আছে উৰুলি নাই | যন্ত্ৰৰ দৰে সকলো চলিছে | সৰু থাকোতে বেলেগৰ বিয়াত আইতা , জেঠাই , খুড়ীহঁতে উৰুলি দিয়া দেখিছিলো ।কিন্তু নিজৰ বিয়াৰ ৰভাতলি উৰুলিবিহীন আছিল | জোৰা নাম দিয়া , বিয়ানাম দিয়া আয়তী পাবলৈ নাই |
   এনেদৰে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ উপাদানসমূহ বেয়া লগাকৈ আমি হেৰুৱাইছো | কেৱল নিজক হেৰুৱাই আনক আঁকোৱালি লোৱাৰ মানসিকতাই এফালৰ পৰা আমাক কোঙা কৰি আনিছে | এই প্ৰক্ৰিয়া অব্যাহত থাকিলে অচিৰেই আমি আমাক একেবাৰেই হেৰুৱাই পেলাম |
   আহক বন্ধুসকল সময় থাকোঁতেই , জোৰ পুৰি হাত পাৰ হৈ বাহু পালেহি যদিও পানী-দুনি ঢালি তাক নিৰ্বাপিত কৰি আমি আমাৰ নিজৰ চিনাকী বুকু ফিন্দাই দিবলৈ ঠিয় দিব পাৰো | আকৌ ক'ব পাৰো হ'ল বিয়া উৰুলি দিয়া ।

   🖋️  হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)